আকাশত জুই জ্বলাইছে ইণ্ডিগ'ই, সুযোগ লৈছে এয়াৰ ইণ্ডিয়াই: ১০-১৫ হাজাৰ টকীয়া টিকটৰ দাম উঠিছে ১ লাখ ১২ হাজাৰলৈকে
এয়াৰ ইণ্ডিয়াই দিল্লীৰ পৰা মুম্বাইলৈ যোৱা বিমানৰ টিকটৰ মূল্য ৫৭ হাজাৰ টকা বৃদ্ধি কৰিছে ৷ দিল্লীৰ পৰা অমৃতসৰলৈ যোৱা বিমানৰ টিকটৰ দাম ১,১২,৮৭৩ টকা ।

Published : December 4, 2025 at 7:45 PM IST
নতুন দিল্লী: ভাৰতৰ আকাশত আতংক ! এই আতংকৰ প্ৰধান আৰু একমাত্ৰ কাৰণটোৱেই হৈছে বিমান পৰিবহণ সংস্থা ইণ্ডিগ'৷ বৃহস্পতিবাৰৰ সন্ধিয়া পৰ্যন্ত ইণ্ডিগ'ই সমগ্ৰ দেশত তেওঁলোকৰ প্ৰায় তিনিশ বিমানৰ উৰণ-অৱতৰণ বাতিল কৰিছে ৷
দেশৰ সৰ্ববৃহৎ বিমান সংস্থাটোৱে দিল্লী, মুম্বাই, বাংগালুৰু, চেন্নাইকে ধৰি কেইবাখনো চহৰৰ পৰা ৩০০ৰো অধিক ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় উভয় বিমানৰ উৰণ বাতিল কৰাৰ লগে লগে এয়াৰ ইণ্ডিয়াই সকলো পথৰে টিকটৰ মূল্য দ্ৰুতগতিত দুগুণৰ পৰা তিনিগুণ পৰ্যন্ত বৃদ্ধি কৰিছে ৷ বিমান পৰিবহণ ব্যৱস্থাত ইয়াক 'প্ৰাইচ গ’গিং' বুলি কোৱা হয় ।
বৃহস্পতিবাৰৰ দিনটোত সমগ্ৰ ছ’চিয়েল মিডিয়াত যাত্ৰীসকলে টিকট ৱেবছাইটৰ স্ক্ৰীণশ্বট পোষ্ট কৰি থকা দেখা যায় ৷ য’ত বুধবাৰে হায়দৰাবাদ আৰু ভূপালৰ মাজত এয়াৰ ইণ্ডিয়াৰ টিকটৰ দামে ১.৩ লাখ টকা স্পৰ্শ কৰে ।
এয়াৰ ইণ্ডিয়াই দিল্লীৰ পৰা মুম্বাইলৈ যোৱা বিমানৰ টিকটৰ মূল্য ৫৭ হাজাৰ টকা পৰ্যন্ত বৃদ্ধি কৰিছে, আজি নিশা আৰু ৫ ডিচেম্বৰ দুয়োদিনৰে বাবে দিল্লীৰ পৰা অমৃতসৰলৈ যোৱা এয়াৰ ইণ্ডিয়াৰ বিমানৰ টিকটৰ দাম উঠিছে ১,১২,৮৭৩ টকা ।
৫ ডিচেম্বৰত দিল্লীৰ পৰা পুনেলৈ এয়াৰ ইণ্ডিয়াৰ বিমানৰ টিকটৰ দাম হৈছে ইক'নমি ক্লাছত ৩১ হাজাৰ টকা আৰু বিজিনেছ ক্লাছত ৬২ হাজাৰ টকা । আনকি বিমান সংস্থাটোৱে টিকট বাতিলৰ চাৰ্জো ৭৫০০ৰ পৰা ১০ হাজাৰ টকালৈ বৃদ্ধি কৰিছে ।
আনহাতে ইণ্ডিগ’ৰ যিকেইখন বিমান বাতিল কৰা হোৱা নাই সেইকেইখনৰো টিকটৰ দাম ৰকেটৰ গতিত বাঢ়িছে ৷ ব্যস্ত দিল্লী-মুম্বাই বিমানৰ ভাৰা উঠিছে বৃহস্পতিবাৰে সন্ধিয়া ২৪ হাজাৰৰ পৰা ৪০ হাজাৰ টকা পৰ্যন্ত ৷ ৫ ডিচেম্বৰত এই টিকটৰ ভাৰা দেখুওৱা হৈছে ৪২ হাজাৰ টকা ।
লগতে পঢ়ক: দেশজুৰি বিমানযাত্ৰীক ঘটিয়ে ঘটিয়ে পানী খুৱাইছে ইণ্ডিগ'ৱে: ১৮০ খনতকৈও অধিক বিমান বাতিল

