ৰাহুল গান্ধী মানসিকভাৱে অসুস্থ : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
অসমৰ পৰিস্থিতি অত্যন্ত সংকটজনক, কিয়নো জনগাঁথনি সলনি হৈছে । মিৰ্জাপুৰত এই মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷

Published : February 17, 2026 at 10:17 AM IST
মিৰ্জাপুৰ (উত্তৰ প্ৰদেশ) : "যোৱা পাঁচ বছৰত আমি অসমত বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ কবলৰ পৰা ৫০ হাজাৰ একৰ মাটি মুকলি কৰিছো । অহা পাঁচ বছৰত আমি ১ লাখ ৫০ হাজাৰ একৰ মাটি মুকলি কৰিম । আমি প্ৰতিদিনে ১০০-১৫০ জন অনুপ্ৰৱেশকাৰীক খেদি পঠিয়াই দিওঁ । আপুনি জানি আচৰিত হ'ব যে অনুপ্ৰৱেশকাৰীয়ে অসমত ১০ লাখ একৰ মাটি দখল কৰে ।" সোমবাৰে বিন্ধ্যাচল ধাম ভ্ৰমণ কৰি এই মন্তব্য কৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷
মুখ্যমন্ত্ৰী শৰ্মাই আৰু কয়, ‘‘অসমৰ পৰিস্থিতি অত্যন্ত সংকটজনক । জনগাঁথনি সলনি হৈছে । মুছলমান জনসংখ্যা এতিয়া ৪০ শতাংশ হৈছেগৈ । ইয়াৰে ৩-৪ শতাংশ ভাৰতীয়, কিন্তু বাকী ৩৬ শতাংশ বাংলাদেশী আছে, যি কংগ্ৰেছৰ দিনতে অসমলৈ আহিছিল ৷ আমি বাংলাদেশীক অনুপ্ৰৱেশকাৰীক খেদি পঠিওৱাৰ বাবে এটা অভিযান আৰম্ভ কৰিছো, কিন্তু এই ক্ষেত্ৰত সকলোৱে আমাক সমৰ্থন কৰাটো প্ৰয়োজন ।’’
- ৰাহুল গান্ধীক চিকিৎসাৰ প্ৰয়োজন : মুখ্যমন্ত্ৰী শৰ্মা
ৰাহুল গান্ধীক মানসিকভাৱে অসুস্থ বুলি কয় মুখ্যমন্ত্ৰী শৰ্মাই । শৰ্মাই কয়, ‘‘ৰাহুল গান্ধীৰ অৱস্থা ভাল নহয় । তেওঁ উপযুক্ত চিকিৎসা গ্ৰহণ কৰিব লাগে ।’’
এটা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী শৰ্মাই লগতে কয়, ‘‘ৰাহুল গান্ধীয়ে ভাৰত-আমেৰিকাৰ বাণিজ্যিক চুক্তি পঢ়িব পাৰিবনে ? যদি তেওঁৰ আশে-পাশে কোনো নাথাকে তেন্তে তেওঁ এই বিষয়টো পঢ়িবও নোৱাৰিলে হয়, গতিকে তেওঁৰ বিষয়ে কি ক’ব পাৰি ?’’
মহাৰাষ্ট্ৰ কংগ্ৰেছৰ ৰাজ্যিক সভাপতিয়ে দিয়া বক্তব্য সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘‘ছাত্ৰপতি শিৱাজী মহাৰাজ হিন্দুৰ ৰক্ষক আছিল । টিপু চুলতান হিন্দুৰ ধ্বংসকাৰী আছিল । কেনেকৈ দুয়োজনৰ তুলনা কৰিব পাৰি ? এনে বক্তব্য দিয়াসকলৰ ইতিহাস সন্দৰ্ভত জ্ঞানৰ অভাৱ হৈছে ।’’

- পৰিদৰ্শন মা বিন্ধ্যবাছিনী
উল্লেখ্য যে, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে মিৰ্জাপুৰৰ বিশ্ববিখ্যাত মা বিন্ধ্যবাছিনী ধাম পৰিদৰ্শন কৰে । তেওঁ সম্পূৰ্ণ ধৰ্মীয় ৰীতি-নীতিৰে দেৱী পূজা সম্পাদন কৰে ৷ মিৰ্জাপুৰৰ স্থানীয় বিধায়ক ৰত্নাকৰ মিশ্ৰ আৰু জিলা দণ্ডাধীশগৰাকীয়ে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মা বিন্ধ্যবাছিনীৰ আলোতচিত্ৰ দি সম্বৰ্ধনা জনায় ।

