ETV Bharat / bharat

আকাশত কমিব এয়াৰ ইণ্ডিয়াৰ বিমান: ঘৰুৱা বিমান সেৱা ২২ শতাংশ পৰ্যন্ত হ্ৰাস কৰাৰ সিদ্ধান্ত

সাপ্তাহিকভাৱে এয়াৰ ইণ্ডিয়াৰ প্ৰায় ৪৪০০ বিমান চলাচল কৰে । ইয়াৰে প্ৰায় ৩৬০০ বিমানে ঘৰুৱা আৰু ৮০০ বিমানে আন্তঃৰাষ্ট্ৰীয় সেৱা আগবঢ়ায় ।

AIR INDIA
এয়াৰ ইণ্ডিয়া (ফাইল ফটো) (ANI)
author img

By PTI

Published : May 27, 2026 at 2:46 PM IST

2 Min Read
Choose ETV Bharat

নতুন দিল্লী: ইন্ধনৰ অধিক মূল্যৰ ফলত কাৰ্যকৰী ব্যয় বৃদ্ধি পোৱাৰ মাজতে এয়াৰ ইণ্ডিয়াই ঘৰুৱা বিমান সেৱা ২২ শতাংশ পৰ্যন্ত হ্ৰাস কৰিব বুলি সূত্ৰই প্ৰকাশ কৰিছে । আৰ্থিক সংকটৰ ফলত লোকচানৰ সন্মুখীন হোৱা বিমান সংস্থাটোৱে আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা প্ৰায় ২৭ শতাংশ হ্ৰাস কৰিছে বুলিও সূত্ৰসমূহে প্ৰকাশ কৰিছে ।

সাপ্তাহিকভাৱে এয়াৰ ইণ্ডিয়াৰ প্ৰায় ৪৪০০ বিমান চলাচল কৰে । ইয়াৰে প্ৰায় ৩৬০০ বিমানে ঘৰুৱা আৰু ৮০০ বিমানে আন্তঃৰাষ্ট্ৰীয় সেৱা আগবঢ়ায় ।

বুধবাৰে এয়াৰ ইণ্ডিয়াই এক বিবৃতিত কয়, ‘‘২০২৬ চনৰ জুন আৰু আগষ্ট মাহৰ ভিতৰত কিছুমান আন্তঃৰাষ্ট্ৰীয় সেৱাৰ ক্ষেত্ৰত আমি পূৰ্বে ঘোষণা কৰা সালসলনি অব্যাহত ৰাখি একে সময়তে কিছুমান ঘৰুৱা পথত সাময়িকভাৱে কাম-কাজ সৰল কৰিছোঁ আৰু কিছুমান পথত বিমান হ্ৰাস কৰিছোঁ ।’’

সূত্ৰই জনোৱা মতে, ঘৰুৱা বিমান সেৱাৰ ২০-২২ শতাংশ হ্ৰাস পাব । বিমান সংস্থাটোৱে কয় যে এই পৰিৱৰ্তনসমূহ ইয়াৰ সামগ্ৰিক কাৰ্যকলাপত ইন্ধনৰ উচ্চ মূল্যৰ প্ৰভাৱ অব্যাহত থকাৰ বাবেই কৰা হৈছে ।

এয়াৰ ইণ্ডিয়াই বিবৃতিটোত লগতে কয় যে পৰিস্থিতি উন্নত হ’লেই বিমান চলাচল বৃদ্ধি কৰিবলৈ চাহিদা আৰু পৰিচালনাৰ অৱস্থা তীক্ষ্ণভাৱে নিৰীক্ষণ কৰা হ’ব । কোম্পানীটোৱে লগতে কয় যে এই পৰিৱৰ্তনৰ দ্বাৰা প্ৰভাৱিত যাত্ৰীসকলক প্ৰযোজ্য নিয়ম অনুসৰি বিকল্প বিমান যাতায়তৰ ব্যৱস্থা, বিনামূলীয়াকৈ টিকট পুনৰ নিৰ্ধাৰণ কৰা বা সম্পূৰ্ণ ধন ঘূৰাই দিয়াৰ ব্যৱস্থা কৰা হ’ব ।

পশ্চিম এছিয়াত উত্তেজনা আৰু হৰমুজ জলদ্বীপ অৱৰোধৰ সৈতে জড়িত থকা সংকটৰ মাজতে ২০২৬ চনৰ জুন আৰু আগষ্ট মাহৰ ভিতৰত কিছুমান আন্তঃৰাষ্ট্ৰীয় পথত বিমান সেৱা বন্ধ আৰু হ্ৰাস কৰাৰ কথা ঘোষণা কৰাৰ কিছুদিন পিছতে এই পদক্ষেপ গ্ৰহণ কৰিছে বিমান সংস্থাটোৱে ।

দিল্লী-চিকাগো, মুম্বাই-নিউয়ৰ্ক, দিল্লী-সাংহাই, চেন্নাই-ছিংগাপুৰ আৰু আন দুটা পথত সেৱা সাময়িকভাৱে বন্ধ কৰি দিব বুলি জানিবলৈ দিয়ে বিমান সংস্থাটোৱে । জুন-আগষ্টৰ বাবে আন্তঃৰাষ্ট্ৰীয় সেৱাৰ যুক্তিসংগতকৰণৰ ব্যৱস্থা কৰা হ’ব বুলি উল্লেখ কৰি এয়াৰ ইণ্ডিয়াই এক বিবৃতিত কয়, ‘‘এই পৰিৱৰ্তনৰ লক্ষ্য হৈছে নেটৱৰ্কৰ স্থিতিশীলতা উন্নত কৰা আৰু যাত্ৰীসকলৰ শেষ মুহূৰ্তত হোৱা অসুবিধা হ্ৰাস কৰা ।’’

লগতে পঢ়ক: ঘোঁৰাত উঠিহে মুন্না গুপ্তা কামলৈ যায়...কিন্তু কিয়?