অৰুণাচলী কণমানিক 'চাইনীজ' বুলি কৰা মন্তব্যই তোলপাৰ লগাইছে দেশত
সামাজিক মাধ্যমত অৰুণাচলৰ কণমানিক চাইনীজ বুলি এজন সামাজিক মাধ্যম ব্যৱহাৰকাৰীয়ে কৰা মন্তব্যই লগাইছে তোলপাৰ ৷

Published : August 22, 2026 at 8:38 PM IST
ইটানগৰ(অৰুণাচল প্ৰদেশ) :অৰুণাচল প্ৰদেশবাসীক লৈ একাংশৰ কেতিয়া সলনি হ'ব চিন্তাধাৰা ? কাৰণ এগৰাকী কণমানিৰ কাতৰ আহ্বানে দেশবাসীক পুনৰ ভবাই তুলিছে ৷
ভাৰতীয় নাগৰিক হোৱাৰ পাছতো অৰুণাচল প্ৰদেশৰ লোকক একাংশ লোকে চীনা নাগৰিক বুলিয়ে ইতিকিং কৰি আহিছে, সেয়া লাগিলে সামাজিক মাধ্যম বা ৰাজহুৱা স্থানতে হওক ৷ উল্লেখ্য যে সামাজিক মাধ্যমত কেতবোৰ ৰীল আপলোড কৰাৰ পাছত, সেই ৰীলত একাংশ ব্যৱহাৰকাৰীয়ে অৱাস্তব প্ৰশ্নই উক্ত কথাবোৰ মনলৈ আনিছে !
#WATCH | Itanagar, Arunachal Pradesh: Karga Tinkle Gongo, a 4-year-old from Itanagar in Arunachal Pradesh, went viral on social media after responding to a comment calling her “Chinese”
— ANI (@ANI) August 22, 2026
Tinkle Karga Gongo says, “Don’t call us Chinese. Call us Indians. It makes me angry...” pic.twitter.com/mwBJnAENbf
শেহতীয়াকৈ এগৰাকী অৰুণাচল প্ৰদেশৰ কণমানিয়ে পৰিচয় দিবলগীয়া হৈছে যে, তেওঁ চীনৰ নাগৰিক নহয়, তেওঁ ভাৰতৰহে নাগৰিক ৷ এই ঘটনাটোক সচেতন নাগৰিকে অতি দুৰ্ভাগ্যজনক ঘটনা বুলি আখ্যা দিছে ৷ সাংসদ মহুৱা মৈত্ৰই এক্সত এনে ঘটনাৰ তীব্ৰ সমালোচনা কৰে ৷
My little darling girl- you are India. You are our pure soul, our heart. You are what makes us love our country. Jai Hind. Jai Manipur pic.twitter.com/DkMJFIorLp
— Mahua Moitra (@MahuaMoitra) August 20, 2026
ঘটনা অনুসৰি, ইটানগৰৰ কাৰ্গা টিংকল গংগোৱ নামৰ কণমানিটোক এজন সামাজিক মাধ্যম ব্যৱহাৰকাৰীয়ে চাইনীজ বুলি মন্তব্য কৰিছিল ৷ এই মন্তব্যৰ পাছত সামাজিক মাধ্যম যোগে তথা নিউজ এজেঞ্চী এএনআইৰ আগত কণমানি কয়,"মোক চাইনীজ বুলি নক'ব, মই ভাৰতী ৷"
#WATCH | Itanagar, Arunachal Pradesh: Tinkle Karga Gongo’s mother, Aiyum Karde, says, “It all started when my daughter came to me asking for money to buy ice cream...I took her out to buy the ice cream, and we spoke in Hindi there; Tinkle spoke Hindi too. After we bought it,… pic.twitter.com/x2pvVLji8j
— ANI (@ANI) August 22, 2026
কণমানিজনীৰ এই আহ্বানে সামাজিক মাধ্যমত তোলপাৰ লগাইছে ৷ কণমানী কাৰ্গা টিংকল গংগোৱে কয়,"এগৰাকী দাদাই মোক চাইনীজ বুলি মাতিছিল ৷ গতিকে মই তেওঁক ক’লো, মোক চাইনীজ বুলি নক’ব, ভাৰতীয় বুলি কওক।"
আনহাতে, ভাৰতীয় বুলি প্ৰমাণ দিবলৈ কণমানিজনীয়ে ৰাষ্ট্ৰীয় সংগীত 'জন গণ মন' গাব লগীয়া হ'ল ৷ ঘটনাৰ সন্দৰ্ভত কণমানি গংগোৰ মাতৃয়ে কয়,"এখন দোকানত গংগোৱে আইচক্ৰীম ক্ৰয় কৰি থাকোটে এটা ভিডিঅ' প্ৰস্তুত কৰা হৈছিল ৷ মোৰ পৰা আইচক্ৰীম কিনিবলৈ তাই ১০ টকা খুজিছিল ৷ সেই ভিডিঅ' অপলোড কৰা হৈছিল ৷"
তেওঁ লগতে কয়,"সেই ভিডিঅ'টো দেখি এজন সামাজিক মাধ্যম ব্যৱহাৰকাৰীয়ে এই চীনা শিশুৱে কিয় হিন্দী কথা কৈছে ? বুলি কমেন্ট কৰিছিল ৷ যাৰ বাবে আমি দুখেৰে ক'বলগীয়া হ'ল, আমি চাইনীজ নহয়, আমি ভাৰতীয় বুলি ৷ আমি ভাৰতীয় হোৱাৰ পাছতো আমাক চাইনীজ বুলি কোৱাটে দুৰ্ভাগ্যজনক ৷"
লগতে পঢ়ক: বিজেপিত 'জেন জি' জিন্দাবাদ: নৱগঠিত 'জেন জি' সমিতিৰ সৈতে নীতিন নবীনৰ প্ৰথম বৈঠক

