ETV Bharat / bharat

শীতকালীন অধিৱেশনৰ পূৰ্বে সৰ্বদলীয় বৈঠক; লালকিল্লাৰ বিস্ফোৰণ, এছ আই আৰক লৈ সৰৱ বিৰোধী

বিৰোধী নেতাৰ কথা শুনিবলৈ সাজু কিৰেন ৰিজিজু ।

ALL PARTY MEETING (File photo)
শীতকালীন অধিৱেশনৰ পূৰ্বে সৰ্বদলীয় বৈঠক (ANI)
author img

By ETV Bharat Assamese Team

Published : November 30, 2025 at 2:24 PM IST

|

Updated : November 30, 2025 at 3:38 PM IST

5 Min Read
Choose ETV Bharat

নতুন দিল্লী : কাইলৈ অৰ্থাৎ ১ ডিচেম্বৰৰ পৰা আৰম্ভ হ’ব সংসদৰ শীতকালীন অধিৱেশন । এই অধিৱেশনৰ পূৰ্বে দেওবাৰে অনুষ্ঠিত হয় সৰ্বদলীয় বৈঠক । চৰকাৰে আহ্বান জনোৱা এই সৰ্বদলীয় বৈঠক দেওবাৰে পুৱা ১১ বজাৰ পৰা আৰম্ভ হয় । উল্লেখ্য় যে এই শীতকালীন অধিৱেশনখনি অহা ১৯ ডিচেম্বৰলৈকে চলিব ।

অধিৱেশনৰ এদিন পূৰ্বেই কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে সংসদৰ দুয়োখন সদনৰ নেতাসকলৰ সৈতে বৈঠকত মিলিত হয় । সর্বদলীয় বৈঠকত কেন্দ্রীয় মন্ত্রী ৰাজনাথ সিং, অর্জুন ৰাম মেঘৱাল, জে পি নাড্ডাকে ধৰি অন্যান্য জ্যেষ্ঠ নেতাসকলে অংশগ্রহণ কৰে ৷ উক্ত বৈঠকতেই কিৰেন ৰিজিজুৱে বিৰোধী নেতাৰ কথাও শুনিব বুলিও কয় ।

ৰিজিজুৱে এই প্ৰসংগত কয়, "আজি সৰ্বদলীয় বৈঠক অনুষ্ঠিত হ'ব । আমি সকলো দলৰ নেতাৰ সৈতে বহি তেওঁলোকৰ কথা শুনিম । চৰকাৰৰ হৈ আজি আমি বিশেষ একো নকও । আমি বিৰোধী দলৰ কথা শুনিম । সন্ধিয়া ব্যৱসায়িক পৰামৰ্শদাতা সমিতিৰ বৈঠক অনুষ্ঠিত হ'ব । লোকসভাৰ বৈঠক বিয়লি ৪ বজাত আৰু ৰাজ্যসভাৰ বৈঠক সন্ধিয়া ৫ বজাত । আমি কমিটীৰ বৈঠকত আমাৰ ব্য়ক্তব্য় উপস্থাপন কৰিম ।"

তেওঁ কয়, "যিহেতু এইখন শীতকালীন অধিৱেশন, গতিকে আমি আশা কৰিছো সকলোৱে শীতল মস্তিস্কৰে উত্তপ্ত বিতৰ্ক এৰাই চলিব । সংসদত বিতৰ্ক হ'ব আৰু মই আশা কৰিছো যে কোনো ধৰণৰ ব্যাঘাত নজন্মিব । আমি যদি শীতল মস্তিষ্কৰে কাম কৰো তেন্তে ই দেশৰ বাবে লাভ হ'ব আৰু সংসদৰ অধিৱেশন সুচাৰুৰূপে চলিব ।"

সৰ্বদলীয় বৈঠকৰ অন্তত কংগ্ৰেছী সাংসদ তথা লোকসভাৰ বিৰোধী দলৰ উপ-দলপতি গৌৰৱ গগৈয়ে কয়, "শীতকালীন অধিৱেশন মাত্ৰ ১৯ দিনৰ বাবেহে অনুষ্ঠিত হ'ব । এই অধিৱেশনত আলোচনা হ'ব মাত্ৰ ১৫ দিনৰ বাবে। সম্ভৱতঃ এইটোৱেই এতিয়ালৈকে অনুষ্ঠিত আটাইতকৈ চুটি শীতকালীন অধিৱেশন। আমি নিৰাপত্তাৰ বিষয়টো উত্থাপন কৰিছো । দিল্লীত হোৱা বিস্ফোৰণে আমাৰ গৃহ বিভাগৰ ব্যৰ্থতাৰ প্ৰমাণ দাঙি ধৰিছে । দ্বিতীয়টো হৈছে গণতন্ত্রৰ সুৰক্ষা। ভোটাৰ তালিকা আৰু নিৰ্বাচনৰ সুৰক্ষাৰ বিষয়ে আলোচনা হ'ব লাগে । আমাৰ তৃতীয় দাবী হৈছে আমাৰ স্বাস্থ্যৰ সুৰক্ষা, যি ধৰণে দেশৰ প্ৰতিটো কোণত বায়ু প্ৰদুষণ বৃদ্ধি পাইছে যিটো আলোচনা হ'ব লাগে ।"

আনহাতে এই সৰ্বদলীয় বৈঠকত কংগ্ৰেছৰ জ্যেষ্ঠ সাংসদ জয়ৰাম ৰমেশ, টিএমচিৰ সাংসদ কল্যাণ বেনাৰ্জী, সমাজবাদী পাৰ্টীৰ সাংসদ ৰাম গোপাল যাদৱ, এআইএডিএমকেৰ সাংসদ এম থাম্বি দুৰাইকে ধৰি অন্যান্য নেতাসকলে অংশগ্ৰহণ কৰে । কংগ্ৰেছৰ সাংসদ প্ৰমোদ তিৱাৰীয়ে কয়, “যেতিয়া দেশৰ গণতন্ত্ৰৰ প্ৰতি ভাবুকি আহিছে, গণতন্ত্ৰক হত্যা কৰা হৈছে, সেয়া কেৱল ভোট চুৰিয়েই নহয়, ই ডকাইতিও ।”

"গতিকে এই প্ৰসংগ উত্থাপন কৰা হ’বই । দেশৰ আন প্ৰান্তত সন্ত্ৰাসবাদী কাৰ্যকলাপ চলি থকাৰ সময়তে দিল্লীত বিস্ফোৰণ আৰম্ভ হ’ল । কেন্দ্রীয় শাসিত অঞ্চলৰ পৰা দিল্লীৰ লালকিল্লাত বিস্ফোৰণ সংঘটিত হ’ল বা পুনৰুদ্ধাৰৰ প্রসংগ তুলিলে, তেতিয়া জম্মু-কাশ্মীৰত গণতান্ত্ৰিক অধিকাৰৰ প্রসংগ আৰু মোদীয়ে নিজে বিপথে পৰিচালিত হোৱাৰ দৰে প্রধানমন্ত্রী মোদীৰ বৈদেশিক নীতিও বিপথে পৰিচালিত হৈছে নে নাই ৷ এই সকলোবোৰ বিষয় উত্থাপন কৰা হ’ব । সংসদত ১৯ দিনত ১৫খন বৈঠক অনুষ্ঠিত হোৱাৰ কথা । ৫ আৰু ১৯ ডিচেম্বৰত ব্যক্তিগত সদস্যৰ বিধেয়ক আৰু ১২ ডিচেম্বৰত ব্যক্তিগত সদস্যৰ প্ৰস্তাৱ বিবেচনাৰ বাবে দাখিল কৰা হ’ব ।" কংগ্ৰেছৰ সাংসদগৰাকীয়ে এইদৰে কয় ।

আৰ জে ডি নেতা মনোজ কুমাৰ ঝাই কয়, "বেছিভাগ ৰাজনৈতিক আলোচনাই মনেসজা । আনহাতে মৌলিক ৰাজহুৱা বিষয়বোৰক আওকাণ কৰা হৈছে । আশা কৰো চৰকাৰে নিৰ্বাচনৰ বাহিৰেও আন চিন্তা কৰিব । ভাৰতৰ জি ডি পি বৃদ্ধিৰ পৰা এছ আই আৰ বিষয়লৈকে এই বিষয়বোৰ ব্যাপকভাৱে আলোচনা কৰা উচিত, নহ'লে সংসদ সংগ্ৰহালয়ৰ দৰে হৈ পৰিব ।"

চিপিআইএমৰ সাংসদ জন ব্রিটাছে কয়, "এয়া আটাইতকৈ চুটি অধিৱেশন অন্য়তম । আমি সদনত বহু বিষয় উত্থাপন কৰাৰ প্ৰয়োজন, কাৰণ এই দেশত বহুতো বিষয় আছে । আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হৈছে এছ আই আৰ । শ্ৰমিক সংহিতাৰ অধিসূচনাৰ দৰে আন বিষয় আছে, যিয়ে শ্ৰমিকসকলক কষ্টোপাৰ্জিত অধিকাৰৰ পৰা বঞ্চিত কৰিব । তদুপৰি দিল্লী বিস্ফোৰণৰ দৰে বিষয় আছেই । অন্যান্য বিষয় যেনে প্ৰদূষণ আৰু ফেডাৰেল ইছ্যু, ৰাজ্যপাল বিধেয়ক আদি সংসদত উত্থাপন কৰিব বিচাৰো আৰু আমি বিশ্বাস কৰো যে চৰকাৰে ইতিবাচক স্থিতি গ্ৰহণ কৰিব ।"

লগতে পঢ়ক:ভোটাৰৰ সুবিধাৰ্থে নিৰ্বাচন আয়োগে ৰাজহুৱা কৰিলে অসমত চলি থকা SR প্ৰক্ৰিয়াত জড়িত BLO ৰ তথ্য

ECINET এপত জনসাধাৰণৰ পৰা পৰামৰ্শ বিচাৰিছে নিৰ্বাচন আয়োগে

Last Updated : November 30, 2025 at 3:38 PM IST