টৰণ্ট’- দিল্লী অভিমুখী বিমানত বোমা আছে বুলি হুৱাদুৱা
ফ্লাইট ট্ৰেকিং ৱেবছাইট Flightradar24.com ত উপলব্ধ তথ্য অনুসৰি বিমানখনৰ উৰণৰ সময়সীমা আছিল ১৫ ঘণ্টাতকৈ সামান্য বেছি ।

Published : November 13, 2025 at 8:11 PM IST
নতুন দিল্লী: টৰণ্ট’ৰ পৰা দিল্লী অভিমুখে উৰা মৰা এয়াৰ ইণ্ডিয়াৰ এখন বিমানত বোমা আছে বুলি হুৱাদুৱা ৷ বৃহস্পতিবাৰে লাভ কৰা হৈছিল বোমাৰ ভাবুকিৰ এক বাৰ্তা ৷ ইয়াৰ পিছতে এ আই ১৮৮ নম্বৰৰ বিমানখন সুকলমে দেশৰ ৰাজধানী দিল্লীত অৱতৰণ কৰোৱা হয় বুলি সূত্ৰত প্ৰকাশ পাইছে ।
বৃহস্পতিবাৰে পুৱা দিল্লী আৰক্ষীয়ে লাভ কৰিছিল এই বাৰ্তা ৷ ইয়াৰ পিছতে দিল্লী বিমানবন্দৰত ততাতৈয়াকৈ বোমা বিশেষজ্ঞ পৰীক্ষণ সমিতি(বি টি এ চি) গঠন কৰা হয় আৰু এই ভাবুকি ভিত্তিহীন বুলি ধৰা পৰে ৷ সংবাদ সংস্থা পি টি আইক সূত্ৰই জনাইছে এই কথা ৷
সূত্ৰই জনোৱা মতে, পুৱা প্ৰায় ১১.৩০ বজাত বয়িং ৭৭৭ বিমানখন আকাশত আৰু দিল্লীৰ পৰা প্ৰায় চাৰি ঘণ্টাৰ দূৰত্বত থকাৰ সময়তে এই বাৰ্তা লাভ কৰা হৈছিল ৷ দিল্লী আৰক্ষীয়ে যোগাযোগ কৰাত এয়াৰ ইণ্ডিয়াৰ এগৰাকী মুখপাত্ৰই কয় যে বৃহস্পতিবাৰে টৰণ্ট’ৰ পৰা দিল্লী অভিমুখে উৰা মৰা এ আই ১৮৮ নম্বৰৰ বিমানখনৰ সন্দৰ্ভত সুৰক্ষা সম্পৰ্কীয় সতৰ্কবাণী জাৰি কৰা হৈছে ।
মুখপাত্ৰগৰাকীয়ে এক বিবৃতিত কয়, ‘‘বিমানখনৰ ক্ৰুৱে যাত্ৰীসকলৰ সুৰক্ষাক সৰ্বোচ্চ অগ্ৰাধিকাৰ দি সকলো প্ৰয়োজনীয় সুৰক্ষা সম্পৰ্কীয় অনুশীলন কৰিছিল ৷ দিল্লীত নিৰাপদে অৱতৰণ কৰা বিমানখন প্ৰট’কল অনুসৰি নিৰাপত্তাৰক্ষীৰ বাধ্যতামূলক নিৰাপত্তা পৰীক্ষাৰ বাবে ৰখাই থোৱা হৈছে ।’’
মুখপাত্ৰগৰাকীয়ে লগতে জনাই যে প্ৰতিগৰাকী যাত্ৰী আৰু ক্ৰুৱে নিৰাপদে বিমানৰ পৰা অৱতৰণ কৰে । বৃহস্পতিবাৰে আবেলি প্ৰায় ৩.৪০ বজাত দিল্লী বিমানবন্দৰত অৱতৰণ কৰে বিমানখন ৷ ফ্লাইট ট্ৰেকিং ৱেবছাইট Flightradar24.com ত উপলব্ধ তথ্য অনুসৰি টৰণ্ট’-দিল্লী বিমানখনৰ উৰণৰ সময়সীমা আছিল ১৫ ঘণ্টাতকৈ সামান্য বেছি ।
লগতে পঢ়ক: দিল্লী বিস্ফোৰণত মৃত্যু হোৱা লোকৰ সংখ্যা ১৩ লৈ বৃদ্ধি, বৰ্তমানো চিনাক্ত কৰিব পৰা দুজনৰ মৃতদেহ

