ETV Bharat / bharat

ট্ৰাকৰ সৈতে বাছৰ মুখামুখি সংঘৰ্ষত অগ্নিদগ্ধ ১৩, আহত ১৮

মুখ্যমন্ত্ৰী নাইডুৱে আহতসকলৰ সৰ্বোত্তম চিকিৎসা নিশ্চিত কৰিবলৈ জিলা কৰ্তৃপক্ষক নিৰ্দেশ দিয়াৰ লগতে দুৰ্ঘটনাটোৰ সম্পূৰ্ণ তদন্ত কৰিবলৈও বিষয়াসকলক নিৰ্দেশ দিয়ে ।

ANDHRA BUS FIRE
ট্ৰাকৰ সৈতে বাছৰ মুখামুখি সংঘৰ্ষ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : March 26, 2026 at 10:25 AM IST

2 Min Read
Choose ETV Bharat

মাৰ্কাপুৰম (অন্ধ্ৰ প্ৰদেশ): অন্ধ্ৰ প্ৰদেশৰ মাৰ্কাপুৰম জিলাত বৃহস্পতিবাৰে পুৱা এখন ট্ৰাক আৰু যাত্ৰীবাহী বাছৰ মাজত হোৱা মুখামুখি সংঘৰ্ষত ১৩ জন যাত্ৰী অগ্নিদগ্ধ হোৱাৰ বিপৰীতে ১৮জন আহত হয় ৷ ৰায়ৱৰামৰ সমীপত পুৱা প্ৰায় ৬.৩০ বজাত সংঘটিত হয় এই দুৰ্ঘটনাটো ঘটনা । হায়দৰাবাদৰ পৰা পামুৰু অভিমুখে গৈ থকা বাছখনে স্লেব কুৱেৰীৰ সমীপত এখন শিলগুটি ভৰ্তি ট্ৰাকৰ সৈতে সংঘৰ্ষ হয় ৷ প্ৰাথমিক তথ্য অনুসৰি, অসাৱধানতাৰে ট্ৰাকখন চলাই থকাৰ ফলতেই দুৰ্ঘটনাটো সংঘটিত হোৱাৰ লগতে গাড়ী দুখনৰ মাজত অগ্নিকাণ্ড সংঘটিত হয় ৷

ইফালে দুৰ্ঘটনাৰ সম্ভেদ লাভ কৰাৰ লগে লগে ঘটনাস্থলীত আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ লোক উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে । আহতসকলক চিকিৎসাৰ বাবে মাৰ্কাপুৰমৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে । মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে । ইফালে দুৰ্ঘটনাত বাছ আৰু ট্ৰাকখন সম্পূৰ্ণৰূপে জ্বলি ভষ্মীভূত হয় ।

দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত বাছখনত ২০ জনতকৈ অধিক যাত্ৰী আছিল বুলি জানিব পৰা হৈছে ৷ অনুমান কৰা হৈছে যে বাছখনৰ পিছফালে বহি থকা যাত্ৰীসকলে নামিব নোৱৰাৰ বাবেই মৃত্যুক সাৱটি লয় ৷ বাছখনৰ সন্মুখৰ প্ৰায় ১০ জন লোক ৰক্ষা পৰে ৷ নিহত লোককেইজন কানিগিৰি অঞ্চলৰ বাসিন্দা বুলি সন্দেহ কৰা হৈছে ৷

ইফালে, এই দুৰ্ঘটনাত শোক প্ৰকাশ কৰে মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুৱে ৷ তেওঁ নিহত লোকৰ আত্মীয়ক সমবেদনা জ্ঞাপন কৰাৰ লগতে আহত লোকৰ অশু আৰোগ্য কামনা কৰে ৷ তেওঁ লগতে বিভাগীয় কৰ্তৃপক্ষক দুৰ্ঘটনাৰ কাৰণসমূহৰ বিশদ তদন্ত কৰি প্ৰতিবেদন দাখিল কৰিবলৈও নিৰ্দেশ দিয়ে ।

লগতে পঢ়ক : নদীত ডুবিল যাত্ৰীবাহী বাছ; ২৩ জনৰ মৃত্যু, সন্ধানহীন কেইবাজনো