ETV Bharat / bharat

প্ৰধানমন্ত্ৰীয়ে মুকলি কৰা নমো ভাৰত আৰ আৰ টি এছ আৰু দ্ৰুততম মেট্ৰ'ৰ বিষয়ে জানো আহক...

প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ প্ৰথমটো নমো ভাৰত আঞ্চলিক ৰেপিড ট্ৰেনজিট চিষ্টেম উদ্বোধন কৰে । একেদিনাই মীৰাট মেট্ৰ' সেৱাও মুকলি কৰে প্ৰধানমন্ত্ৰীয়ে ।

n this screengrab from a video posted on Feb. 22, 2026, Prime Minister Narendra Modi flags off the Namo Bharat train and Meerut Metro services
ভাৰতৰ প্ৰথমটো নমো ভাৰত আঞ্চলিক ৰেপিড ট্ৰেনজিট চিষ্টেম উদ্বোধন প্ৰধানমন্ত্ৰীৰ (@NarendraModi/Yt via PTI Photo)
author img

By ETV Bharat Assamese Team

Published : February 22, 2026 at 5:08 PM IST

5 Min Read
Choose ETV Bharat

মীৰাট (উত্তৰ প্ৰদেশ): দেশবাসীৰ বাবে দেওবাৰৰ দিনটো এক ঐতিহাসিক দিন হৈ ৰ’ল । কিয়নো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে শতাব্দী নগৰ নমো ভাৰত ষ্টেচনত মীৰাট মেট্ৰ' আৰু নমো ভাৰত ৰে'লৰ ফ্লেগ অফ কৰে । ভাৰতৰ প্ৰথমটো নমো ভাৰত আঞ্চলিক ৰেপিড ট্ৰেনজিট চিষ্টেম উদ্বোধন কৰি দিল্লী-মীৰাট নমো ভাৰত কৰিড'ৰ দেশবাসীলৈ উচৰ্গা কৰে । আৰ আৰ টি এছ প্ৰকল্পত দিল্লীৰ ছৰাই কালে খান আৰু নিউ অশোক নগৰৰ মাজৰ ৫ কিলোমিটাৰ অংশ আৰু উত্তৰ প্ৰদেশৰ মীৰাট ছাউথ আৰু মোদীপুৰমৰ মাজৰ ২১ কিলোমিটাৰ অংশ অন্তৰ্ভুক্ত কৰা হৈছে ।

নমো ভাৰত পথৰ দৈৰ্ঘ ৮২.১৫ কিলোমিটাৰ, ইয়াৰে প্ৰায় ৭০ কিলোমিটাৰ এলিভেটেড আৰু ১২ কিলোমিটাৰ মাটিৰ তলত আছে । দিল্লীৰ ছৰাই কালে খান আৰু মীৰাটৰ মোদীপুৰমৰ মাজৰ দূৰত্ব এতিয়া মাত্ৰ ৫৫ মিনিটতে অতিক্ৰম কৰিব পৰা যাব । ছৰাই কালে খান এই প্ৰকল্পৰ আটাইতকৈ ডাঙৰ ষ্টেচন, ইয়াৰ উচ্চতা প্ৰায় ২২ মিটাৰ ।

প্ৰধানমন্ত্ৰীয়ে দেশৰ ভিতৰতে প্ৰথম পদক্ষেপ হিচাপে নমো ভাৰতৰ সৈতে জড়িত আন্তঃগাঁথনিৰেই মীৰাট ছাউথ আৰু মোদীপুৰমৰ মাজত মীৰাট মেট্ৰ' সেৱাও উদ্বোধন কৰে । এই মেট্ৰ' ২৩ কিলোমিটাৰ দৈৰ্ঘত চলিব, যাৰ সৰ্বাধিক কাৰ্যক্ষম গতি ঘণ্টাত প্ৰায় ১২০ কিলোমিটাৰ । মাত্ৰ ৩০ মিনিটতে মেট্ৰ'ই সমগ্ৰ পথটো সামৰি ল'ব ।

A view inside the metro station
মেট্ৰ' ষ্টেচন (Special Arrangement)

প্ৰধানমন্ত্ৰী কাৰ্যালয়ক আনুষ্ঠানিক বিবৃতি অনুসৰি এই উদ্বোধনী অনুষ্ঠানটো ভ্ৰমণৰ সময় হ্ৰাস, যানজঁট লাঘৱ কৰা আৰু বহনক্ষম নগৰীয়া গতিশীলতাক প্ৰসাৰিত কৰাৰ লক্ষ্যৰে আঞ্চলিক দ্ৰুত ট্ৰেনজিট ব্যৱস্থা সম্প্ৰসাৰণৰ বাবে কেন্দ্ৰই চলোৱা প্ৰচেষ্টাৰ অংশ । ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰী মোদীয়ে মীৰাটত প্ৰায় ১২,৯৩০ কোটি টকাৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰে ।

  • নিৰাপত্তা ব্যৱস্থা

এই অনুষ্ঠানৰ প্ৰতি লক্ষ্য ৰাখি নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হৈছে । প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ ক্ষেত্ৰত এছ পি জি কমাণ্ডো, বুলেটপ্ৰুফ বাহন, সজ্জিত বাহন, এম্বুলেন্স আৰু জামাৰ বাহন অন্তৰ্ভুক্ত আছিল । ৰেলীৰ স্থান আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলত ১৫০ জন আৰক্ষী অধীক্ষক পৰ্যায়ৰ বিষয়া আৰু ১০০ গৰাকী প্ৰশাসনিক বিষয়া নিয়োগ কৰা হয় ।

চোৰাংচোৱা, আই বি আৰু এ টি এছ সক্ৰিয় কৰ্তব্যত আছিল, আনহাতে সমগ্ৰ অঞ্চলটোক ন'-ফ্লাই জ'ন ঘোষণা কৰা হৈছিল আৰু কেইবাটাও পথত যান-বাহনৰ গতিপথ সলনি কৰে ।

A top view of a metro in Meerut
মীৰাটত মেট্ৰ' ৰে'ল চলি থকাৰ দৃশ্য (Special Arrangement)
  • দ্ৰুত সংযোগ

নমো ভাৰত সেৱা দিল্লী-গাজিয়াবাদ-মীৰাট আঞ্চলিক ৰেপিড ট্ৰেনজিট চিষ্টেম (আৰ আৰ টি এছ) কৰিডৰৰ অংশ, যিটো দিল্লী আৰু মীৰাটৰ মাজত দ্ৰুতবেগী, উচ্চ কম্পাঙ্ক সংযোগ প্ৰদানৰ বাবে ডিজাইন কৰা হৈছে ।

নমো ভাৰতে আঞ্চলিক ভ্ৰমণৰ বাবে দিল্লীৰ পৰা মীৰাটৰ সৈতে দ্ৰুত সংযোগ কৰে, আনহাতে এই মেট্ৰ'ৱে মীৰাট চহৰৰ ভিতৰত দ্ৰুত, আৰামদায়ক ভ্ৰমণৰ সুযোগ দিব । দুয়োখন ৰে'লতে আধুনিক সুৰক্ষা বৈশিষ্ট্য, প্লেটফৰ্মত দুৱাৰ, আৰু সকলো যাত্ৰীৰ বাবে অন্তৰ্ভুক্ত ডিজাইন ব্যৱহাৰ কৰা হৈছে ।

  • দিল্লী-গাজিয়াবাদ-মীৰাট নমো ভাৰত (আৰ আৰ টি এছ), ভাৰতৰ প্ৰথম আঞ্চলিক ৰেপিড ট্ৰেনজিট চিষ্টেমৰ বৈশিষ্ট্য

পথ আৰু দৈৰ্ঘ : ছৰাই কালে খান (দিল্লী)ৰ পৰা মোদীপুৰম (উত্তৰ প্ৰদেশ)লৈ ৮২.১৫ কিলোমিটাৰ ।

ষ্টেচন : নিউ আশোক নগৰ, আনন্দ বিহাৰ, ছাহিবাবাদ, গাজিয়াবাদ, গুলধৰ, দুহাই, মুৰাদনগৰ, মোদীনগৰ ছাউথ, মোদীনগৰ নৰ্থ, মীৰাট ছাউথ, শতাব্দী নগৰ, বেগমপুল আৰু মোদীপুৰমকে ধৰি ১৬ টা ষ্টপেজ আছে ।

গতি : প্ৰতি ঘণ্টাত ১৮০ কিলোমিটাৰ যাত্ৰা কৰিব পৰাকৈ ডিজাইন কৰা হৈছে, প্ৰতি ঘণ্টাত ১৬০ কিলোমিটাৰলৈকে চলিব; গড় গতিবেগ প্ৰায় ৯০ কিলোমিটাৰ প্ৰতি ঘণ্টা ।

A view of the Shatabdi Nagar metro station in Meerut
শতাব্দী নগৰ মেট্ৰ' ষ্টেচন (Special Arrangement)

ভ্ৰমণৰ সময় : প্ৰায় ৫৫ মিনিট ।

ৰে'লৰ ভিতৰৰ অংশৰ বৈশিষ্ট্য : ২×২ ট্ৰেন্সভাৰ্ছ আসন, আহল-বহল, মূৰৰ ওপৰত বেগ থোৱাৰ সুবিধা, চাৰ্জিং চকেট, ডাঙৰ ডাবল গ্লেজযুক্ত খিৰিকী, স্বয়ংক্ৰিয় প্লাগ-ইন দুৱাৰ, চিচিটিভি, জুই লাগিলে ধৰা পেলোৱা ব্যৱস্থা আৰু এটা ৰাজহুৱা ঘোষণা ব্যৱস্থা ।

সুবিধা আৰু সুৰক্ষা : দুৱাৰৰ ওচৰতে হুইলচেয়াৰৰ ব্যৱস্থা, ৰে'লৰ দুৱাৰৰ সৈতে সংযুক্ত প্লেটফৰ্ম স্ক্ৰীণ দুৱাৰ (পিএছডি), দুৱাৰ খোলাৰ বাবে বুটামৰ ব্যৱস্থা, লাউঞ্জৰ সৈতে প্ৰিমিয়াম ডবা আৰু কেৱল মহিলাৰ বাবে বিশেষ ডবা ।

  • ভাৰতৰ দ্ৰুততম মেট্ৰ'ৰ বৈশিষ্ট্য

পথ আৰু দৈৰ্ঘ : মীৰাট ছাউথৰ পৰা মোদীপুৰমলৈ ২৩ কিলোমিটাৰ ।

ষ্টেচন : পাৰ্টাপুৰ, ৰিথানি, শতাব্দী নগৰ, ব্ৰহ্মাপুৰী, মীৰাট চেণ্ট্ৰেল, ভাইছালি, বেগমপুল, এম ই এছ কলনি, দৌৰলী, মীৰাট নৰ্থ আৰু মোদীপুৰম ।

গতি : ১৩৫ কিলোমিটাৰ প্ৰতি ঘণ্টাৰ বাবে ডিজাইন কৰা হৈছে, ১২০ কিলোমিটাৰ প্ৰতি ঘণ্টালৈকে চলাচল কৰে ।

A Namo Bharat train stands at a station, in Meerut, Uttar Pradesh, Friday, Feb. 20, 2026
নমো ভাৰত ৰে'ল (PTI)

যাত্ৰাৰ সময় : কৰিডৰৰ গন্তব্য স্থানলৈ প্ৰায় ৩০ মিনিট ।

ৰে'লৰ ভিতৰৰ বৈশিষ্ট্য : এয়াৰ কণ্ডিচনাৰযুক্ত ট্ৰেইনছেট, ২×২ ট্ৰেন্সভাৰ্ছ আৰু লংটিউডিনেল আসন, প্ৰায় ৭০০ যাত্ৰীৰ ক্ষমতা (১৭৩ জন বহিব পৰা), লাগেজ ৰেক, গ্ৰেব হেণ্ডেল, চিচিটিভি, ইউ এছ বি চাৰ্জিং, ডাইনামিক পথৰ মেপ ।

সুবিধা আৰু সুৰক্ষা : সকলো ষ্টেচনতে পি এছ ডি, নিৰ্বাচিত দুৱাৰ খোলা ব্যৱস্থা, জৰুৰীকালীন যোগাযোগ, অগ্নিনিৰ্বাপক যন্ত্ৰ, মহিলা আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে সংৰক্ষিত আসন, হুইল চেয়াৰ আৰু ষ্ট্ৰেচাৰৰ বাবে স্থান আৰু ষ্টেচনত লিফ্ট ।

লগতে পঢ়ক :AI-ত ভাৰতৰ সাফল্যত আপ্লুত বিশ্বনেতা : ‘মন কী বাত’ত মন্তব্য প্ৰধানমন্ত্ৰী মোদীৰ