এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ কৰ্মচাৰীৰ পোচাকত জিলিকিব অসমৰ গামোচা
১ ছেপ্টেম্বৰৰ পৰা মুকলি কৰা এই ইউনিফৰ্মসমূহ কেবিন ক্ৰু, বিমানবন্দৰ সেৱা, বিমান নিৰাপত্তা আৰু বিমান পৰিচালনাৰ দলসমূহৰ মাজত প্ৰৱৰ্তন কৰা হৈছে ।

By PTI
Published : September 2, 2026 at 5:10 PM IST
নতুন দিল্লী: ভাৰতীয় বিমান পৰিবহণ সংস্থা এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছে ইয়াৰ কেবিন ক্ৰু আৰু ফ্ৰণ্টলাইন ষ্টাফৰ বাবে নতুন ইউনিফৰ্ম প্ৰৱৰ্তন কৰিছে । এই নতুন ইউনিফৰ্মত ভাৰতৰ বিভিন্ন ৰাজ্যৰ থলুৱা শৈলী দেখা পোৱা যাব ৷ ইয়াৰ ভিতৰত অন্যতম হৈছে অসমৰ গামোচা ৷ এতিয়াৰে পৰা এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছত ভ্ৰমণ কৰিলে আপোনাৰ চকুত জিলিকি থাকিব বুকুৰ আপোন গামোচাৰ শৈলী ৷
টাটা গ্ৰুপৰ মালিকানাধীন বিমান সংস্থাটোৰ পাইলটৰ ইউনিফৰ্মতো কিছু পৰিৱৰ্তন কৰা হৈছে । বুধবাৰে এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছে এক বিবৃতিত কয় যে ১ ছেপ্টেম্বৰৰ পৰা মুকলি কৰা এই ইউনিফৰ্মসমূহ কেবিন ক্ৰু, বিমানবন্দৰ সেৱা, বিমান নিৰাপত্তা আৰু বিমান পৰিচালনাৰ দলসমূহৰ মাজত প্ৰৱৰ্তন কৰা হৈছে ।
বিমান সংস্থাটোৰ মুঠ প্ৰায় ৮ হাজাৰ কৰ্মচাৰীৰ ভিতৰত পাইলটক বাদ দি ৫২০০ ৰো অধিক কৰ্মচাৰীক নতুন ইউনিফৰ্ম প্ৰদান কৰা হ’ব ৷ পাইলটৰ ইউনিফৰ্মত মাত্ৰ কেইটামান পৰিৱৰ্তনহে কৰিব লাগিব বুলি সংস্থাটোৱে জানিবলৈ দিয়ে ।
বিবৃতিটোত প্ৰকাশ কৰা অনুসৰি এই ইউনিফৰ্মত ভাৰতৰ কেবাখনো ৰাজ্যৰ পৰম্পৰাগত বস্ত্ৰৰ শৈলী সন্নিৱিষ্ট কৰা হ’ব ৷ ইয়াৰ ভিতৰত তামিলনাডুৰ কাঞ্জীৱৰম, হিমাচল প্ৰদেশৰ পাট্টু, গুজৰাটৰ পাটোলা, অসমৰ গামোচা আৰু মধ্যপ্ৰদেশৰ ৱাঘৰ পৰা প্ৰভাৱিত শৈলীৰ উপাদান সন্নিবিষ্ট কৰা হৈছে ।
স্পন্দনশীল এক্সপ্ৰেছ ব্লু পেলেট আৰু ইয়াৰ চিগনেচাৰ এক্সপ্ৰেছ অৰেঞ্জৰ সৈতে এই ইউনিফৰ্মসমূহৰ শৈলী বিমান সংস্থাটোৰ ডিজাইনাৰ পূজা কৃষ্ণনে প্ৰস্তুত কৰিছে ৷
প্ৰকাশ পোৱা তথ্য অনুসৰি পূজাই মহিলা কেবিন ক্ৰু, বিমানবন্দৰ সেৱা, বিমান নিৰাপত্তা আৰু বিমান পৰিচালনা কৰ্মীৰ বাবে ইউনিফৰ্মৰ শৈলী প্ৰস্তুতৰ নেতৃত্ব দিছিল ৷ আনহাতে পুৰুষৰ কেবিন ক্ৰুৰ ইউনিফৰ্ম ট্ৰেণ্ট লিমিটেডৰ সহযোগত প্ৰস্তুত কৰা হৈছিল ।
ট্ৰেণ্ট হৈছে টাটা গ্ৰুপৰ এটা কোম্পানী । এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছে দৈনিক ৫০০ৰো অধিক বিমান পৰিচালনা কৰে ৷

