দুবছৰীয়া এটি শিশুৰ হাওঁফাওঁত আবদ্ধ ৰিম’টৰ বাল্ব: চিকিৎসকে ৰক্ষা কৰিলে প্ৰাণ
ধৰিত্ৰীৰ ভগৱানৰ ৰূপত চিকিৎসক ৷ জটিল অস্ত্ৰোপ্ৰচাৰৰ অন্তত এটি শিশুৰ হাওঁফাওঁত আবদ্ধ হৈ থকা ৰিম’টৰ বাল্ব সদৃশ এটা অংশ সফলতাৰে বাহিৰ কৰে ৷

Published : May 28, 2026 at 6:33 PM IST
ফৰিদাবাদ (হাৰিয়ানা): সন্তানক প্ৰতিগৰাকী অভিভাৱকে নিজৰ চকুৰ সমুখত ৰাখিব লাগে ৷ কাৰণ কোন সময়ত কি হয় কোনেও নাজানে ৷ বিশেষকৈ এক-ডেৰ বছৰীয়া শিশুৰ ক্ষেত্ৰত অভিভাৱকে অধিক মনোযোগ দিয়াটো উচিত ৷ এই সময়ছোৱাত শিশুৱে ভাল-বেয়া একো নুবুজে ৷ মাত্ৰ আনক দেখি কাম কৰে আৰু যি বস্তু কাষত পায়, সকলো মুখলৈ নিয়ে ৷ যাৰ ফলত কেতিয়াবা তেনে শিশুটি ভয়ংকৰ বিপদত পৰিব পাৰে ৷
আজি আমি ক’বলৈ লৈছো এনে এক ঘটনাৰ বিষয়ে ৷ দুবছৰীয়া এটি শিশু, খেলি থাকোতে দেখা পালে জিলিকি থকা এটা বস্তু ৷ লগে লগে শিশুটিয়ে মুখত ভৰাই দিলে সেই বস্তুবিধ আৰু তাৰ পাছত... এই বিষয়ে গম পোৱাৰ লগে লগে শিশুটিৰ অভিভাৱকৰ মূৰত যেন সৰগ ভাগি পৰিল ৷
শিশুটিয়ে মুখত ভৰোৱা বস্তুবিধ বুকুত আবদ্ধ হৈ পৰে ৷ যাৰ ফলত দুবছৰীয়া শিশুটিৰ স্বাস্থ্যৰ অৱনতি ঘটিবলৈ ধৰে ৷ লগে লগে শিশুটিৰ অভিভাৱকে চিকিৎসৰ কাষ চাপে ৷ বহু পৰীক্ষা-নিৰীক্ষাৰ অন্তত শিশুটিৰ অস্ত্ৰোপ্ৰচাৰ কৰা হয় ৷ এক জটিল অস্ত্ৰোপ্ৰচাৰৰ অন্তত শিশুটিৰ হাওঁফাওঁত আবদ্ধ হৈ পৰা বস্তুবিধ উলিয়াই আনিবলৈ সক্ষম হয় ৷ এই জটিল অস্ত্ৰোপ্ৰচাৰৰ অন্তত শিশুটি বৰ্তমান সুস্থ হৈ আছে বুলি জানিব পৰা গৈছে ৷
আমি উল্লেখ কৰা এই ঘটনাটো হৈছে ফৰিদাবাদৰ ৷ জানিব পৰা মতে, দুবছৰীয়া শিশুটিয়ে টিভিৰ ৰিম’টৰ এটা সৰু বাল্ব সদৃশ অংশ মুখত ভৰাই দিয়ে ৷ যাৰ ফলত শিশুটিৰ কাহ হয় আৰু উশাহ লোৱাত অসুবিধা হয় ৷ চিকিৎসকৰ পৰীক্ষাৰ অন্তত গম পোৱা যায় যে, এসপ্তাহ ধৰি শিশুটিৰ হাওঁফাওঁত আবদ্ধ হৈ আছিল বাল্ব সদৃশ এটা বস্তু । অৱশেষত ফৰিদাবাদৰ অমৃতা হাস্পতালৰ চিকিৎসকে জটিল অস্ত্ৰোপ্ৰচাৰৰ অন্তত নিৰাপদে সেই সামগ্ৰীটো দেহৰ পৰা বাহিৰ কৰি দিয়ে ৷
শিশুটিৰ উশাহ-নিশাহ ল’বলৈ অসুবিধা হৈছিল :
চলিত বৰ্ষৰ ১১ মে’ত শিশুটিক চিকিৎসালয়ৰ জৰুৰীকালীন বিভাগত ভৰ্তি কৰোৱা হৈছিল । শিশুটিৰ অভিভাৱকে উল্লেখ কৰা মতে, তেওঁলোকৰ সন্তানটিৰ ধাৰাবাহিক কাহ হয় ৷ শিশুটিয়ে উশাহ লোৱাত অসুবিধা পাই আৰু মাজে মাজে জ্বৰ হয় । প্ৰথম অৱস্থাত পৰিয়ালটোৱে ইয়াক সাধাৰণ জৰ বুলি গণ্য কৰে আৰু স্থানীয় শিশু চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰে ৷ কিন্তু জ্বৰ-কাহৰ চিকিৎসা কৰাৰ পিছতো শিশুটিৰ অৱস্থাৰ উন্নতি নোহোৱাত উন্নত চিকিৎসাৰ বাবে ফৰিদাবাদৰ অমৃতা হাস্পতালৰ চিকিৎসকৰ কাষ চাপে ৷
খেলি থাকোতেই ঘটিল এই অঘটন:
শিশুটিৰ পিতৃ-মাতৃয়ে উল্লেখ কৰা মতে, প্ৰায় এসপ্তাহ পূৰ্বে তেওঁলোকৰ সন্তানটিয়ে টিভিৰ ৰিম’টৰ সৰু বাল্বৰ দৰে অংশ এটা লৈ খেলি আছিল । ভুলবশতঃ সেই অংশটো শিশুটিয়ে মুখত ভৰাই দিয়ে আৰু সেই টুকুৰাটো ডিঙিত সোমাই পৰিব পাৰে বুলি সন্দেহ কৰা হৈছিল । চিকিৎসকে উশাহৰ নলীত কোনো বস্তু সোমাই থকাৰ সন্দেহ কৰি শিশুটিক ততাতৈয়াকৈ অমৃতা চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷
বাল্বটো হাওঁফাওঁৰ নলীৰ গভীৰতাত সোমাই আছিল:
চিকিৎসালয়ৰ পৰীক্ষা কৰি দেখে যে ৰিম’ট বাল্বৰ দৰে অংশটো শিশুটিৰ সোঁ হাওঁফাওঁৰ তলৰ গভীৰতাত সোমাই আছিল । চিকিৎসকে পৰিস্থিতি কিছু বিষম দেখি ই অত্যন্ত বিপজ্জনক বুলি অভিহিত কৰে ৷ কাৰণ শিশুটিৰ শৰীৰত আবদ্ধ হৈ পৰা বস্তুটোত ধাতুৰ তাঁৰ আৰু কাঁচৰ টুকুৰা আছিল । বস্তুটো দীৰ্ঘদিন ধৰি শৰীৰত আবদ্ধ হৈ থকা অংশ ফুলি যোৱাৰ লগতে দানাযুক্ত ফোঁহা হয় ৷
বিশেষজ্ঞৰ এটা দলে দায়িত্ব লয়:
এই ঘটনাটোৰ প্ৰতি লক্ষ্য ৰাখি শিশুৰ পালমোন’লজী, প্ৰাপ্তবয়স্ক পালমোন’লজী, শিশু এনাস্থেচিয়া আৰু ই এন টি বিভাগৰ দলসমূহে যৌথভাৱে জৰুৰীকালীন ব্ৰংকোস্কপিৰ বাবে সাজু হয় । এই দলটোত ডাঃ মনিন্দৰ ধলিৱাল, ডাঃ সৌৰভ পহুজা, ডাঃ ৰিধিমা ভাটিয়াকে ধৰি কেইবাজনো বিশেষজ্ঞ জড়িত আছিল ।
উন্নত প্ৰযুক্তি ব্যৱহাৰ কৰি বাল্বটো শৰীৰৰ পৰা উলিয়াই অনা হয়:
উন্নত ব্ৰংকোস্কপি কৌশল ব্যৱহাৰ কৰি চিকিৎসকে সাৱধানে বাল্বটো শিশুটিৰ দেহৰ পৰা বাহিৰ কৰিবলৈ সক্ষম হয় । এই অস্ত্ৰোপ্ৰচাৰ সফল হোৱাত শিশুটিৰ উশাহ-নিশাহ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহে । চিকিৎসাৰ অন্তত এই শিশুটিক চিকিৎসকে চিকিৎসালয়ৰ পৰা ঘৰলৈ নিবলৈ অনুমতি দিয়ে ৷
সময়ত চিনাক্তকৰণ অতি প্ৰয়োজনীয়:
শিশুটিক চিকিৎসা কৰা চিকিৎসকৰ দলটোৱে কয়, "যদি কোনো শিশুৱে হঠাতে কাহ, উশাহ লোৱাত অসুবিধা পায়, বিশেষকৈ ডিঙিত কিবা এটা আবদ্ধ হৈ পৰে, তেন্তে ইয়াক একেবাৰেই আওকাণ কৰা উচিত নহয় ।"

