ETV Bharat / bharat

দিল্লীবাসীৰ হৃদয় জিনিছে বেংগালুৰুৰ আলগ নটৰাজনে

প্ৰচণ্ড গৰমত পিয়াহত আতুৰ হৈ থকাজনক শীতল পানী যোগান ধৰি দেশজুৰি চৰ্চিত নটৰাজন ৷

ALAG NATRAJAN
দিল্লীবাসীৰ হৃদয় জিনিছে বেংগালুৰুৰ আলগ নটৰাজনে (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 18, 2026 at 5:08 PM IST

3 Min Read
Choose ETV Bharat

নতুন দিল্লী: পানীয়ে প্ৰাণীৰ প্ৰাণ বুলি কোৱা হয়, কিন্তু সময়ত যদি এটুপি পানী খাবলৈ নাপায় তেতিয়া আপোনাৰ নিশ্চয় খং উঠিব ৷ একেদৰে প্ৰচণ্ড গৰমত পিয়াহ লগাটো নিশ্চিত ৷ যদি পিয়াহৰ সময়ত পানী খাবলৈ নাপায় তেতিয়া আপুনি কি কৰিব ? দেশৰ ৰাজধানী দিল্লীত প্ৰচণ্ড গৰমৰ মাজতো বিনামূলীয়াকৈ পিয়াহত এটুপি পানী খাবলৈ পোৱাটো মৰুভূমিত পানী বিচাৰি ফুৰাৰ দৰে ৷ এইবোৰ ঘটনা আপুনি স্বাভাৱিক বুলিয়ে গণ্য কৰিব পাৰে ৷ কিন্তু একাংশ লোকে ইয়াক সহজভাবে লোৱা নাই ৷

২০১৪ চনত দিল্লীৰ ৰাজপথত প্ৰচণ্ড গৰমৰ মাজত বহু পথচাৰীয়ে পিয়াহত ৰাজপথৰ দাঁতিত বিচাৰি ঘূৰি ফুৰিছিল এটুপি পানী ৷ সেই ঘটনা প্ৰত্যক্ষ কৰিছিল এজন যুৱকে ৷ তাৰ পাছতে যুৱকজনে কিবা এটা কৰাৰ পণ ল'লে ৷ সেই স্বৰূপে প্ৰথম অৱস্থাত পথৰ দাঁতিত সংস্থাপন কৰিছিল ৱাটাৰ কুলাৰ, কিন্তু ব্যয়বহুল সেই ব্যৱস্থাৰ বাবে কিছু হতাশাত ভুগিছিল যুৱকজনে, তথাপিও হাৰ মনা নাছিল যুৱকজনে ৷ এদিন যুৱকজনৰ এজন বন্ধুৱে তেওঁক এটা পৰামৰ্শ দিছিল, সেই পৰামৰ্শ অনুসৰি দিল্লীৰ অলিয়ে-গলিয়ে মাটিৰ পাত্ৰ অৰ্থাৎ কলহত পানী ভৰাই ৰখাৰ ব্যৱস্থা কৰিলে ৷ এনেকৈ যুৱকজনে ভিৰৰ মাজতো গ্ৰহণ কৰিলে এটা অভিনৱ পদক্ষেপ ৷

এটা সাধাৰণ ঘটনাই মন সলনি কৰি দিয়াত যুৱকজনে গ্ৰহণ কৰা সাধাৰণ পদক্ষেপৰ বাবে বৰ্তমান দেশজুৰি চৰ্চা লাভ কৰিছে ৷ দিল্লীত বসবাস কৰা বেংগালুৰুৰ আলগ নটৰাজনে দিল্লীৰ অলিয়ে-গলিয়ে স্থাপন কৰিছে মাটিৰ কলহ আৰু ভৰাই ৰখা হৈছে শীতল পানী ৷ নটৰাজনে এই পদক্ষেপৰ বাবে বহু লোক উপকৃত হৈছে ৷ যাৰ বাবে নটৰাজন দেশৰ ভিতৰত চৰ্চা লাভ কৰিছে ৷

এই সন্দৰ্ভত নটৰাজনে কয়,"মই মোৰ ঘৰৰ বাহিৰত শতাধিক পানীভৰ্তি কলহ ৰাখিছো ৷ যাৰ ফলত জনসাধাৰণ আৰু বিভিন্ন সংস্থাৰ পৰা সমৰ্থন লাভ কৰিলে । লাহে লাহে এই পাত্ৰবোৰৰ সংখ্যা ১০০ লৈ বৃদ্ধি পালে আৰু প্ৰতিদিনে প্ৰায় ৬,০০০ লোকক পানী যোগান ধৰিছো । লগতে দিল্লী আৰক্ষী, দিল্লী পৌৰ নিগম (এমচিডি), পিডব্লিউডিৰ কৰ্মচাৰীসকলে যথেষ্ট সহায় আগবঢ়াইছে, গ্ৰীষ্মকালত বৃহৎ সংখ্যক লোকক পানীৰ প্ৰয়োজন হোৱা স্থানসমূহ চিনাক্ত কৰা হৈছে ।"

তেওঁ লগতে কয়,"মোৰ উদ্দেশ্য কেৱল পানী যোগান ধৰাটোৱেই নহয় ৷ মই বিচাৰো মানুহে ইজনে সিজনক সহায় কৰিবলৈ শিকক । যদি আমি পিয়াহত থকা ব্যক্তিক পানী খুৱাব পাৰো বা আৰ্তজনক সহায় কৰো তেন্তে সেয়াই হৈছে মানৱতাৰ প্ৰকৃত উদাহৰণ ।" ইফালে নটৰাজনে কৰ্কট ৰোগৰ সৈতে যুঁজ দি সফলতা লাভ কৰাৰ পাছতে তেওঁ পুনৰ জীৱনটোক নতুনকৈ সজাইছে, যাৰ লক্ষ্য মানৱ সেৱা কৰা ৷ ইংলেণ্ডত দীৰ্ঘসময় অতিবাহিত কৰা নটৰাজন এতিয়া বহুতৰ বাবে আদৰ্শ হৈ পৰিছে ৷

লগতে পঢ়ক:সংযুক্ত আৰব আমিৰশ্বাহীৰ পাৰমাণৱিক কেন্দ্ৰত হোৱা আক্ৰমণক বিপদজনক আখ্যা ভাৰতৰ