অৰুণাচলত বিশ্বমানৰ নদী পৰ্যটন গঢ়াৰ পৰিকল্পনা: কেন্দ্ৰীয় সহযোগিতা বিচাৰি নৰেন্দ্ৰ মোদীলৈ পত্ৰ পেমা খাণ্ডুৰ
খাণ্ডুৱে গুৰুত্ব আৰোপ কৰিছে যে স্থানীয় আৰু জনজাতীয় সম্প্ৰদায়সমূহ প্ৰকল্পটোৰ মূলতে থাকিব, যিয়ে অঞ্চলটোৰ সাংস্কৃতিক আৰু পৰিৱেশ ঐতিহ্যৰ প্ৰাথমিক অংশীদাৰ হিচাপে কাম কৰিব ।


Published : April 26, 2026 at 1:42 PM IST
তেজপুৰ : অৰুণাচল প্ৰদেশক প্ৰধান পৰ্যটনস্থলী হিচাপে স্থান দিয়াৰ বাবে এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে ৷ পৰিৱেশ পৰ্যটন, দুঃসাহসিক কৰ্ম, সংস্কৃতি আৰু বহনক্ষম জীৱিকাক একত্ৰিত কৰি নামনি সোৱণশিৰি প্ৰকল্পৰ দ্বাৰা এক বিশ্বমানৰ পৰ্যটন কেন্দ্ৰ গঢ়ি তোলাৰ পৰিকল্পনাৰ কথা ঘোষণা কৰিছে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে ।
মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে দিয়া এক বিবৃত্তিত ঊল্লেখ কৰে যে সোৱণশিৰি নদীত অৱস্থিত ভাৰতৰ সৰ্ববৃহৎ জলবিদ্যুৎ প্ৰকল্প নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প ২০২৬ চনৰ ডিচেম্বৰৰ ভিতৰত সম্পূৰ্ণৰূপে কাৰ্যক্ষম হোৱাৰ সম্ভাৱনা আছে ৷ ইতিমধ্যে চাৰিটা ইউনিট কাৰ্যক্ষম হৈ উঠিছে । এই গুৰুত্বপুৰ্ণ প্ৰকল্পটোৱে সৃষ্টি কৰা ৱাটাৰ ৰিজাৰ্ভাৰত দেশৰ অন্যতম জৈৱ বৈচিত্ৰ্যপূৰ্ণ নদী ক’ৰিডৰৰ ভিতৰত উচ্চমানৰ পৰ্যটন পৰিৱেশ তন্ত্ৰ গঢ়ি তোলাৰ এক অনন্য সুযোগ হিচাপে পৰিকল্পনা কৰা হৈছে ।

মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এই বিষয়ে পত্ৰ প্ৰেৰণ কৰি এই প্ৰকল্পৰ উন্নয়নৰ বাবে ভাৰত চৰকাৰৰ পৰা সহায় বিচাৰিছে । তেওঁ পৰ্যটন, শক্তি, জল শক্তি, বন্দৰ, জাহাজ আৰু জলপথ, উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নকে ধৰি মূল কেন্দ্ৰীয় মন্ত্ৰালয়সমূহৰ পৰাও কাৰিকৰী সহযোগিতা বিচাৰিছে ৷ এই দৃষ্টিভংগীক বাস্তৱায়িত কৰিবলৈ সমগ্ৰ চৰকাৰী পন্থাৰ পোষকতা কৰিছে ।
প্ৰস্তাৱ অনুসৰি পৰ্যটন উন্নয়ন পৰিকল্পনাত একাধিক উপাদান একত্ৰিত কৰিব বিচাৰিছে, য’ত আছে - ইক’ পৰ্যটন আৰু প্ৰকৃতিভিত্তিক অভিজ্ঞতা, দুঃসাহসিক পৰ্যটন আৰু জলক্ৰীড়া, সাংস্কৃতিক আৰু ঐতিহ্য পৰ্যটন, আভ্যন্তৰীণ মীন আৰু জীৱিকা উৎপাদন আৰু বিলাসী নদী ক্ৰুজ আৰু সামুদ্ৰিক ভিত্তিক কাৰ্যকলাপ ৷

এই পদক্ষেপৰ লক্ষ্য হৈছে নেপালৰ ফেৱা হ্ৰদ, থাইলেণ্ডৰ কায়েং ক্ৰাচান, ইটালীৰ কোমো হ্ৰদ আৰু ডলমাইট হ্ৰদৰ বৰ্তনী আৰু নিউজিলেণ্ডৰ মিলফৰ্ড চাউণ্ডৰ দৰে বিশ্বব্যাপী বিখ্যাত গন্তব্যস্থানৰ পৰা প্ৰেৰণা লাভ কৰি এক সামগ্ৰিক, বহনক্ষম পৰ্যটনৰ আৰ্হি স্থাপন কৰা ।
খাণ্ডুৱে গুৰুত্ব আৰোপ কৰিছে যে স্থানীয় আৰু জনজাতীয় সম্প্ৰদায়সমূহ প্ৰকল্পটোৰ মূলতে থাকিব, যিয়ে অঞ্চলটোৰ সাংস্কৃতিক আৰু পৰিৱেশ ঐতিহ্যৰ প্ৰাথমিক অংশীদাৰ, হিতাধিকাৰী, আৰু ৰক্ষক হিচাপে কাম কৰিব ।
এই প্ৰকল্পটোৱে ২৫০০ ৰো অধিক নিয়োগৰ সুযোগ সৃষ্টি কৰিব, বিশেষকৈ স্থানীয় যুৱক-যুৱতীসকলক উপকৃত কৰিব ৷ আনহাতে মধ্যমকালীনভাৱে বাৰ্ষিক ১.৫ লাখতকৈ অধিক পৰ্যটকক লক্ষ্য কৰি লোৱা হ’ব । ইয়াৰ ফলত বহনক্ষম জীৱিকাৰ ক্ষেত্ৰত যথেষ্ট উন্নতি ঘটিব আৰু ৰাজ্যখনৰ পৰ্যটন-চালিত অৰ্থনীতি শক্তিশালী হ’ব বুলি আশা কৰা হৈছে ।
প্ৰথম পৰ্যায়ত চৰকাৰে স্থানীয় সম্প্ৰদায়ৰ সৈতে আলোচনা কৰি বিত্তীয় অনুমান আৰু ৰূপায়ণৰ কাঠামোকে ধৰি বিশদ প্ৰকল্প প্ৰতিবেদন (ডিপিআৰ) প্ৰস্তুত কৰিবলৈ আগশাৰীৰ ডিজাইন আৰু পৰিকল্পনা সংস্থাসমূহক নিয়োজিত কৰিব ।

ৰাষ্ট্ৰীয় আৰু বিশ্ব পৰ্যটন মানচিত্ৰত অৰুণাচল প্ৰদেশক উচ্চ মূল্যৰ গন্তব্যস্থান হিচাপে প্ৰচাৰ কৰাৰ লগতে বহনক্ষম পৰ্যটন উন্নয়নৰ বাবে জলবিদ্যুৎ আন্তঃগাঁথনিৰ লাভ উঠাবলৈ এই পদক্ষেপক এক পৰিৱৰ্তনশীল সুযোগ হিচাপে দেখা গৈছে ।
মন কৰিবলগীয়া যে যোৱা ২৮ মাৰ্চত খাণ্ডুৱে সহকৰ্মী আৰু বিষয়াসকলৰ সৈতে সোৱণশিৰি নদীৰ কাষেৰে প্ৰায় ৪৫ কিলোমিটাৰ দৈৰ্ঘৰ, দুলুংমুখস্থিত সোৱণশিৰি নিম্ন জলবিদ্যুৎ প্ৰকল্পৰ স্থানৰ পৰা কমলে-সোৱণশিৰি সংগমস্থললৈকে তীব্ৰবেগী নদী যাত্ৰা কৰিছিল । তাৰ পিছত তেওঁ এই ‘অভিযান’ক ৰাজ্যখনৰ পৰ্যটনৰ সম্ভাৱনাৰ সৈতে জলবিদ্যুৎ উন্নয়নক একত্ৰিত কৰাৰ বহল প্ৰচেষ্টাৰ অংশ হিচাপে অভিহিত কৰিছিল ।
লগতে পঢ়ক: পশ্চিম এছিয়াৰ সংঘাত উত্তৰ-পূবৰ পৰ্যটন খণ্ডৰ বাবে এক আশীৰ্বাদ

