ধন সৰবৰাহৰ গোচৰত ই ডিৰ সন্মুখত উপস্থিত অনিল আম্বানী
তেওঁৰ গ্ৰুপৰ কোম্পানী ৰিলায়েন্স কমিউনিকেচনৰ ৪০ হাজাৰ কোটিৰো অধিক টকাৰ বেংক জালিয়াতিৰ অভিযোগৰ সৈতে এই তদন্ত জড়িত ।

Published : February 26, 2026 at 2:57 PM IST
নতুন দিল্লী : ৰিলায়েন্স গ্ৰুপৰ অধ্যক্ষ অনিল আম্বানীয়ে বৃহস্পতিবাৰে নতুন দিল্লীস্থিত বলৱৎকাৰী সঞ্চালকালয় চমুকৈ ইডিৰ সন্মুখত উপস্থিত হয় । তেওঁ বেংকৰ জালিয়াতিৰ সৈতে জড়িত ধন সৰবৰাহৰ অভিযোগ সম্পৰ্কীয় গোচৰত দ্বিতীয় ৰাউণ্ডৰ সোধা-পোছাৰ বাবে ইডিৰ কাৰ্যালয়ত উপস্থিত হয় ।
৬৬ বছৰীয়া ধীৰুভাই আম্বানীৰ পুত্ৰগৰাকীয়ে মধ্য দিল্লীৰ ইডিৰ কাৰ্যালয়ত প্ৰায় ১০.৩০ বজাত প্ৰৱেশ কৰে । সংস্থাটোৰ বিষয়াসকলে কয় যে তেওঁলোকে ধন সৰবৰাহ প্ৰতিৰোধ আইনৰ (পি এম এল এ) বিধানৰ অধীনত তেওঁৰ বক্তব্য লিপিবদ্ধ কৰিছে । উল্লেখ্য যে যোৱা বছৰ আগষ্ট মাহত ইডিয়ে প্ৰথমবাৰৰ বাবে আম্বানীক জেৰা কৰিছিল ।
তেওঁৰ গ্ৰুপৰ কোম্পানী ৰিলায়েন্স কমিউনিকেচনৰ (আৰ চি অ’ এম) ৪০ হাজাৰ কোটি টকাৰো অধিক মূল্যৰ বেংক জালিয়াতিৰ অভিযোগৰ সৈতে এই তদন্ত জড়িত । এই তদন্তৰ অংশ হিচাপে ইডিয়ে জানুৱাৰী মাহত গ্ৰেপ্তাৰ কৰিছিল আৰ চি অ’ এমৰ প্ৰাক্তন অধ্যক্ষ পুনীত গাৰ্গক । সংস্থাটোৱে পূৰ্বে দাবী কৰা মতে, অভিযোগ অনুসৰি, সৰবৰাহ কৰা ধনসমূহ আৰ চি অ’ এমৰ একাধিক বিদেশী সহযোগী কোম্পানী আৰু ছায়া সংগঠনৰ জৰিয়তে 'ডাইভাৰ্ট' কৰা হৈছে ।
উল্লেখ্য যে আম্বানী আৰু তেওঁৰ একাধিক গ্ৰুপ কোম্পানীয়ে ঋণ জালিয়াতিৰ অভিযোগৰ সন্মুখীন হৈছে । এই সকলো বিষয়ৰ তদন্তৰ বাবে ইডিয়ে শেহতীয়াকৈ এটা বিশেষ তদন্তকাৰী দল (এছ আই টি) গঠন কৰিছে । উচ্চতম ন্যায়ালয়ৰ শেহতীয়া নিৰ্দেনাশৰ ভিত্তিত গঠন কৰা হৈছে এই এছ আই টি । বুধবাৰে ইডিয়ে ধন সৰবৰাহ বিৰোধী আইনৰ অধীনত ৩,৭১৬ কোটি টকাৰ আম্বানীৰ মুম্বাইৰ ঘৰ ‘এবোড’ক জব্দ কৰে ।
ইডিয়ে উচ্চতম ন্যায়ালয়ত প্ৰদান কৰা তথ্য অনুসৰি, বেংকৰ ঋণ জালিয়াতি আৰু অন্যান্য বিত্তীয় অনিয়মৰ অভিযোগৰ তদন্তৰ বাবে অনিল ধীৰুভাই আম্বানী গ্ৰুপৰ বিৰুদ্ধে তিনিটা ধন সৰবৰাহৰ গোচৰ ৰুজু কৰিছে ।

