ETV Bharat / bharat

মমতা বেনাৰ্জীয়ে আনিছে গুৰুতৰ অভিযোগ; উত্তৰত দিদিলৈ আইনী জাননী প্ৰেৰণ কৰিলে শুভেন্দু অধিকাৰীয়ে

কয়লা সৰবৰাহৰ গোচৰত জড়িত আছে অমিত শ্বাহ আৰু শুভেন্দু - এই অভিযোগ আনিছিল মমতা দিদিয়ে ৷ সেয়ে এতিয়া আইনী পন্থা লৈছে অধিকাৰীয়ে ৷

West Bengal LOP Suvendu Adhikari addresses the media in front of Bidhan sabha over ED raids at I-PAC office
পশ্চিমবংগৰ বিৰোধী নেতা শুভেন্দু অধিকাৰী (ANI)
author img

By ETV Bharat Assamese Team

Published : January 10, 2026 at 4:59 PM IST

7 Min Read
Choose ETV Bharat

কলকাতা (পশ্চিমবংগ) : বংগ নিৰ্বাচনৰ পূৰ্বে আৰম্ভ হৈছে বিজেপি আৰু তৃণমূল কংগ্ৰেছৰ অভিযোগ-প্ৰতিঅভিযোগ । ৰাজনৈতিক পৰামৰ্শদাতা প্ৰতিষ্ঠান ইণ্ডিয়ান পলিটিকেল একচন কমিটী (আই-পেক)ৰ ওপৰত বলবৎকাৰী সঞ্চালকালয়ৰ অভিযানৰ পিচতেই আৰম্ভ হোৱা এই বিবাদ তীব্ৰতৰ হৈছে । এই অভিযানক লৈ হোৱা বিবাদৰ মাজতে কয়লা সৰবৰাহৰ গোচৰ সন্দৰ্ভত পশ্চিমবংগৰ বিৰোধী নেতা শুভেন্দু অধিকাৰী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ।

মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে এই অভিযোগ উত্থাপন কৰাৰ পিচতেই সৰৱ হৈ পৰিছে পশ্চিমবংগৰ বিৰোধী নেতা শুভেন্দু অধিকাৰী । এইবাৰ উক্ত অভিযোগ সন্দৰ্ভত মুখ্য়মন্ত্ৰীক ৭২ ঘণ্টাৰ ভিতৰত প্ৰমাণৰ বাবে দাবী জনাই মমতা বেনাৰ্জীলৈ আইনী জাননী প্ৰেৰণ কৰিছে পশ্চিমবংগৰ বিৰোধী নেতাগৰাকীয়ে ।

উল্লেখ্য় যে যোৱা শুকুৰবাৰে মুখ্য়মন্ত্ৰী বেনাৰ্জীয়ে অভিযোগ কৰে যে এই গোচৰত অমিত শ্বাহ আৰু শুভেন্দু অধিকাৰী জড়িত আছে । কেলেংকাৰীৰ ধন অধিকাৰীৰ জৰিয়তে শ্বাহলৈ প্ৰেৰণ কৰা হৈছে বুলিও অভিযোগ কৰে মুখ্য়মন্ত্ৰীয়ে । মুখ্য়মন্ত্ৰী বেনাৰ্জীয়ে আই-পিএচিৰ কলকাতা কাৰ্যালয়ত ইডিৰ অভিযানৰ বিৰুদ্ধে প্ৰতিবাদৰ মাজতে ৰাজহুৱা সভাত ভাষণ দি এইদৰে মন্তব্য কৰে ।

শুকুৰবাৰে এক্সত শ্বেয়াৰ কৰা এটা পোষ্টত শুভেন্দু অধিকাৰীয়ে কয় যে অব্য়াহত থকা ইডি তদন্তৰ পৰা মনোযোগ আঁতৰোৱাৰ এক হতাশজনক চেষ্টাত মুখ্যমন্ত্ৰীৰ এই অভিযোগ উত্থাপন কৰিছে ।

তেওঁ লগতে কয় যে এই দাবীসমূহ মানহানিকাৰক, ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত আৰু ৰাজহুৱা বক্তৃতাৰ বাবে ক্ষতিকাৰক । শুভেন্দু অধিকাৰীয়ে নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত মুখ্য়মন্ত্ৰীয়ে প্ৰমাণ দাখিল নকৰিলে তেওঁ আইনী প্ৰতিকাৰৰ পথ আগবঢ়াব বুলিও সকীয়াই দিয়ে ।

"অব্য়াহত থকা ইডি তদন্তৰ পৰা মনোযোগ আকৰ্ষণ কৰাৰ এক হতাশজনক চেষ্টা কৰি আজি মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কয়লা কেলেংকাৰীৰ সৈতে জড়িত থকা বুলি মোৰ লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ বিৰুদ্ধে একেবাৰে ভিত্তিহীন মানহানিকাৰক অভিযোগ উত্থাপন কৰিছে । কোনো তথ্য় প্ৰমাণ নোহোৱাকৈয়ে ব্যক্তিগত অপমানৰ সৈতে জড়িত এই অসাৱধানতাপূৰ্ণ বক্তব্য ৰাজহুৱাভাৱে দাঙি ধৰিছে । এনে প্ৰমাণহীন দাবীয়ে কেৱল মোৰ সুনাম কলংকিত কৰাই নহয়, ৰাজহুৱা বক্তৃতাৰ মৰ্যাদাকো ক্ষতিগ্ৰস্ত কৰিছে । আজি মোৰ অধিবক্তাৰ জৰিয়তে তেওঁক ৭২ ঘণ্টাৰ ভিতৰত সকলো কথিত প্ৰমাণ দিবলৈ দাবী জনাইছো । যদিহে তেওঁ তেনে কৰিব নোৱাৰে তেন্তে মই মানহানিৰ বাবে উপযুক্ত দেৱানী আৰু অপৰাধমূলক ব্যৱস্থা গ্ৰহণ কৰিম ।"

ভিত্তিহীন আৰু সম্পূৰ্ণ অপ্ৰমাণিত :

এই জাননীখনত অধিকাৰীয়ে মুখ্যমন্ত্ৰীৰ বক্তব্যক “অসাৱধান, ভিত্তিহীন আৰু সম্পূৰ্ণ প্ৰমাণহীন” বুলি অভিহিত কৰিছে । কোনো প্ৰমাণ দাখিল নকৰাকৈ মানহানিকাৰক অভিযোগ উত্থাপন কৰা বুলিও কয় বিৰোধী নেতাগৰাকীয়ে ।

জনপ্ৰতিনিধি হিচাপে নিজৰ সুনাম আৰু মৰ্যাদাক কলুষিত কৰাৰ লক্ষ্যৰে ব্যক্তিগত আৰু অৰুচিকৰ মন্তব্য বুলি তেওঁ অভিযোগ কৰে । জাননীখনত মুখ্যমন্ত্ৰীয়ে নিৰ্ধাৰিত ৭২ ঘণ্টাৰ ভিতৰত তেওঁৰ দাবীৰ সমৰ্থনত সকলো নথি-পত্ৰ, সামগ্ৰী আৰু কথিত প্ৰমাণ দাখিল কৰিবলৈ আহ্বান জনাইছে অধিকাৰীয়ে ।

শুকুৰবাৰে সভাত ভাষণ দি মুখ্য়মন্ত্ৰী বেনাৰ্জীয়ে কয়, "নিৰ্বাচন আয়োগত কোন বহি আছে জানেনে । তেওঁ আছিল অমিত শ্বাহৰ সহযোগিতা বিভাগৰ সম্পাদক । মোৰ সেইক্ষেত্ৰত কোনো সমস্যা নাই । যদি জ্ঞানেশ কুমাৰে ভোট হেৰুৱাইছে, তেতিয়াহ'লে মই কিয় মনে মনে থাকিম ? যদি ভোটাৰৰ অধিকাৰ কাঢ়ি লোৱা হয়, তেন্তে মই আপোনালোকৰ অধিকাৰ কাঢ়ি লম । দিল্লীত টিএমচিৰ সাংসদসকলক প্ৰতিবাদ কৰি থকাৰ সময়ত নিৰ্দয়ভাৱে টানি অনা হৈছে ।"

"সকলো সংস্থাই দখল কৰা হৈছে... কয়লা কেলেংকাৰীৰ ধন কোনে পাইছে ? অমিত শ্বাহে পাইছে । এই ধন শুভেন্দু আধিকাৰীৰ জৰিয়তে যায় । ধন বিজেপি নেতা জগন্নাথ চট্টোপাধ্যায়ৰ জৰিয়তে শুভেন্দু অধিকাৰীৰ ওচৰলৈ যায় । শুভেন্দু অধিকাৰীয়ে এই ধন অমিত শ্বাহলৈ প্ৰেৰণ কৰে ।" মুখ্য়মন্ত্ৰী বেনাৰ্জীয়ে এইদৰে কয় ।

ইডিৰ অভিযান চলাই থকাৰ সময়ত আই-পেকৰ কাৰ্যালয়ত প্ৰৱেশ কৰা সন্দৰ্ভত মমতা বেনাৰ্জীয়ে অভিযোগ কৰে যে এজেন্সীৰ বিষয়াসকলে নিৰ্বাচন সম্পৰ্কীয় তথ্য চুৰি কৰিছে ।

মুখ্য়মন্ত্ৰী বেনাৰ্জীয়ে কয়, "মই একো ভুল কৰা নাই । আপুনি মোক হত্যা কৰিবলৈ আহিছে । নিজক ৰক্ষা কৰাৰ অধিকাৰ মোৰ আছে । আপুনি কিয় চোৰৰ দৰে প্ৰৱেশ কৰিলে ? আপুনি সকলো ভোটাৰৰ SIR ডাটা চুৰি কৰিছে । আপুনি BLA-1 আৰু BLA-2 ঠিকনা আৰু আই-পিএচি কাৰ্যালয়ত সাধাৰণ মানুহৰ আবেদন চুৰি কৰিছে ।"

ইডিয়ে পুৱা ৬ বজাত কাৰ্যালয়ত প্ৰৱেশ কৰা বুলি দাবী কৰি মুখ্য়মন্ত্ৰী বেনাৰ্জীয়ে কয় যে তেওঁ ১১.৪৫ বজাত আহিছিল । "৫.৫ ঘন্টাত আপুনি সকলো চুৰি কৰি লৈ গ'ল । মই আই-পেকৰ সঞ্চালক প্ৰতীক জৈনক ফোন কৰিলো; কিন্তু তেওঁ ফোন ৰিচিভ কৰা নাছিল । তাৰ পিছত মোৰ কিবা সন্দেহ হ'ল । একেটা আই-পিএচিয়ে ২০১৪ চনৰ লোকসভা নিৰ্বাচনত পিএম মোদীৰ সৈতে কাম কৰিছিল । মই আই-পেকক আমাৰ আই টি চেল চোৱাৰ দায়িত্ব দিছো ।" মুখ্য়মন্ত্ৰীয়ে এইদৰে কয় ।

ইডিয়ে কিয় আই-পিএচিত অভিযান চলাইছিল?

বলবৎকাৰী সঞ্চালকালয়ে প্ৰকাশ কৰা এক বিবৃতি অনুসৰি, পশ্চিম বৰ্ধমান জিলাৰ আছানছল আৰু ইয়াৰ আশে-পাশে থকা ইষ্টাৰ্ণ ক’লফিল্ডছৰ পট্টা অঞ্চলৰ পৰা কয়লা খনন কৰাৰ অভিযোগত চিবিআইয়ে ২০২০ চনত ৰুজু কৰা এক গোচৰৰ তদন্তৰ অংশ হিচাৰে এই অভিযোন চলাইছিল ।

ইডিৰ তথ্য অনুসৰি কয়লা সৰবৰাহৰ চক্ৰৰ সৈতে জড়িত হাৱালা অপাৰেটৰে আই-পিএচিৰ পঞ্জীয়নভুক্ত কোম্পানী ইণ্ডিয়ান পিএচি কনছালটিং প্ৰাইভেট লিমিটেডক দহ কোটি টকাৰ লেনদেন সহজ কৰিছিল ।

আইপিএচিও হাৱালাৰ ধনৰ সৈতে জড়িত অন্যতম সত্তা বুলি অভিযোগ উত্থাপন কৰি বলবৎকাৰী সঞ্চালকালয়ে কয় যে মুখ্যমন্ত্ৰীৰ আগমনৰ আগলৈকে কাৰ্যবিধি শান্তিপূৰ্ণ আৰু পেছাদাৰীভাৱে চলি আছিল ।

আই-পিএচিৰ বিবৃতি :

আই-পিএচিৰ চৌহদত বলবৎকাৰী সঞ্চালকালয়ে অভিযান চলোৱাৰ পিছত শুকুৰবাৰে সন্ধিয়া প্ৰতিষ্ঠানটোৱে এক বিবৃতি প্ৰকাশ কৰি দাবী কৰে যে সংস্থাটোৱে নিজৰ কাম অব্যাহত ৰাখিবলৈ সম্পূৰ্ণ প্ৰতিশ্ৰুতিবদ্ধ । প্ৰতিষ্ঠানটোৱে কয় যে তেওঁলোকে বিজেপি, কংগ্ৰেছ আৰু আপকে ধৰি মতাদৰ্শসমূহৰ মাজেৰে দলসমূহৰ বাবে কাম কৰিছিল ।

"কালি বলবৎকাৰী সঞ্চালকালয়ৰ বিষয়াসকলে কলকাতাত থকা আই-পেকৰ কাৰ্যালয় আৰু আমাৰ সঞ্চালক প্ৰতীক জৈনৰ বাসগৃহত তালাচী চলাইছিল । আই-পেকৰ দৰে এটা পেছাদাৰী সংস্থাৰ বাবে এইটো এটা কঠিন আৰু দুৰ্ভাগ্যজনক দিন আছিল । আমি বিশ্বাস কৰো যে ই গুৰুতৰ চিন্তাৰ সৃষ্টিৰ লগতে এক অস্থিৰ নজিৰ গঢ়ি তুলিছে । যিয়েই নহওক, আইনৰ সম্পূৰ্ণ অনুসৰণ আৰু সন্মানৰ বাবে আমি সহযোগিতা আগবঢ়াইছো আৰু প্ৰয়োজন অনুসৰি কৰি যাম ।’ বিবৃতিটোত এইদৰে উল্লেখ কৰা হৈছে ।

আই-পেকে কয়, "আমি সকলো কামতে সদায় পেছাদাৰী সততাৰ উচ্চতম মান ৰক্ষা কৰি আহিছো । কালি যি ঘটিল, তাৰ পিছতো আমি আমাৰ কাম অব্যাহত ৰাখিবলৈ সম্পূৰ্ণৰূপে প্ৰতিশ্ৰুতিবদ্ধ হৈ আছো ।"

লগতে পঢ়ক:IPAC ৰ কাৰ্যালয়ত ইডিৰ অভিযান; কলকাতাত মমতা বেনাৰ্জীৰ প্ৰতিবাদ

দেশৰ প্ৰথমটো ৰাষ্ট্ৰীয় আই ই ডি ডাটা মেনেজমেণ্ট ছিষ্টেম উদ্বোধন অমিত শ্বাহৰ