ETV Bharat / bharat

অজিত পাৱাৰৰ বিমানত জুই লাগিছিল, একাধিকবাৰ বিস্ফোৰণ ঘটিছিল: প্ৰত্যক্ষদৰ্শীৰ ভাষ্য

এগৰাকী প্ৰত্যক্ষদৰ্শীয়ে লগতে কয় যে নামি অহাৰ সময়ত বিমানখনে নিয়ন্ত্ৰণ হেৰুৱাই পেলোৱা যেন লাগিছিল ।

MAHARASHTRA BARAMATI PLANE CRASH
অজিত পাৱাৰৰ বিমানত জুই লাগিছিল, একাধিকবাৰ বিস্ফোৰণ ঘটিছিল (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : January 28, 2026 at 1:37 PM IST

3 Min Read
Choose ETV Bharat

মুম্বাই : বুধবাৰে এক শোকাৱহ দুৰ্ঘটনাত অকাল মৃত্যুক সাৱটি লয় এন চি পি নেতা তথা মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰে । এই ঘটনাই সমগ্ৰ দেশজুৰি শোকৰ ছাঁ পেলাইছে । প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰীকে ধৰি বিভিন্ন নেতাই এই দুৰ্ঘটনা তথা অজিত পাৱাৰৰ অনাকাংক্ষিত মৃত্যুত শোক প্ৰকাশ কৰিছে । ইফালে দুৰ্ঘটনাটোৰ পিছত অজিত পাৱাৰৰ বিমানখনৰ দুৰ্ঘটনাৰ মুহূৰ্তৰ কেইবাটাও কথা পোহৰলৈ আহিছে ।

মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰক কঢ়িয়াই অনা বিমানখন বুধবাৰে পুৱা পুনে জিলাৰ বাৰামতীৰ সমীপত দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ মুহূৰ্তত 'বতাহত অলপ অস্থিৰ' হোৱা যেন দেখা গৈছিল আৰু ভূপতিত হোৱাৰ সময়ত বিস্ফোৰণ সংঘটিত হৈছিল । এগৰাকী মহিলা প্ৰত্যক্ষদৰ্শীয়ে এই কথা প্ৰকাশ কৰিছে ।

ঘটনাটো প্ৰত্যক্ষ কৰা আন এজন ব্যক্তিয়ে জনোৱা মতে, দুৰ্ঘটনাটোৰ পিছত বিমানখনক জুয়ে গ্ৰাস কৰে আৰু তাৰ পিছত একেৰাহে চাৰি-পাঁচটা বিস্ফোৰণ হয় । উল্লেখ্য যে বুধবাৰে পুৱা ৮.৫০ বজাত বাৰামতীৰ সমীপত বিমান দুৰ্ঘটনাত পতিত হৈ অজিত পাৱাৰ (৬৬) আৰু আন চাৰিজন লোকৰ মৃত্যু হয় ।

মহিলাগৰাকীয়ে কয় যে পুৱা বিমানখনে বাৰামতী বিমানবন্দৰত পাক মাৰি থকাৰ সময়ত তেওঁ বিমানখন লক্ষ্য কৰিছিল । মহিলাগৰাকীয়ে এটা নিউজ চেনেলৰ আগত কয়, "বতাহত এটা পাক ঘূৰিছিল, অলপ অস্থিৰ যেন লাগিছিল আৰু অৱতৰণ কৰিবলৈ ৰাণৱেৰ কাষ চাপি অহাৰ লগে লগে ই মাটিত জোৰেৰে খুন্দা মাৰি বিস্ফোৰণ ঘটে । তাৰ পিছত প্ৰচণ্ড শব্দ হৈছিল আৰু সেই শব্দ আমাৰ ঘৰৰ পৰাও শুনা গৈছিল ।"

তেওঁ কয় যে বিস্ফোৰণৰ পিছত বিমানখনৰ কেইবাটাও অংশ বতাহত উৰি যায় আৰু তাৰে কিছু অংশ তেওঁৰ ঘৰৰ ওচৰতো পৰে । "বিমানখন নামি অহাৰ পূৰ্বে হেলনীয়া হৈ পৰিছিল । আমি বিস্ফোৰণটো দেখিছিলোঁ আৰু ই ভয়ংকৰ আছিল ।" তেওঁ কয় ।

আন এজন প্ৰত্যক্ষদৰ্শীয়েও কয় যে বিমানখন নামি অহাৰ লগে লগে নিয়ন্ত্ৰণ হেৰুৱাই পেলোৱা যেন লাগিছিল ।

সাংবাদিকৰ আগত তেওঁ কয়, "বিমানখন যিদৰে নামি আহিছিল, আমি অনুভৱ কৰিছিলোঁ যে বিমানখন দুৰ্ঘটনাগ্ৰস্ত হ'ব । ই ৰাণৱেৰ পৰা প্ৰায় ১০০ ফুট ওপৰত আছিল । আমি সেইফালে লৰালৰিকৈ যোৱাৰ সময়ত আমি জুইৰ শিখা দেখিলোঁ, তাৰ পিছত একেৰাহে চাৰি-পাঁচটা বিস্ফোৰণ ঘটিছিল, যাৰ ফলত আমি বিমানখনৰ ওচৰলৈ যাব নোৱাৰিলোঁ।"

তেওঁ লগতে কয়, "ই এক প্ৰকাণ্ড অগ্নিকুণ্ড আছিল । পিছত আমি গম পালোঁ যে অজিত পাৱাৰ বিমানখনত আছিল । আমাৰ বাবে ই আচৰিত ঘটনা আছিল ।"

বিমান ৰাডাৰৰ তথ্য অনুসৰি, বিমানখনে পুৱা ৮.১০ বজাত মুম্বাইৰ পৰা উৰা মাৰিছিল আৰু পুৱা প্ৰায় ৮.৪৫ বজাত ৰাডাৰৰ সংযোগৰ পৰা বিচ্ছিন্ন হৈ গৈছিল । ৰাজ্যখনত ৫ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া জিলা পৰিষদ নিৰ্বাচনৰ প্ৰচাৰৰ অংশ হিচাপে জনসভাত ভাষণ দিবলৈ পাৱাৰ মুম্বাইৰ পৰা বাৰামতীলৈ গৈছিল । এজন আৰক্ষী বিষয়াই জনোৱা মতে, পুৱা ৮.৫০ বজাত দুৰ্ঘটনাগ্ৰস্ত হোৱা বিমানখনত ৫ জন লোক আছিল ।

আৰক্ষী অধীক্ষক সন্দীপ সিং গিলে জানিবলৈ দিয়া মতে, দুৰ্ঘটনাটোৰ পিছতে অগ্নিকাণ্ড সংঘটিত হয় । তেওঁ লগতে কয়, "বিমানত থকা লোকসকলক ততালিকে চিকিৎসালয়লৈ লৈ যোৱা হয় ।"

লগতে পঢ়ক :অভিশপ্ত হৈ পৰিল বুধবাৰ, বিমান দুৰ্ঘটনাত চিৰদিনৰ বাবে নোহোৱা হৈ গ’ল উপ-মুখ্যমন্ত্ৰী
লগতে পঢ়ক :ৰাষ্ট্ৰপতিৰ ভাষণৰে আৰম্ভ সংসদৰ বাজেট অধিবেশন