ৰোগী কঢ়িয়াই নিয়া এয়াৰ এম্বুলেন্স দুৰ্ঘটনাগ্ৰস্ত, ৭ গৰাকীৰ মৃত্য়ু
ঝাৰখণ্ডত দুৰ্ঘটনাগ্ৰস্ত এয়াৰ এম্বুলেন্স বিমান ৷ ৰাঁচীৰ পৰা দিল্লীলৈ উৰা মৰাৰ পিছতেই বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয় ।

Published : February 24, 2026 at 7:43 AM IST
|Updated : February 24, 2026 at 8:05 AM IST
চতৰা (ঝাৰখণ্ড) : আকৌ দুৰ্ঘটনাত পতিত হ’ল বিমান ৷ এইবাৰ দুৰ্ঘটনাগ্ৰস্ত হ’ল এখন এয়াৰ এম্বুলেন্স ৷ জানিব পৰা মতে, এই দুৰ্ঘটনাগ্ৰস্ত এয়াৰ এম্বুলেন্সখন ৰাঁচীৰ পৰা দিল্লী অভিমুখে গৈ আছিল ৷ তেনেতে ৰাডাৰৰ সৈতে সম্পৰ্ক হেৰুৱাই ঝাৰখণ্ডৰ চতৰা জিলাত দুৰ্ঘটনাত পতিত হয় বিমানখন ৷
ৰোগী কঢ়িয়াই নিয়া এই এয়াৰ এম্বুলেন্সখনত মুঠ 7 গৰাকী লোক আছিল ৷ জানিব পৰা মতে, বিমানখনত থকা আটাইকেইজন লোকৰে ইতিমধ্যে মৃত্য়ু হৈছে ৷ এই তথ্য় সদৰী কৰিছে চতৰাৰ আৰক্ষী অধীক্ষক সুমিত আগৰৱালাই ৷
#WATCH | An air ambulance, with seven people (including 2 crew members) on board, crashed in Kasariya Panchayat, Simariya block of Chatra district, in Jharkhand.
— ANI (@ANI) February 24, 2026
It was a Redbird Airways Pvt Ltd Beechcraft C90 aircraft VT-AJV operating a medical evacuation (air ambulance)… pic.twitter.com/xmr9OOcdNh
ৰেডবাৰ্ড এয়াৰৱেজ প্ৰাইভেট লিমিটেডৰ দ্বাৰা পৰিচালিত বিমানখনে সোমবাৰে সন্ধিয়া ৭.১১ বজাত ৰাঁচী বিমানবন্দৰৰ পৰা উৰা মাৰিছিল ৷ কিন্তু উৰণৰ কিছু সময়ৰ পিছতে বিমানখনে ৰাডাৰৰ সৈতে সম্পৰ্ক হেৰুৱাইছিল ৷ WSO কলকাতাৰ তথ্য অনুসৰি, ৰাঁচীৰ পৰা ১৩:৪১ UTC (১৯:১১ IST) বজাত বিমানখনে উৰা মাৰিছিল ।
আটালী অঞ্চলৰ ওচৰত ১৪:০৪ UTC (১৯:৩৪ IST) বজাত বিমানখনৰ অন্তিম যোগাযোগ ৰেকৰ্ড কৰা হৈয় । অন্তিম যোগাযোগ UKW VECC (VHF 132.25) ফ্ৰিকুৱেন্সিত ৰেকৰ্ড কৰা হৈছে । ইয়াৰ পিছতেই বাৰাণসী (VEBN) আকাশমাৰ্গত বিমানখনৰ সৈতে যোগাযোগ বিচ্ছিন্ন হৈ পৰে ।

ৰাডাৰৰ সৈতে যোগাযোগ বিচ্ছিন্ন হৈ পৰা হোৱা বিমানখন ঝাৰখণ্ডৰ চতৰা জিলাৰ ছিমাৰিয়া থানা এলেকাৰ খাছিয়াতু কৰম তাণ্ড বনাঞ্চলত দুৰ্ঘটনাত পতিত হয় ।
চতৰাৰ উপ আয়ুক্ত কীৰ্তিশ্ৰীয়ে PTI-ক জনোৱা মতে, "এয়াৰ এম্বুলেন্সত থকা সাতজনেই দুৰ্ঘটনাত নিহত হয় । বিমানখন ৰাঁচীৰ পৰা দিল্লীলৈ গৈ আছিল ৷’’
জানিব পৰা মতে, এয়াৰ এম্বুলেন্সখনত মুঠ সাতজন লোক আছিল ৷ ইয়াৰে এজন পাইলট, এজন সহ-পাইলট, এজন নাৰ্চিং ষ্টাফ, এজন চিকিৎসক, এজন ৰোগী আৰু দুজন পৰিচাৰক আছিল ।

এম্বুলেন্সখনত থকা লোককেইগৰাকী :
- কেপ্তেইন বিবেক বিকাশ ভগত, পাইলট
- কেপ্তেইন সৱৰাজদীপ সিং, পাইলট
- সঞ্জয় কুমাৰ (ৰোগী)
- অৰ্চনা দেৱী (ৰোগীৰ আত্মীয়)
- ধীৰু কুমাৰ (ৰোগীৰ আত্মীয়)
- ডাঃ বিকাশ কুমাৰ গুপ্তা (চিকিৎসক)
- শচীন কুমাৰ মিশ্ৰ
আনহাতে, ৰাঁচী বিমানবন্দৰৰ সঞ্চালকগৰাকীয়ে সংবাদ সংস্থা PTI-ক জনোৱা মতে, ‘‘এয়াৰ এম্বুলেন্সখনে ৰাডাৰৰ সৈতে যোগাযোগ বিচিন্ন হোৱাৰ পিছতেই দুৰ্ঘটনাত পতিত হয় ৷ বিমানখনত পাইলট আৰু ক্ৰুকে ধৰি সাতজন লোক আছিল । সকলোৰে মৃত্যু হৈছে । প্ৰতিকূল বতৰৰ বাবেই এই দুৰ্ঘটনাটো সংঘটিত হৈছে বুলি অনুমান কৰা হৈছে ৷ অৱশ্যে সেয়া তদন্তৰ পিছতহে জানিব পৰা যাব ।"

