ঘঁহোতে ঘঁহোতে শিলো ক্ষয় যায় : এবাৰ-দুবাৰ নহয় ৫০ বাৰ পৰীক্ষাত বহি চৰকাৰী চাকৰি পালে অশোকে
ৰে'লৱেৰ ষ্টেচন মাষ্টাৰৰ চাকৰি এটা তিনি নম্বৰ কম হোৱাৰ বাবে পোৱা নাছিল । ২ৰ পৰা ৫ নম্বৰ কম হোৱাৰ বাবে আন ছটা চাকৰিও হেৰুৱাইছিল ।

Published : December 18, 2025 at 3:27 PM IST
কোৰুকোণ্ডা (অন্ধ্ৰপ্ৰদেশ): অসমীয়াত কথা এষাৰ আছে নহয় যে ঘঁহোতে ঘঁহোতে শিলো ক্ষয় যায় ৷ এই আপ্তবাক্যশাৰী চকুত আঙুলি থৈ আকৌ এবাৰ প্ৰমাণ কৰি দেখুৱাই দিলে অন্ধ্ৰপ্ৰদেশৰ এজন যুৱকে ৷ নাম তেওঁৰ আন্দিবয়না অশোক ৷ অশোকৰ ঘৰ কোৰুকোণ্ডা মণ্ডলৰ দোছাকায়ালাপল্লী নামৰ গাওঁখনত ৷
বহুতৰে আশা- পঢ়া-শুনাৰ অন্তত এটা চৰকাৰী চাকৰি যোগাৰ কৰি লোৱা, যাতে ভৱিষ্যতটো নিৰাপদ হয় ৷ তেনেকুৱা এটা আশা অশোকৰো আছিল ৷ কিয়নো অভাৱ-অনাটন ঘৰখনত অশোকে সৰুৰে পৰা দেখি আহিছে ৷ অশোকৰ দেউতাক বিষ্ণু এজন দৰ্জী ৷ মাক আদিলক্ষ্মী এগৰাকী গৃহিনী ৷ কোনোমতে ঘৰখন চলি থাকে ৷ সেয়ে অশোকৰ সপোন- কোনোমতে চৰকাৰী নিৰাপদ চাকৰি এটা যোগাৰ কৰি ল'ব পাৰিলেই মাক-দেউতাকক অলপ সুখত ৰাখিব পাৰিব !
যুদ্ধখন তাৰ পৰাই আৰম্ভ হ'ল ৷ অশোকে আৰম্ভ কৰিলে চৰকাৰী চাকৰিৰ বাবে প্ৰস্তুতি ৷ ইটোৰ পিছত সিটোকৈ চৰকাৰী চাকৰিৰ বাবে আৱেদন কৰিলে ৷ ধাৰাবাহিকভাৱে নিযুক্তিৰ বাবে হৈ থকা সাক্ষাৎকাৰ-পৰীক্ষাসমূহত বহি থাকিল ৷ সাধাৰণতে এটা চৰকাৰী চাকৰি লাভৰ আশাত অধিকাংশই খুব বেছি এবাৰ-দুবাৰ বা কোনোবাই সৰ্বাধিক ১০ বা ১৫ বাৰলৈ চেষ্টা কৰে ৷ কিন্তু প্ৰতিবাৰেই ব্যৰ্থ হোৱাৰ পিছত এটা সময়ত হতাশগ্ৰস্ত হৈ চৰকাৰী চাকৰি লাভৰ আশা বাদ দিয়ে আৰু তেনে ধৰণৰ সাক্ষাৎকাৰ বা পৰীক্ষাত বহাটো বন্ধ কৰি আন কোনো সংস্থাপন যোগাৰ কৰি লয় ৷ কিন্তু ব্যতিক্ৰম আছিল অশোক ৷
আপুনি হয়তো বিশ্বাস কৰিবলৈও টান পাব যে এই অশোক নামৰ যুৱকজনে ১০ বা ১৫ বাৰ নহয়, ৫০ বাৰলৈকে বিভিন্ন চৰকাৰী চাকৰিৰ পৰীক্ষাত বহিল আৰু অৱশেষত সফল হ'ল ৷ অশোকে এইবাৰ লাভ কৰিলে আৰক্ষী কনিষ্টবলৰ চাকৰি ৷ অশোক এতিয়া অত্যন্ত সুখী ৷ পৰাজয় অশোকে মানি নল'লে ৷ চাকৰিটো লাভ কৰাৰ পিছত অশোকে ই টিভি ভাৰতৰ ক'লে- "২১ বছৰ বয়সৰ পৰাই প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছিলো । আৰ আৰ বি , বেংক, এছ এছ চি , এ পি পি এছ চি আদি প্ৰায় সকলো পৰীক্ষাত বহিছিলো ৷ পৰীক্ষাৰ মাচুল, কিতাপ আৰু অনলাইন ম'ক টেষ্ট এইবিলাকত বহুত টকা খৰচ হৈছিল । মোৰ লগত দীপক নামৰ বন্ধু এজনেও প্ৰস্তুতি চলাই আছিল । ২০২২ চনত দীপকে বেংকৰ চাকৰি এটা পাইছিল । তেতিয়ালৈকে মই ইতিমধ্যে বহু পৰীক্ষাত বহিছিলো । ৰে'লৱেত ষ্টেচন মাষ্টাৰৰ চাকৰি এটা মাত্ৰ তিনি নম্বৰ কম হোৱাৰ বাবে পোৱা নাছিলো । কেৱল সেয়াই নহয়, ২ৰ পৰা ৫ নম্বৰ কম হোৱাৰ বাবে মই আন ছটা চাকৰিও হেৰুৱাইছিলো ।"
অশোকে আৰু ক'লে- "বহু সময়ত মই হতাশ হৈ পৰিছিলো । মোৰ এনে লাগিছিল যেন মই সফল হ'ব নোৱাৰিম । মোৰ মা-দেউতাই মোক বহুত উৎসাহিত কৰিছিল । দীপকেও আৰ্থিক সাহায্য আগবঢ়োৱাৰ লগে লগে মই মোৰ চেষ্টা অব্যাহত ৰাখিলো আৰু অৱশেষত মোৰ সপোন বাস্তৱায়িত হ’ল যেতিয়া মই কনিষ্টবলৰ চাকৰিটো পালো ।"
লগতে পঢ়ক: ঝাৰখণ্ডত মাওবাদীৰ আক্ৰমণত গুৰুতৰভাৱে আহত অসমৰ ২ জোৱান, হেৰুৱালে ভৰি

