ETV Bharat / bharat

বিমান যাত্ৰীৰ হাহাকাৰ, ইণ্ডিগ'ৰ অচলাৱস্থাৰ মাজত এইবাৰ কি হ'ল এয়াৰ ইণ্ডিয়াৰ ?

বিমানেৰে ভ্ৰমণৰ পৰিকল্পনা কৰি আছে নেকি ? তেনেহ'লে সাৱধান ! এইবাৰ এয়াৰ ইণ্ডিয়াইও দিছে সতৰ্কবাণী ।

AIR INDIA
ইণ্ডিগ'ৰ অচলাৱস্থাৰ মাজত এইবাৰ কি হ'ল এয়াৰ ইণ্ডিয়াৰ ? (ANI)
author img

By ANI

Published : December 18, 2025 at 10:29 AM IST

3 Min Read
Choose ETV Bharat

নতুন দিল্লী : ইণ্ডিগ'ৰ অচলাৱস্থাৰ ফলত ইতিমধ্যে দেশৰ লাখ লাখ যাত্ৰী প্ৰভাৱিত হৈছে । কেৱল টিকট বাতিল হোৱাই নহয় বিলম্ব যাত্ৰাই সমস্যাত পেলাইছে যাত্ৰীসকলক । তাৰ মাজতে আকৌ ভাৰতৰ আন এক গুৰুত্বপূৰ্ণ বিমান সংস্থা এয়াৰ ইণ্ডিয়াই যাত্ৰীসকলৰ বাবে বিশেষ সতৰ্কবাণী জাৰি কৰিছে । দিল্লীকে ধৰি উত্তৰ আৰু পূব ভাৰতৰ কেইবাটাও বিমানবন্দৰৰ যাত্ৰীসকলক উদ্দেশ্যি দিয়া হৈছে সতৰ্কবাণী । বহু বিমান বাতিল বা যাত্ৰাত বিলম্ব হ'ব পাৰে বুলি বিমান সংস্থাটোৱে সতৰ্ক কৰি দিছে যাত্ৰীসকলক ।

আচলতে বৰ্তমান সময়ত দেশৰ বিভিন্ন প্ৰান্তত ঘন কুঁৱলীৰ প্ৰভাৱ দেখা গৈছে । যাৰ ফলত দৃশ্যমানতা হ্ৰাস পাইছে । এনে পৰিস্থিতিত বিমান পৰিচালনাত সম্ভাৱ্য বাধাৰ কথা আগতীয়াকৈ যাত্ৰীসকলক সতৰ্ক কৰি দিছে বিমান সংস্থাটোৱে । বিশেষকৈ দিল্লী আৰু সমগ্ৰ উত্তৰ আৰু পূব ভাৰতৰ কেইবাটাও বিমানবন্দৰত ঘন কুঁৱলীৰ বাবে অহা কেইদিনমানৰ ভিতৰত বিমান পৰিচালনাত সম্ভাৱ্য বাধাৰ বিষয়ে যাত্ৰীসকলক সতৰ্ক কৰি দিছে এয়াৰ ইণ্ডিয়াই । বিমান সংস্থাটোৱে কয় যে দৃশ্যমানতা হ্ৰাস পালে বিমান যাত্ৰাত পলম বা বাতিল হ'ব পাৰে, যাৰ ফলত ইয়াৰ বহল নেটৱৰ্কত প্ৰভাৱ পৰিব ।

বুধবাৰে এক্সৰ এটা পোষ্টৰ জৰিয়তে জাৰি কৰা বিবৃতিত এয়াৰ ইণ্ডিয়াই বিশেষকৈ চলি থকা ছুটী বা বন্ধৰ সময়ছোৱাত ভ্ৰমণকাৰীসকলক বিমানবন্দৰলৈ যোৱাৰ পূৰ্বে বিমানৰ অৱস্থা পৰীক্ষা কৰিবলৈ আহ্বান জনাইছে । যাত্ৰীসকলক তেওঁলোকৰ যাত্ৰাৰ পৰিকল্পনা অধিক ফলপ্ৰসূভাৱে কৰিবলৈ বিমান সংস্থাটোৰ অফিচিয়েল ৱেবছাইটত লিংক (https://www.airindia.com/in/en/manage/flight-status.html)ত আপডেটসমূহ নিৰীক্ষণ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে ।

বিমান সংস্থাটোৱে কৈছে যে কুঁৱলীৰ সৈতে জড়িত ব্যাঘাত লাঘৱ কৰাৰ বাবে কেইবাটাও সক্ৰিয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে, য'ত কাৰ্যকৰী পৰিকল্পনা আৰু স্থলভাগত সমন্বয় বৃদ্ধি কৰা হৈছে । এই সন্দৰ্ভত বিমান সংস্থাটোৱে তলত দিয়া লিংকটো প্ৰদান কৰিছে (https://bit.ly/4agYVyF)। কিন্তু তাৰ পিছতো সংস্থাটোৱে স্বীকাৰ কৰিছে যে ঘন কুঁৱলীৰ পৰিস্থিতি তীব্ৰতৰ হ'লে হঠাতে বিমান বাতিল বা পলম হ'ব পাৰে ।

এয়াৰ ইণ্ডিয়াই যাত্ৰীসকলক আশ্বাস দিছে যে তেওঁলোকৰ গ্ৰাউণ্ড ষ্টাফ বিমানবন্দৰসমূহত ২৪ ঘণ্টাই উপলব্ধ হৈ সহায় আগবঢ়াব আৰু সম্ভৱ হ'লে বিকল্প ভ্ৰমণৰ ব্যৱস্থা কৰিব । বিমান সংস্থাটোৱে নিজৰ 'ফ'গকেয়াৰ' পদক্ষেপৰ ওপৰতো আলোকপাত কৰে, যাৰ অধীনত কুঁৱলীৰ দ্বাৰা প্ৰভাৱিত হোৱাৰ সম্ভাৱনা থকা বিমানত বুকিং কৰা যাত্ৰীসকলে তেওঁলোকৰ পঞ্জীয়নভুক্ত মোবাইল নম্বৰৰ জৰিয়তে আগতীয়া সতৰ্কবাণী লাভ কৰিব ।

'ফ'গকেয়াৰ' সুবিধাৰ অধীনত যোগ্য যাত্ৰীসকলে কোনো অতিৰিক্ত চাৰ্জ নোলোৱাকৈ বিমান যাত্ৰাৰ সময়সীমা পুনৰ নিৰ্ধাৰণ কৰাৰ বিকল্প থাকিব বা জৰিমনা নিদিয়াকৈ সম্পূৰ্ণ ধন ঘূৰাই বিচৰাৰ বিকল্প থাকিব বুলি এয়াৰ ইণ্ডিয়াই জানিবলৈ দিয়ে । বিমান সংস্থাটোৱে ভ্ৰমণকাৰীসকলৰ ধৈৰ্য আৰু সহযোগিতাৰ আহ্বান জনাই পুনৰ কয় যে বতৰ সম্পৰ্কীয় কাৰ্যকৰী প্ৰত্যাহ্বানসমূহ পৰিচালনা কৰাৰ বাবে যাত্ৰী আৰু ক্ৰুৰ সুৰক্ষা আৰু মংগল তেওঁলোকৰ শীৰ্ষ অগ্ৰাধিকাৰ ।

লগতে পঢ়ক :ইণ্ডিগ' বিমানৰ সংকট: ক্ষতিপূৰণ বিচাৰি জনোৱা পি আই এল গ্ৰহণ কৰিবলৈ অস্বীকাৰ ন্য়ায়ালয়ৰ