ETV Bharat / bharat

দিল্লীত বৰ্ণ বৈষম্যৰ বলি অৰুণাচলৰ যুৱতী : ঘটনাক লৈ উদ্বেগ প্ৰকাশ জ্যোতিৰাদিত্য সিন্ধিয়াৰ

দিল্লীত বৰ্ণ বৈষম্যৰ ঘটনাক গৰিহণা ড'নাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াৰ । এনে আচৰণৰ বিৰুদ্ধে অব্য়াহত থাকিব চৰকাৰৰ শূন্য সহনশীল স্থিতি৷।

Jyotiraditya Scindia
দিল্লীৰ বৰ্ণ বৈষম্যৰ ঘটনাক গৰিহণা জ্যোতিৰাদিত্য সিন্ধিয়াৰ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : February 25, 2026 at 6:36 PM IST

|

Updated : February 25, 2026 at 6:53 PM IST

4 Min Read
Choose ETV Bharat

নতুন দিল্লী : দিল্লীৰ মালৱীয় নগৰৰ সংঘটিত বৰ্ণ বৈষম্যৰ ঘটনাটোক লৈ দেশজুৰি প্ৰতিক্ৰিয়া অব্যাহত আছে । সমগ্ৰ উত্তৰ পূবত বিষয়টোক লৈ ক্ষোভ প্ৰকাশ কৰিছে বিভিন্ন দল সংগঠনে । তাৰ মাজতে ড'নাৰ মন্ত্ৰী জ্যোতিৰাদিত্য এম সিন্ধিয়াইও ঘটনাটোক লৈ উদ্বেগ প্ৰকাশ কৰিছে । বুধবাৰে দক্ষিণ দিল্লীৰ মালৱীয় নগৰত অৰুণাচল প্ৰদেশৰ ৩ গৰাকী যুৱতীৰ বিৰুদ্ধে কৰা কথিত বৰ্ণবাদী আৰু অশ্লীল মন্তব্যক 'সম্পূৰ্ণ অগ্ৰহণযোগ্য' বুলি অভিহিত কৰি এনে আচৰণৰ প্ৰতি চৰকাৰ 'শূন্য সহনশীল' বুলি দৃঢ়তাৰে কয় ।

উল্লেখ্য যে এয়াৰ কণ্ডিচনাৰ স্থাপনক লৈ হোৱা বিবাদৰ সময়ত দম্পতীটোৰ বিৰুদ্ধে যুৱতী কেইগৰাকীক মৌখিকভাৱে গালি-গালাজ আৰু অপমান কৰাৰ অভিযোগ উত্থাপন হৈছে । বিষয়টোক লৈ সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত ক্ষোভৰ সৃষ্টি হৈছে । ঘটনা সন্দৰ্ভত মালৱীয় নগৰ থানাত গোচৰ ৰুজু কৰা হৈছে । ৰাইজৰ আন্দোলন আৰু কৰ্তৃপক্ষৰ হস্তক্ষেপৰ পিছতে অভিযুক্তৰ বিৰুদ্ধে নতুন ধাৰা সংযোজন কৰা হৈছে ।

তাৰ মাজতে এক সংবাদমেলত সিন্ধিয়াই কয় যে তেওঁ ব্যক্তিগতভাৱে এই বিষয়টোত দিল্লী আৰক্ষী আয়ুক্তৰ সৈতে আলোচনা কৰিছে আৰু অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ সৈতেও কথা পাতিছে । তেওঁ কয়, "অতি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে । আজি যদি প্ৰতিবেদনখন দেখা পায় তেন্তে অপৰাধীৰ বিৰুদ্ধে নতুন ধাৰা প্ৰয়োগ কৰা হৈছে । এয়া আমাৰ ভাৰতীয় হিচাপে গ্ৰহণযোগ্য নহয় । এই ধৰণৰ আচৰণৰ প্ৰতি কোনো ধৰণৰ সহনশীলতা থাকিব নোৱাৰে ।"

সিন্ধিয়াই শীঘ্ৰে ভুক্তভোগী যুৱতী কেইগৰাকীক সাক্ষাৎ কৰিব বুলিও জানিবলৈ দিয়ে । এনে কাণ্ডই ভাৰতৰ ঐক্য আৰু বৈচিত্ৰ্যৰ ধাৰণাত আঘাত হানিব বুলি উল্লেখ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, "ভাৰতীয় হিচাপে আমাৰ বাবে এয়া গ্ৰহণযোগ্য নহয় । অঞ্চল বা চেহেৰা নিৰ্বিশেষে প্ৰতিজন নাগৰিকৰ প্ৰতি সন্মান জনোৱাতো আমাৰ কৰ্তব্য ।"

এক্সৰ এটা পোষ্টত সিন্ধিয়াই কয় যে ৩ গৰাকী যুৱতীয়ে সন্মুখীন হোৱা বৰ্ণবাদী আচৰণৰ বাবে তেওঁ গভীৰভাৱে দুখিত । তেওঁ লিখিছে, "এফ আই আৰ ৰুজু কৰা হৈছে আৰু মই নিশ্চিত যে অভিযুক্তক ক্ষিপ্ৰতাৰে গ্ৰেপ্তাৰ কৰা হ'ব । উত্তৰ-পূবৰ আমাৰ ভাই-ভনীসকলৰ বিৰুদ্ধে যিকোনো অন্যায় সহ্য কৰা নহ'ব । তেওঁলোকৰ সুৰক্ষা আৰু মৰ্যাদা আমাৰ বাবে সৰ্বোচ্চ ।"

ভুক্তভোগীয়ে দাখিল কৰা এজাহাৰ অনুসৰি মালৱীয় নগৰত ভাড়াতীয়া ফ্লেটত এয়াৰ কণ্ডিচনাৰ লগোৱাৰ পৰাই এই বিবাদ আৰম্ভ হয় । মিস্ত্ৰীয়ে বেৰত ড্ৰিলিং কৰাৰ ফলত তলৰ ফ্লেটটোৰ বাৰান্দাত শিল-বালিৰ টুকুৰা আৰু ধূলি পৰে । এই কথাক লৈ তলৰ মহলাত বাস কৰা দম্পতীটোৱে মহিলাসকলৰ সৈতে কাজিয়াত লিপ্ত হোৱা বুলি অভিযোগ উঠিছে ।

অভিযোগকাৰীসকলে অভিযোগ কৰে যে মহিলাগৰাকীয়ে তেওঁলোকৰ চেহেৰা আৰু জাতিক লৈ উপহাস কৰিবলৈ ম'ম', ছিঙ্কি আৰু চাউমিন আদি শব্দ ব্যৱহাৰ কৰি গালি-গালাজ কৰিছিল । তেওঁলোকৰ বিৰুদ্ধে মালিচ পাৰ্লাৰ চলোৱাৰ অভিযোগ উত্থাপন কৰাৰ লগতে অপমানজনক মন্তব্য কৰে । আনকি ৫০০ টকাৰ প্ৰস্তাৱ দিয়াৰ লগতে স্বামীৰ সৈতে শুবলৈও কোৱাৰ অভিযোগ উত্থাপন কৰে ভুক্তভোগীসকলে । ভুক্তভোগীসকলে তেওঁলোকৰ অভিযোগত উল্লেখ কৰিছে যে তেওঁলোকৰ বিৰুদ্ধে অপমানজনক মন্তব্য কৰে আৰু চুবুৰীয়াৰ সন্মুখত ৰাজহুৱাভাৱে অপমান কৰে ।

সামাজিক মাধ্যমতো তেওঁলোকৰ কাজিয়াৰ এটা ভিডিঅ' ভাইৰেল হোৱা দেখা গৈছে । সকলোৱে কৈছে যে এয়া ব্যক্তিগত অপমান নহয়, সমগ্ৰ উত্তৰ-পূব অঞ্চলৰ অপমান । এই বিষয়টোৱে ৰাজনৈতিক পৰ্যায়তো চৰ্চা লাভ কৰে । দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই এই ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি দোষীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস দিছে ।

লগতে পঢ়ক :দিল্লীত বৰ্ণ নিৰ্যাতনৰ সন্মুখীন অৰুণাচলৰ যুৱতী, দোষীৰ বিৰুদ্ধে আৰক্ষীত এজাহাৰ

Last Updated : February 25, 2026 at 6:53 PM IST