বৃহস্পতিবাৰে ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে আদালতত হাজিৰ কৰোৱা হ'ব অমৃতপাল সিঙক
অমৃতপাল সিঙৰ এনএছএৰ ম্যাদৰ অন্ত পৰাৰ লগে লগে সষ্টম হৈছে আৰক্ষী ।

Published : April 22, 2026 at 6:21 PM IST
অমৃতসৰ : অসমৰ ডিব্ৰুগড় কাৰাগাৰত দীৰ্ঘদিন ধৰি বন্দী হৈ থকা ৱাৰিছ পঞ্জাব দে'ৰ মুৰব্বী তথা সাংসদ অমৃতপাল সিং সম্পৰ্কত গুৰুত্বপূৰ্ণ খবৰ । সিঙৰ বিৰুদ্ধে উত্থাপিত ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ (এনএছএ) ম্যাদ উকলিল । ইয়াৰ পিছত সিঙক আদালতত হাজিৰ কৰাৰ লগতে পৰৱৰ্তী জেৰাৰ বাবে অধিক পদক্ষেপ গ্ৰহণ কৰা হৈছে ।
ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে আদালতত হাজিৰ
জানিব পৰা মতে বৃহস্পতিবাৰে অমৃতপাল সিঙক ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে আদালতত হাজিৰ কৰোৱা হ'ব । এই সন্দৰ্ভত অধিবক্তা ঋতুৰাজ সিং সন্ধুই কয়, "কাইলৈ (বৃহস্পতিবাৰে) ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে সাংসদ অমৃতপাল সিঙক আজনালা আদালতত হাজিৰ কৰোৱা হ'ব । আজনালা থানাত পঞ্জীয়ন হোৱা এফআইআৰ নম্বৰ ৩৯ৰ সৈতে জড়িত গোচৰত তেওঁক হাজিৰ কৰোৱা হ'ব । পঞ্জাব আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ে পঞ্জাব চৰকাৰে দাখিল কৰা আৱেদনত অনুমোদন জনাই অমৃতপাল সিঙক হাজিৰ কৰোৱাৰ অনুমতি প্ৰদান কৰাৰ পিছতে অসমত থাকিলে তেওঁক আদালতত হাজিৰ কৰোৱাৰ প্ৰক্ৰিয়া সম্ভৱ হৈ উঠিছে ।"
অসমত উপস্থিত আৰক্ষীৰ দল
ইফালে অমৃতপাল সিঙৰ এনএছএৰ ম্যাদৰ অন্ত পৰাৰ লগে লগে সষ্টম হৈছে আৰক্ষী । সিঙক যিকোনো মুহূৰ্তত পুনৰ গ্ৰেপ্তাৰ কৰিব পাৰে । উপ-আৰক্ষী অধীক্ষক পৰ্যায়ৰ এজন বিষয়াৰ নেতৃত্বত এটা দল ইতিমধ্যে অসমৰ ডিব্ৰুগড় কাৰাগাৰত উপস্থিত হৈছে । ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে সিঙক আদালতত হাজিৰ কৰোৱাৰ সময়ত এই দলটোৱে গোচৰটোৰ তদন্ত আগুৱাই নিয়াৰ বাবে তেওঁক জিম্মাত লোৱাৰ চেষ্টা কৰিব পাৰে ।
অধিবক্তা ঋতুৰাজ সিং সন্ধুৱে কয়, "এজাহাৰত অমৃতপাল সিং, তেওঁৰ সহযোগী পপ্পলপ্ৰীত সিং আদিৰ নাম উল্লেখ কৰা হৈছিল । এই গোচৰৰ বাকী অভিযুক্তসকলক ইতিমধ্যে আদালতত হাজিৰ কৰোৱা হৈছে আৰু এতিয়া অমৃতপাল সিঙক কৰোৱা হ'ব । আৰক্ষীৰ জিম্মা সাধাৰণতে ৫-৬ টা প্ৰশ্নৰ ওপৰত নিৰ্ভৰ কৰে । ইয়াৰ বাহিৰেও তেওঁলোকে কি ভিত্তিত তেওঁক জিম্মাত বিচাৰিব সেয়া হ'ব লক্ষণীয় ।"
লগতে পঢ়ক :
আজি অন্ত পৰিব ৱাৰিছ পঞ্জাৱ দে'ৰ মুৰব্বী অমৃতপাল সিঙৰ ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ ম্যাদ

