'মিছন চেনেহজ'ৰী– ব্ৰেণ্ডিং মুগা’ আৰম্ভ: নিটি আয়োগৰ উপাধ্যক্ষসহ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিক সাক্ষাৎ মুখ্যমন্ত্ৰীৰ
মুখ্যমন্ত্ৰী শৰ্মাই দেশৰ কেইবাগৰাকীও আগশাৰীৰ ক’ৰ্পৰেট খণ্ডৰ ব্যক্তি আৰু কেন্দ্ৰীয় মন্ত্ৰীক সাক্ষাৎ কৰি নতুন মন্ত্ৰীসভা সম্প্ৰসাৰণৰ লগতে ৰাজ্যৰ উন্নয়ন সন্দৰ্ভত আলোচনা কৰে ।

By ANI
Published : June 2, 2026 at 7:50 PM IST
নতুন দিল্লী: চাৰিদিনীয়া ব্যস্ত কাৰ্যসূচীৰে শনিবাৰে নতুন দিল্লীলৈ উৰা মৰা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনৰ লগতে দেশৰ কেইবাগৰাকীও আগশাৰীৰ ক’ৰ্পৰেট খণ্ডৰ ব্যক্তি আৰু কেন্দ্ৰীয় মন্ত্ৰীক সাক্ষাৎ কৰি নতুন মন্ত্ৰীসভা সম্প্ৰসাৰণৰ লগতে ৰাজ্যৰ উন্নয়ন সন্দৰ্ভত আলোচনা কৰে ।
দিনান্তত উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন দপ্তৰৰ মন্ত্ৰী জ্যোতিৰাদিত্য এম সিন্ধিয়াৰ সৈতে হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনৰ বিৰল আৰু প্ৰিমিয়াম জাতৰ থলুৱা ৰেচমৰ প্ৰচাৰৰ বাবে এক অনন্য পদক্ষেপ ‘মিছন চেনেহজ'ৰী – ব্ৰেণ্ডিং মুগা’ আৰম্ভ কৰে ।
Mission Muga Silk will galvanise our silk rearers and weavers and promote this heritage silk of Assam. At the launch programme along with Hon'ble Union Minister Shri @JM_Scindia ji. https://t.co/zCbriMoCY8
— Himanta Biswa Sarma (@himantabiswa) June 2, 2026
আনহাতে, মুখ্যমন্ত্ৰী শৰ্মাই কেন্দ্ৰীয় কৃষি মন্ত্ৰী শিৱৰাজ সিং চৌহান, নিটি আয়োগৰ উপাধ্যক্ষ ডঃ অশোক কুমাৰ লাহিড়ী, এল এণ্ড টিৰ অধ্যক্ষ তথা এম ডি এছ এন সুব্ৰমণিয়নৰ লগতে ভাৰতী এণ্টাৰপ্ৰাইজেছৰ উপাধ্যক্ষ ৰাজন ভাৰতী মিট্টালক সাক্ষাৎ কৰে ।
মঙলবাৰে নিটি আয়োগৰ নতুন উপাধ্যক্ষ ডঃ অশোক লাহিড়ীক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাক্ষাৎ কৰি নতুন দায়িত্বৰ বাবে অভিনন্দন জ্ঞাপন কৰে ৷ এই সাক্ষাৎকালত ৰাষ্ট্ৰীয় নীতি আলোচনা কেন্দ্ৰৰ সৈতে অংশীদাৰিত্ব শক্তিশালী কৰাৰ বাবে ৰাজ্যৰ দায়বদ্ধতা প্ৰকাশ কৰে ।
Today in New Delhi, I congratulated Dr. @ashoklahiribjp on his recent appointment as the Vice Chairman of @NITIAayog.
— Himanta Biswa Sarma (@himantabiswa) June 2, 2026
He brings with him extensive experience in public policy and finance. The Assam Govt aims to deepen its partnership with NITI Aayog in implementing reforms and… pic.twitter.com/V7VwCdUiB0
এগৰাকী বিষয়াই এই বৈঠকৰ সন্দৰ্ভত কয়, ‘‘বিভিন্ন খণ্ডত ৰাজ্যখনৰ অগ্ৰগতি, উদীয়মান সুযোগ, উত্তৰ-পূব অঞ্চলৰ উন্নয়নত অসমৰ ক্ৰমবৰ্ধমান অৱদানৰ ওপৰত আলোচনাত গুৰুত্ব আৰোপ কৰা হৈছিল ।’’
দেশৰ ৰাজধানী নতুন দিল্লীত ডঃ লাহিৰীৰ সৈতে হোৱা এই সাক্ষাতৰ বিষয়ে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই সামাজিক মাধ্যমত ৰাজহুৱা কৰে ৷ মুখ্যমন্ত্ৰী শৰ্মাই কয় যে নৱনিযুক্ত উপাধ্যক্ষগৰাকীয়ে ৰাজহুৱা নিটি আৰু অৰ্থনৈতিক দিশত থকা বিস্তৃত অভিজ্ঞতাৰে পৰিপুষ্ট হৈ নিটি আয়োগত যোগদান কৰিছে ৷ নিটি আয়োগৰ নীতি নিৰ্ধাৰণ আৰু সংস্কাৰ কাৰ্যসূচীত লাহিৰীৰ বিশেষজ্ঞতাৰ ওপৰত মুখ্যমন্ত্ৰীয়ে আলোকপাত কৰে ।
সংস্কাৰ আৰু উন্নয়নমূলক নীতি ৰূপায়ণৰ ক্ষেত্ৰত অসম চৰকাৰে নিটি আয়োগৰ সৈতে অংশীদাৰিত্ব আৰু অধিক দৃঢ় কৰি তুলিবলৈ আগ্ৰহী বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে ।
এই সাক্ষাতৰ পিছত সামাজিক মাধ্যম এক্সত প্ৰকাশিত এটা পোষ্টত মুখ্যমন্ত্ৰী শৰ্মাই কয়, ‘‘অসম চৰকাৰে নিটি আয়োগৰ সৈতে অংশীদাৰিত্ব আৰু অধিক শক্তিশালী কৰি আমাৰ জনসাধাৰণৰ জীৱনৰ মান উন্নত কৰিব পৰা সংস্কাৰ আৰু নীতি ৰূপায়ণৰ লক্ষ্য ৰাখিছে ।’’
উল্লেখ্য যে, বিশিষ্ট অৰ্থনীতিবিদ তথা ৰাজহুৱা নীতি বিশেষজ্ঞ ডঃ লাহিড়ীয়ে চৰকাৰী আৰু শিক্ষাৰ ক্ষেত্ৰত কেইবাটাও গুৰুত্বপূৰ্ণ পদবীত অধিষ্ঠিত হৈ আছে । নিটি আয়োগৰ উপাধ্যক্ষ হিচাপে নিযুক্তি পোৱাৰ লগে লগে ভাৰতৰ উন্নয়নৰ অগ্ৰাধিকাৰ গঢ় দিয়াত প্ৰতিষ্ঠানটোৰ ভূমিকা, বহনক্ষম আৰু সৰ্বাংগীন বৃদ্ধি লাভৰ ক্ষেত্ৰত ৰাজ্যসমূহক সহায় কৰা হ’ব বুলি আশা কৰা হৈছে ।
ভাৰতৰ অন্যতম অভিজ্ঞ অৰ্থনীতিবিদ ডঃ লাহিড়ীয়ে চাৰি দশকৰো অধিক সময় কেৰিয়াৰ গঢ়ি তোলাত গুৰুত্ব আৰোপ কৰিছিল ৷ তেওঁ নীতিগত ক্ষেত্ৰখনত মুখ্য অৰ্থনৈতিক উপদেষ্টাৰ পৰা আৰম্ভ কৰি বিত্ত আয়োগৰ সদস্য, এছিয়ান উন্নয়ন বেংক, বিশ্ব বেংক আৰু আইএমএফলৈকে কেইবাটাও গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে ।
Hon'ble Union Minister Shri @ChouhanShivraj ji has a rich administrative expertise spanning decades and meeting him is always an enriching experience.
— Himanta Biswa Sarma (@himantabiswa) June 2, 2026
Today, along with officials of Govt of India and Govt of Assam, we had a thorough discussion on
1️⃣Avenues to boost farmers'… pic.twitter.com/SXednogeI7
কেন্দ্ৰীয় কৃষি মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ সৈতে হোৱা আন এক বৈঠকত ডঃ শৰ্মাই কৃষকৰ কল্যাণ আৰু উন্নয়নক প্ৰসাৰিত কৰাৰ লগতে তৃণমূল পৰ্যায়ত কৃষক অনুকূল সকলো নীতি ৰূপায়ণৰ উপায়ৰ বিষয়ে আলোচনা কৰে যাতে ইয়াৰ সুফল অসমৰ প্ৰতিজন কৃষকৰ মাজলৈ যায় ।
তেওঁলোকে কৃষি আধুনিকীকৰণ আৰু শক্তিশালী আন্তঃগাঁথনি, যেনে - যান্ত্ৰিক কৃষি, শীতল ভঁৰালৰ সুবিধা, উন্নত বজাৰ সংযোগ, কৃষি আন্তঃগাঁথনি পুঁজিৰ ব্যৱহাৰ আৰু যোগান শৃংখলৰ সুবিধাসমূহ নিয়োগ কৰি অধিক লাভজনক কৰি তোলাৰ উপায়সমূহৰ বিষয়েও আলোচনা কৰে ।
বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত অসমৰ মুখ্যমন্ত্ৰী শৰ্মাই কয়, ‘‘আমি অসমৰ কৃষি খণ্ড আৰু কৃষকসকলৰ উন্নয়নৰ বিষয়ে আলোচনা কৰিলোঁ । কৃষি মন্ত্ৰী শিৱৰাজ সিং চৌহান জীয়ে মোক এই দিশত সকলো ধৰণৰ সহায় সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিয়ে ।’’
Had a good conversation with Shri Rajan Bharti Mittal, Vice Chairman of Bharti Enterprises this morning.
— Himanta Biswa Sarma (@himantabiswa) June 2, 2026
We discussed the Group's expansion plans in Assam with specific focus on covering the dark areas so that more people can benefit from proper phone and internet connectivity. pic.twitter.com/6tnwFUTYFf
আনহাতে, ভাৰতী এণ্টাৰপ্ৰাইজৰ ৰাজন ভাৰতী মিট্টালৰ সৈতে হোৱা বৈঠকত ডঃ শৰ্মাই অসমত কোম্পানীটোৰ সম্প্ৰসাৰণৰ পৰিকল্পনাৰ বিষয়ে আলোচনা কৰে ৷ বিশেষকৈ ফোন আৰু ইণ্টাৰনেটৰ সুবিধা নথকা অঞ্চলসমূহ সামৰি লোৱাত বৈঠকত গুৰুত্ব আৰোপ কৰা হয়, যাতে অধিক সংখ্যক লোকে সঠিক ফোন আৰু ইণ্টাৰনেট সংযোগৰ দ্বাৰা উপকৃত হ’ব পাৰে ।
এই সকলো কাৰ্যসূচী সামৰি বুধবাৰে গুৱাহাটীলৈ ঘূৰি আহিব মুখ্যমন্ত্ৰী শৰ্মা । শুকুৰবাৰে গুৱাহাটীত মুখ্যমন্ত্ৰী শৰ্মাই নতুন মন্ত্ৰীসভা সম্প্ৰসাৰণ কৰিব ।

