ETV Bharat / bharat

এছিয়ান গেমছৰ স্বৰ্ণপদক বিজয়ী খেলুৱৈৰ তৃণমূল কংগ্ৰেছত যোগদান

মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ প্ৰেৰণাত বিধানসভা নিৰ্বাচনৰ পূৰ্বে তৃণমূল কংগ্ৰেছত যোগদান স্বপ্না বৰ্মনৰ ।

Asian games gold medalist athlete Swapna Barman joins Trinamool
এছিয়ান গেমছৰ স্বৰ্ণ পদক বিজয়ী খেলুৱৈ স্বপ্না বৰ্মনৰ তৃণমূলত যোগদান (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : February 27, 2026 at 2:56 PM IST

3 Min Read
Choose ETV Bharat

কলকাতা : আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে তৃণমূল কংগ্ৰেছৰ শিবিৰত যোগ দিলে এছিয়ান গেমছৰ স্বৰ্ণপদক বিজয়ী এগৰাকী খেলুৱৈয়ে । এছিয়ান গেমছৰ স্বৰ্ণপদক বিজয়ী স্বপ্না বৰ্মনে আনুষ্ঠানিকভাৱে তৃণমূল কংগ্ৰেছত যোগদান কৰিছে ।

মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ উন্নয়নমূলক কাম-কাজত অনুপ্ৰাণিত হৈ এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি কয় খেলুৱৈগৰাকীয়ে । ভৱিষ্য়তে স্বপ্না বৰ্মনে তৃণমূলৰ হৈ ৰাইজৰ বাবে আৰু ক্ৰীড়া জগতৰ উন্নয়নৰ বাবে কাম কৰিব বুলি মন্তব্য় কৰিছে ।

শুকুৰবাৰে কলকাতাৰ তৃণমূল ভৱনত আয়োজিত এখন সংবাদমেলত ৰাজ্যৰ শাসকীয় দলত যোগদান কৰে স্বপ্নাই । এই যোগদান অনুষ্ঠানত ৰাজ্যিক মন্ত্ৰী চন্দ্ৰিমা ভট্টাচাৰ্য, মন্ত্ৰী ব্ৰত্য বসু আৰু শিলিগুৰিৰ মেয়ৰ আৰু প্ৰাক্তন মন্ত্ৰী গৌতম দেৱ উপস্থিত থাকে । উত্তৰ বংগৰ জলপাইগুৰিৰ ঘোষপাৰাৰ এটা ৰাজবংশী পৰিয়ালৰ কন্যা স্বপ্না বৰ্মনে ৰাজ্য়ৰ ৰাজনীতিত প্ৰৱেশকলৈ ৰাজনৈতিক মহলত আৰম্ভ হৈছে চৰ্চা ।

Asian games gold medalist athlete Swapna Barman joins Trinamool
এছিয়ান গেমছৰ স্বৰ্ণ পদক বিজয়ী খেলুৱৈ স্বপ্না বৰ্মনৰ তৃণমূলত যোগদান (ETV Bharat)

সংবাদমেলত মন্ত্ৰী চন্দ্ৰিমা ভট্টাচাৰ্যই স্বপ্না বৰ্মনক দললৈ আদৰণি জনাই কয়, "স্বপ্নাই বিশ্বত দেশৰ সন্মান উজলাই তুলিছে । বহু প্ৰতিকূল পৰিস্থিতিৰ সৈতে মোকাবিলা নিজকে প্ৰতিষ্ঠা কৰিছে । ক্ৰীড়াই মানুহক অনুশাসন আৰু আত্মত্যাগৰ শিক্ষা দিয়ে । সেই শিক্ষাৰ আধাৰত তেওঁ সমাজসেৱাৰ বৃহত্তৰ ক্ষেত্ৰখনত খোজ পেলাইছে । মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ প্ৰেৰণাত তেওঁৰ যোগদান কৰিছে ।" আনহাতে, শিলিগুৰিৰ মেয়ৰ গৌতম দেৱে কয় যে স্বপ্নাৰ যোগদান উত্তৰ বংগ আৰু সমগ্ৰ ৰাজ্যৰ যুৱ প্ৰজন্ম আৰু ক্ৰীড়াবিদসকলৰ বাবে এক বৃহৎ প্ৰেৰণা ।

Asian games gold medalist athlete Swapna Barman joins Trinamool
এছিয়ান গেমছৰ স্বৰ্ণ পদক বিজয়ী খেলুৱৈ স্বপ্না বৰ্মনৰ তৃণমূলত যোগদান (ETV Bharat)

শিক্ষামন্ত্ৰী ব্ৰত্য বসুৱে স্বপ্নাক আদৰণি জনাই বিজেপিক কঠোৰ ভাষাৰে আক্ৰমণ কৰে । তেওঁ স্বপ্নাৰ জীৱন সংগ্ৰামক ‘চক দে ইণ্ডিয়া’ বা ‘দংগল’ ছবিখনৰ বাস্তৱতা বুলি অভিহিত কৰে । দিল্লীৰ মল্লযুঁজাৰু আন্দোলনৰ কথা উল্লেখ কৰি বসুৱে কয়, "যেতিয়া বজৰং পুনিয়া, বিনেশ ফ'গাট, সাক্ষী মালিকৰ দৰে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ দিল্লীত বহি আছিল, তেতিয়া বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই তেওঁলোকৰ কাষত থিয় দিয়া নাছিল । বিপৰীতে অভিযুক্তক লুকুৱাই পুত্ৰক টিকট দিছিল । বিজেপিয়ে মহিলা আৰু খেলুৱৈক কেনেকৈ সন্মান যাচিব লাগে সেয়া নাজানে; কিন্তু তৃণমূল কংগ্ৰেছেমমতা বেনাৰ্জীৰ নেতৃত্বই নাৰীক মৰ্যাদা আৰু সন্মান দিব জানে। স্বপ্নাৰ যোগদানে সেই বাৰ্তাকেই প্ৰেৰণ কৰিছে ।"

ভৱনীপুৰত বিজেপিৰ প্ৰাক্তন ৰাজ্যিক সভাপতি সুকান্ত মজুমদাৰৰ প্ৰচাৰ সন্দৰ্ভত সোধাত ব্ৰত্য বসুৱে কয়, "বিজেপিৰ বাবে ভৱনীপুৰত মমতা বেনাৰ্জীক পৰাজিত কৰাটো এক স্বপ্ন পূৰণৰ দৰেই ।"

লগতে পঢ়ক:সুৰা কেলেংকাৰী গোচৰত অৰবিন্দ কেজৰিৱাল আৰু মনীষ ছিছোদিয়াক দোষমুক্ত ঘোষণা আদালতৰ

কংগ্ৰেছ কৰ্মীয়ে গৌৰৱ গগৈক কৰিলে ঘেৰাওঃ সৰুপথাৰত লাগিব কংগ্ৰেছ প্ৰাৰ্থী