ETV Bharat / bharat

পূব ইম্ফলত দুটা পৃথক অভিযান : অস্ত্ৰ-শস্ত্ৰ, গুলী-বিস্ফোৰক উদ্ধাৰ

অভিযানৰ সময়ত নিৰাপত্তাৰক্ষীয়ে আৰপিএফ-পিএলএৰ এজন সক্ৰিয় সদস্যক কিয়ামগেই আৱাং লেইকাইত থকা বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰে ।

SEARCH OPERATIONS IN IMPHAL EAST
অস্ত্ৰ-শস্ত্ৰ আৰু গুলী-বিস্ফোৰকৰ সৈতে অভিযানকাৰী দলটো (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : August 24, 2026 at 3:46 PM IST

|

Updated : August 24, 2026 at 7:39 PM IST

3 Min Read
Choose ETV Bharat

তেজপুৰ: মণিপুৰৰ ইম্ফল(পূব) জিলাত দুটাকৈ পৃথক তালাচী অভিযান ৷ সোমবাৰে চলোৱা দুটা পৃথক অভিযানত অস্ত্ৰ-শস্ত্ৰ, গোলা-বাৰুদ আৰু আন কেতবোৰ সামগ্ৰী জব্দ কৰা আৰক্ষীয়ে জানিবলৈ দিয়ে ৷

সূত্ৰ অনুসৰি, প্ৰথমটো অভিযানত ৪ মহাৰ(সীমা)ৰ পৰা পোৱা নিৰ্ভৰযোগ্য চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত তালাচী চলাই প্ৰতিৰক্ষা অভিযানৰ মুৰব্বী(চিডিঅ’), ইম্ফল ইষ্ট আৰু ২৮ আছাম ৰাইফলছৰ যৌথ দলে সাগোলমাং থানাৰ অধীনস্থ ছিনাম কম গাঁৱত তালাচী অভিযান চলায় ।

এই অভিযানত এটা মেগজিনসহ ৭.৬২ এমএম এছএলআৰ ৰাইফল, দুটা মেগজিনসহ এটা ৫.৫৬ এমএম INSAS ৰাইফল আৰু এটা মেগজিনসহ ৯ এমএম পিস্তল উদ্ধাৰ কৰা হয় ।

SEARCH OPERATIONS IN IMPHAL EAST
অস্ত্ৰ-শস্ত্ৰ আৰু গুলী-বিস্ফোৰক উদ্ধাৰ (X@manipur_police)

ইয়াৰোপৰি এটা পম্পি গান, এটা দেশত নিৰ্মিত বন্দুক, দুটা একনলীয় বন্দুক, তিনিটা ৩৬নং হেণ্ড গ্ৰেণেড আৰু এটা এমজি ২ ম’ৰ্টাৰ শ্বেল জব্দ কৰা হয় । এই অভিযানতে বিভিন্ন ধৰণৰ ৪৫ জাঁই সজীৱ গুলী, চাৰিখন বিপি প্লেট, আঠটা বিপি জেকেট আৰু দুটা হেলমেট জব্দ কৰা হয় ।

অভিযানৰ সময়ত নিৰাপত্তাৰক্ষীয়ে আৰপিএফ-পিএলএৰ এজন সক্ৰিয় সদস্যক কিয়ামগেই আৱাং লেইকাইত থকা বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰে । তেওঁক ৩৫ বছৰীয়া নামেইৰাকপাম সঞ্জু মেইটেই ওৰফে ঙানবা(প্ৰয়াত এন ৱাৰজিত মেইটেইৰ পুত্ৰ) বুলি চিনাক্ত কৰা হৈছে । কেডাৰজনৰ জিম্মাৰ পৰা এটা এ কে ৰাইফল, এটা এছএমজি কাৰ্বাইন আৰু বিভিন্ন অস্ত্ৰ-শস্ত্ৰত ব্যৱহৃত ৯টা মেগজিন জব্দ কৰা হৈছে ।

নিৰাপত্তাৰক্ষীৰ দলটোৱে বিভিন্ন কেলিবাৰৰ ৭৩৭ জাঁই গুলী, তিনিখন বুলেটপ্ৰুফ(বিপি) প্লেট আৰু তিনিটা বিপি জেকেট জব্দ কৰে । দুয়োটা ঘটনাৰ সন্দৰ্ভত নিৰাপত্তা সংস্থাই অধিক তদন্ত অব্যাহত ৰাখিছে ।

আনহাতে, মণিপুৰৰ কাংপকপি জিলাৰ জে ছংতুন গাঁৱত সোমবাৰে মণিপুৰ আৰক্ষী, চিআৰপিএফ, আৰএএফ আৰু কোব্ৰাৰ যুটীয়া অভিযান বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু সামগ্ৰী জব্দ হয় । এই অভিযানত দুটাকৈ দেশত নিৰ্মিত ১২-ব’ৰ বন্দুক আৰু বিভিন্ন সা-সামগ্ৰী, ছিৰিয়েল নম্বৰ তথা লাইচেন্সৰ চিহ্ন থকা ১৪টা ১২-ব’ৰ বন্দুকসহ মুঠ ১৬ টা বন্দুক অভিযানকাৰী দলে জব্দ কৰে ।

ইয়াৰোপৰি ১২-ব’ৰৰ ১,২২৫ জাঁই গুলী, ৬টা ভিএফএইচ/ৱায়াৰলেছ ছেট, ৩ ডাল চাৰ্জাৰ, এটা গোল্ডেন এণ্টলাৰ টেলিস্কোপ, ১৮টা বিপি ভেষ্ট আৰু এটা পাউচ জব্দ হয় ।

অভিযান সম্পূৰ্ণ কৰি নিৰাপত্তা বাহিনী উভতি অহাৰ সময়তে স্থানীয় একাংশ গাঁওবাসীয়ে বিশেষকৈ মহিলাসকলে পথত শিলগুটি পেলাই পথ অৱৰোধ কৰে । তেওঁলোকে পৰীক্ষা-নিৰীক্ষা সম্পূৰ্ণ নোহোৱা অস্ত্ৰ আৰু গুলীসমূহ ঘূৰাই দিয়াৰ দাবী জনায় । পৰিস্থিতি উত্তপ্ত হোৱাৰ পিছত নিৰাপত্তা বাহিনীয়ে প্ৰতিবাদকাৰীসকলক আঁতৰাই পথটো মুকলি কৰে আৰু পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে । বৰ্তমান অঞ্চলটোৰ পৰিস্থিতি নিয়ন্ত্ৰণত থকা বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক: মণিপুৰত আছাম ৰাইফলছৰ কনভয়ত সংঘটিত এম্বুশ্বত জড়িত উগ্ৰপন্থীক গ্ৰেপ্তাৰ

Last Updated : August 24, 2026 at 7:39 PM IST