আজমলৰ দ্বাৰা পৰিচালিত চিকিৎসালয়ৰ তদন্তৰ বাবে গৃহ মন্ত্ৰালয়ক আহ্বান অসম বিধানসভাৰ উপাধ্যক্ষৰ
বদৰুদ্দিন আজমলৰ দ্বাৰা পৰিচালিত চিকিৎসালয় আৰু অন্যান্য মুছলমান প্ৰতিষ্ঠানত সন্ত্ৰাসবাদী ভাবুকিৰ তদন্ত কৰাৰ বাবে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয় আৰু অসম চৰকাৰক আহ্বান

Published : November 25, 2025 at 11:40 PM IST
নতুন দিল্লী : এ আই ইউ ডি এফৰ মুৰব্বী তথা পাৰফিউম বেৰন বদৰুদ্দিন আজমলৰ দ্বাৰা পৰিচালিত অসমৰ হোজাইৰ হাজী আব্দুল মজিদ মেম’ৰিয়েল হস্পিতালৰ তদন্ত কৰিবলৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয় আৰু অসম চৰকাৰক আহ্বান জনাইছে অসম বিধানসভাৰ উপাধ্যক্ষ ডাঃ নুমল মমিনে । চলিত মাহৰ আৰম্ভণিতে দিল্লীৰ লালকিল্লা অঞ্চলত সংঘটিত সন্ত্ৰাসবাদীৰ গাড়ী বোমা বিস্ফোৰণৰ পিছত ফৰিদাবাদৰ আল ফালাহ বিশ্ববিদ্যালয়ৰ সৈতে জড়িত “হোৱাইট কলাৰ সন্ত্ৰাসবাদী মডিউল” উন্মোচন হোৱাৰ পিছতে এই কথা প্ৰকাশ পাইছে ।
মঙলবাৰে ইটিভি ভাৰতৰ সৈতে হোৱা সাক্ষাৎকাৰত মমিনে কয় যে দিল্লীৰ বোমা বিস্ফোৰণৰ গোচৰত মুছলমান বিশ্ববিদ্যালয় আল ফালাহৰ একাধিক মুছলমান চিকিৎসক জড়িত থকাৰ পিছতো আমি অসমৰ বদৰুদ্দিন আজমলৰ হাজী আব্দুল মজিদ মেম’ৰিয়েল হাস্পতালত অনুৰূপ উপাদান নুই কৰিব নোৱাৰো ।
হোজাই জিলাৰ হাজী আব্দুল মজিদ মেম’ৰিয়েল (HAMM) হাস্পতালত আধুনিক সঁজুলি আছে আৰু তুলনামূলকভাৱে কম খৰচত চিকিৎসা প্ৰদানৰ বাবে জনা যায় । ৰাষ্ট্ৰীয় নিৰাপত্তাৰ লগত আপোচ কৰিব নোৱাৰি বুলি উল্লেখ কৰি মমিনে কয় যে যিকোনো ঠাইতে এনে উপাদান (সন্ত্রাসবাদী) থাকিব পাৰে ।
মমিনে কয়, "মই গৃহ মন্ত্ৰালয়, নিয়া আৰু অসম চৰকাৰক আহ্বান জনাইছো যে সমগ্ৰ দেশতে আজমল আৰু অনুৰূপ ইছলামিক সংগঠনৰ সৈতে জড়িত সকলো প্ৰতিষ্ঠানৰ পুংখানুপুংখভাৱে তৎক্ষণাত তদন্ত কৰক । যেতিয়া শিক্ষিত পেছাদাৰীসকল সন্ত্ৰাসবাদী হৈ পৰিছে তেতে সময়ত আমি কোনো ধৰণৰ ৰিস্ক ল'ব নোৱাৰো ।
ইটিভি ভাৰতে এ আই ইউ ডি এফৰ মুৰব্বী তথা লোকসভাৰ সাংসদ বদৰুদ্দিন আজমলৰ সৈতে যোগাযোগ কৰাৰ চেষ্টা কৰে যদিও তেওঁ সৈতে যোগাযোগ কৰাত ব্যৰ্থ হয় ।
মমিনৰ মতে, সমগ্ৰ দেশৰ সকলো মুছলমান পৰিচালিত বিশ্ববিদ্যালয় আৰু প্ৰতিষ্ঠানৰ ওপৰত এনে তদন্ত কৰিব লাগে । তেওঁ কয় যে দিল্লীৰ বোমা বিস্ফোৰণৰ সৈতে জড়িত সন্ত্ৰাসবাদীসকল মুছলমান চিকিৎসা মহাবিদ্যালয়ৰ স্নাতক আছিল । সকলো ইছলামিক প্ৰতিষ্ঠানৰ তদন্ত হ'ব লাগে ।
মমিনে কয় যে যি পৰিস্থিতিত শিক্ষিত লোকসকল সন্ত্ৰাসবাদী কাৰ্যকলাপৰ সৈতে জড়িত হৈ পৰিছে, সেই পৰিস্থিতিৰ সমাধানৰ বাবে চৰকাৰে দৃঢ় স্থিতি গ্ৰহণ কৰিব লাগে । "পূৰ্বতে সন্ত্ৰাসবাদী সংগঠনে নিৰীহ যুৱক-যুৱতীক লক্ষ্য কৰি লৈছিল, কিন্তু বৰ্তমানৰ পৰিঘটনাই এক বিপজ্জনক ধাৰা দেখুৱাইছে য'ত চিকিৎসকৰ দৰে শিক্ষিত লোকসকল উগ্ৰপন্থী হৈ পৰিছে ।" মমিনৰ মতে সকলো ইছলামিক প্ৰতিষ্ঠানৰ ওপৰত চোকা দৃষ্টি ৰখাৰ প্ৰয়োজন আছে ।
উল্লেখযোগ্য যে ১০ নৱেম্বৰত দিল্লীত সংঘটিত হোৱা বোমা বিস্ফোৰণৰ তদন্তত আক্রমণকাৰী আৰু সন্দেহযুক্ত আটাইকেইজন সন্ত্ৰাসবাদী ফৰিদাবাদৰ আল ফালাহ মেডিকেল কলেজৰ সৈতে জড়িত বুলি জানিব পৰা গৈছে । কংগ্ৰেছৰ ওপৰত তীব্ৰ আক্ৰমণ আৰম্ভ কৰি মমিনে অভিযোগ কৰে যে কংগ্ৰেছৰ মুছলমান তুষ্টিকৰণ নীতিয়ে বাংলাদেশৰ পৰা অহা অবৈধ অনুপ্ৰৱেশকাৰীক আশ্ৰয় দিছে ।
ইউ পি এৰ দিনত বাংলাদেশৰ পৰা অবৈধ অনুপ্ৰৱেশকাৰীয়ে সহজে ভাৰতত প্ৰৱেশ কৰিছিল বুলিও তেওঁ কয় । মমিনে কয়, "অধিকাংশ অনুপ্ৰৱেশকাৰীয়ে দুখন সীমান্ত ৰাজ্য অসম আৰু পশ্চিমবংগৰ মাজেৰে প্ৰৱেশ কৰিছে । কেন্দ্ৰ আৰু অসমত ডাবল ইঞ্জিন চৰকাৰে এনে অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰাৰ সময়তে পশ্চিমবংগত মমতা বেনাৰ্জী নেতৃত্বাধীন টি এম চি চৰকাৰে মুছলমান তুষ্টিকৰণৰ ৰাজনীতি কৰিছে ।"

