ETV Bharat / bharat

প্ৰেমিকাক সাক্ষাৎ কৰিবলৈ পাকিস্তানলৈ যোৱা বাদলে গ্ৰহণ কৰিলে ইছলাম ধৰ্ম

আলিগড়ৰ বাসিন্দা বাদল বাবু ২০২৪ চনৰ ডিচেম্বৰৰ পৰা পাকিস্তানৰ কাৰাগাৰত বন্দী হৈ আছে ৷

BADAL BABU PAKISTANI LOVE STORY
বাদল বাবুৰ পুৰণি ফটো (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : January 2, 2026 at 8:16 PM IST

3 Min Read
Choose ETV Bharat

আলিগড় (উত্তৰ প্ৰদেশ): অনলাইন বন্ধুত্বৰ পিছত প্ৰেমত পৰা আলিগড়ৰ বাদল বাবুৰ কাহিনীয়ে পুনৰবাৰ দখল কৰিছে বাতৰিৰ শিৰোনাম । শেহতীয়াকৈ পাকিস্তানী অধিবক্তাই বাদল বাবু সন্দৰ্ভত তেওঁৰ পৰিয়ালক কিছু আশ্বৰ্যকৰ তথ্য প্ৰদান কৰিছে । বিগত প্ৰায় এবছৰে পাকিস্তানত কাৰাবন্দী হৈ থকা বাদলে কাৰাগাৰৰ ম্যাদ উকলাৰ পিছতো ভাৰতলৈ উভতিবলৈ অস্বীকাৰ কৰি গ্ৰহণ কৰিছে ইছলাম ধৰ্ম ৷

প্ৰকৃত ঘটনাটো এনেধৰণৰ - আলিগড়ৰ বৰলা থানা এলেকাৰ খিতকাৰী গাঁৱৰ বাসিন্দা বাদল বাবুৱে অবৈধভাৱে পাকিস্তানত উপস্থিত হৈছিল ৷ নিজৰ অনলাইন প্ৰেমিকাক সাক্ষাৎ কৰিবলৈয়ে নীতি-বহিৰ্ভূতভাৱে চিৰবৈৰী দেশখনত উপস্থিত হৈছিল বাদল । ২০২৪ চনৰ ডিচেম্বৰ মাহত পাকিস্তান আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে । ভিছা বা কোনো বৈধ নথি দাখিল কৰিব নোৱৰাৰ বাবে বাদলক কাৰাবন্দী কৰি ৰখা হৈছিল ৷ ২০২৫ চনৰ ৩০ এপ্ৰিলত পাকিস্তানৰ আদালতে বাদলক এবছৰৰ কাৰাদণ্ড বিহিছিল, যিটো শেহতীয়াকৈ সম্পূৰ্ণ হৈছে ।

বাদল বাবুৰ গোচৰত ওকালতি কৰা কৰাচীৰ অধিবক্তা ফিয়াজ ৰামেই নৱবৰ্ষৰ প্ৰথম দিনটোত ছ’চিয়েল মিডিয়াত শেহতীয়া পৰিস্থিতিৰ বিষয়ে শ্বেয়াৰ কৰে । তেওঁ উল্লেখ কৰে যে বাদল বাবু সম্প্ৰতি লাহোৰ জিলা কাৰাগাৰত আছে আৰু গৃহ মন্ত্ৰালয়ৰ পৰা লাভ কৰা অনুমতিমৰ্মে তেওঁ বাদলক সাক্ষাৎ কৰে ৷ অধিবক্তাগৰাকীয়ে কয় যে বাদলে শাস্তি সম্পূৰ্ণ কৰিলে যদিও জৰিমনা ভৰিব নোৱৰাৰ বাবে আৰু কেইদিনমান কাৰাগাৰত থাকিব লাগিব ।

অধিবক্তা ফিয়াজ ৰামেই এই কথাও প্ৰকাশ কৰে যে বাদলে কাৰাগাৰত থকাৰ সময়তে ইছলাম ধৰ্ম সম্পূৰ্ণৰূপে গ্ৰহণ কৰে ৷ তেতিয়াৰে পৰা দৈনিক নামাজ আদায় কৰি আহিছে ৷

তেওঁ স্পষ্টকৈ কয় যে তেওঁ ভাৰতলৈ ঘূৰি আহিব নিবিচাৰে, বৰঞ্চ পাকিস্তানত থাকিব বিচাৰে । কিন্তু নিয়ম অনুসৰি এজন বিদেশী নাগৰিকক শাস্তি সম্পূৰ্ণ কৰাৰ পিছত বিতাড়ন কৰিব লাগে ।

অধিবক্তাজনে কয় যে বাদলক কাৰাগাৰত থকাৰ সময়ত প্ৰেমিকা ছানাই এবাৰো সাক্ষাৎ কৰিবলৈ অহা নাছিল । এই সন্দৰ্ভত আৰু কিছু তথ্য আছে, যিবোৰ তেওঁ অতি সোনকালে ৰাজহুৱা কৰিব ।

অধিবক্তা ফিয়াজ ৰামেই কয় যে ভাৰতীয় দূতাবাসৰ সৈতে যোগাযোগ কৰা হ’ব আৰু পাকিস্তান চৰকাৰৰ ওচৰত আনুষ্ঠানিক আবেদন দাখিল কৰা হ’ব । চূড়ান্ত সিদ্ধান্ত চৰকাৰৰ ওপৰত নিৰ্ভৰশীল ।

ইফালে এই খবৰে ভাৰতত বাদলৰ পৰিয়ালৰ উদ্বিগ্নতা আৰু অধিক বৃদ্ধি কৰিছে । পিতৃ কৃপাল সিঙে কয় যে তেওঁৰ অধিবক্তাই ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে পুত্ৰৰ সৈতে কথা পতাৰ প্ৰস্তাৱ দিছিল যদিও সেয়া সম্ভৱ নহয় ।

পিতৃয়ে অতি আবেগিকভাৱে কয় যে তেওঁৰ হাতত জৰিমনা ভৰিব পৰাকৈ পৰ্যাপ্ত ধন নাই ৷ গতিকে ইয়াৰ পিছত কি হ’ব তেওঁ নাজানে । কৃপাল সিঙে কেন্দ্ৰীয় চৰকাৰক এই বিষয়ত হস্তক্ষেপ কৰি পুত্ৰক নিৰাপদে দেশলৈ ঘূৰি অহাটো সুনিশ্চিত কৰিবলৈ আহ্বান জনাইছে ।

লগতে পঢ়ক: ২৫ বছৰ পূৰ্বে জে'লৰ পৰা পলোৱা কয়দীক ছদ্মবেশেৰে ধৰি আনিলে আৰক্ষীয়ে