ETV Bharat / bharat

প্ৰকৃতিৰ তাণ্ডৱত বিধ্বস্ত অৰুণাচল: মৃতদেহ উদ্ধাৰ, সাত জিলাত সংযোগ বিচ্ছিন্ন

নেৰানেপেৰাকৈ হোৱা বৰষুণৰ মাজতে উদ্ধাৰ কাৰ্য অব্যাহত আছে ৷ অৱশ্যে বহুকেইখন জিলাত হোৱা ভূমিস্খলনৰ ফলত বৰ্তমানেও সংযোগ বিচ্ছিন্ন হৈ আছে ৷

FLASH FLOODS IN ARUNACHAL
ভাৰত-চীন সীমান্তৱৰ্তী ৰাজ্যখনৰ সাতখন জিলা এতিয়াও সংযোগ বিচ্ছিন্ন হৈ আছে (ANI)
author img

By ANI

Published : June 28, 2026 at 8:21 PM IST

3 Min Read
Choose ETV Bharat

কেয়ী পানীয়ৰ (অৰুণাচল প্ৰদেশ): উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ভিতৰত সূর্যোদয়ৰ ৰাজ্য খ্যাত অৰুণাচলত চলিছে প্ৰকৃতিৰ ধ্বংসলীলা ৷ ৰাজ্যখনত নেৰানেপেৰাকৈ হৈ থকা বৰষুণৰ ফলত হোৱা বান আৰু ভূমিস্খলনে প্ৰাণ কাঢ়িছে কেইবাজনৰো ৷ প্ৰকৃতিৰ ধ্বংসলীলাত একপ্ৰকাৰ বিধ্বস্ত হৈ পৰিছে উত্তৰ-পূৰ্বাঞ্চলৰ অন্যতম ৰাজ্যখন ৷

বিগত ২৪ জুনত অৰুণাচল প্ৰদেশৰ কেয়ী পানীয়ৰ জিলাত ডাৱৰ বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছিল ৷ যাৰ বাবে চাৰিজনকৈ লোক নিৰুদ্দেশ হৈ পৰিছিল ৷ বৰ্তমানলৈকে নিৰুদ্দেশ হোৱা দুগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ কৰিছিল বিষয়াসকলে ৷ এই স্থানৰ পৰা প্ৰায় ১০ কিলোমিটাৰ দূৰত্বত দেওবাৰে উদ্ধাৰ হৈছে তৃতীয়টো মৃতদেহ । এই মৃৃতদেহটো এগৰাকী মহিলাৰ বুলি বিষয়াসকলে জানিবলৈ দিছে ৷ তাৰোপৰি এজন পুৰুষকে ধৰি আন তিনিজন লোক এতিয়াও নিৰুদ্দেশ হৈ আছে ।

নেৰানেপেৰাকৈ হোৱা বৰষুণৰ মাজতে উদ্ধাৰ কাৰ্য অব্যাহত আছে ৷ অৱশ্যে বহুকেইখন জিলাত হোৱা ভূমিস্খলনৰ ফলত সংযোগ বিচ্ছিন্ন হৈ আছে ৷ কেয়ী পানীয়ৰ জিলাৰ পুছাত হোৱা এই ডাৱৰ বিস্ফোৰণৰ ফলত হোৱা বান আৰু বৃহৎ পৰিমাণৰ ভূমিস্খলনে জনসাধাৰণৰ ব্যাপক ক্ষতিসাধন কৰে ৷ অঞ্চলটোত থকা নীপকো কলনীৰ প্ৰায় ১৮ টাকৈ আৱাসিক গৃহ চকুৰ পচাৰতে ধ্বংসৰ গৰাহত পৰে । এই ঘটনাত তিনিজন লোকে প্ৰাণ হেৰুৱায় ৷ আনহাতে, বহু লোক নিৰুদ্দেশ হৈ পৰে ৷ নিৰুদ্দেশ হোৱা লোকসকলৰ সন্ধানত আজিও অভিযান চলি আছে ।

এই দুৰ্যোগৰ ফলত যাতায়াত আৰু যোগাযোগ ব্যৱস্থা বহু পৰিমাণে ক্ষতিগ্ৰস্ত হয় ৷ বিশেষকৈ ভাৰত-চীন সীমান্তৱৰ্তী ৰাজ্যখনৰ সাতখন জিলা এতিয়াও সংযোগ বিচ্ছিন্ন হৈ আছে ৷

প্ৰশাসনৰ লগতে উদ্ধাৰ অভিযান কাৰ্যত জড়িত থকা বিষয়াসকলে জনোৱা মতে, ধাৰাসাৰ বৰষুণৰ বাবে কিমিন-পটিন পথ পুনৰবাৰ বন্ধ হৈ পৰিছে ৷ যাৰ ফলত অঞ্চলটোত যাতায়াত অধিক কঠিন হৈ পৰিছে । তাৰোপৰি মধ্য আৰু উচ্চ অৰুণাচল প্ৰদেশক সংযোগ কৰা এক গুৰুত্বপূৰ্ণ ঘাইপথ হোজ-পটিন ৰোড(এনএইচ-১৩/এন এইচ-৭১৩এ) ত ভূমিস্খলন সংঘটিত হৈ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে ৷ আকস্মিকভাৱে অহা বাঢ়নী পানীৰ ঢলে পথটোৰ একাংশ খহাই নিছে ৷

ঘাইপথটো বন্ধ হোৱাৰ ফলত কেয়ী পানীয়ৰ, ল’ৱাৰ সোৱণশিৰি, কুৰুং কুমে, ক্ৰা দাদী, কামলে, আপাৰ সোৱণশিৰি আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলসমূহৰ সংযোগ বিচ্ছিন্ন হোৱাত জনসাধাৰণৰ চলাচল আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগানত ব্যাপক প্ৰভাৱ পৰিছে ।

স্থানীয় প্ৰশাসনে যাত্ৰীসকলৰ বাবে বিশেষ পৰামৰ্শ জাৰি কৰিছে ৷ ভূমিস্খলনৰ আশংকা ব্যক্ত কৰি হোজ-পটিন পথত অনাৱশ্যক সকলো যাত্ৰা পৰিহাৰ কৰিবলৈ আহ্বান জনাইছে প্ৰশাসনে । নেৰানেপেৰা বৰষুণৰ মাজতো পাপুম পাৰেৰ জিলা আয়ুক্ত লবছাং চেৰিঙে দেওবাৰে হোজ-পটিন পথৰ মেৰামতিৰ কাম পৰিদৰ্শন কৰে ৷ জিলা আয়ুক্তগৰাকীয়ে পথটোৰ কেইবাঠাইতো ক্ষতিসাধন হোৱা বুলি উল্লেখ কৰি এই পথ পুনৰ মুকলি হ’বলৈ এসপ্তাহতকৈও অধিক সময়ৰ প্ৰয়োজন হ’ব বুলি অনুমান ব্যক্ত কৰে ৷

যুদ্ধংদেহী প্ৰস্তুতিৰে বিভাগীয় বিষয়াসকলে পথ নিৰ্মাণৰ কাম কৰি আছে যদিও অঞ্চলটোত হোৱা নেৰানেপেৰা বৰষুণৰ বাবে পথ মেৰামতিৰ কাম লেহেমীয়া হৈছে ৷ লোক নিৰ্মাণ বিভাগৰ ৰাষ্ট্ৰীয় ঘাইপথ ডিভিজনৰ কনিষ্ঠ অভিযন্তা নাগেশ কুমাৰ সিঙে কয়, ‘‘পথ মেৰামতিৰ কামৰ বাবে কেইবাটাও মেচিন ব্যৱহাৰ কৰা হৈছে যদিও ইন্ধনৰ নাটনিৰ বাবে কামত বাধাৰ সৃষ্টি হৈছে । পথটোৰ কিছুমান অংশত প্ৰায় ৪০-৫০ মিটাৰ পৰ্যন্ত দ গাঁতৰ সৃষ্টি হৈছে ৷ এনেবোৰ অঞ্চলত সম্পূৰ্ণ মেৰামতি কৰিবলৈ এমাহতকৈও অধিক সময়ৰ প্ৰয়োজন হ’ব ৷’’

লগতে পঢ়ক: প্ৰধানমন্ত্ৰী মোদীলৈ ‘গাৰ্ডিয়ান অৱ দ্য ব্লু হৰাইজন’ সন্মান