ETV Bharat / bharat

ইঞ্জিনত লাগিল জুই, বেংগালুৰু-দিল্লী এয়াৰ ইণ্ডিয়াৰ বিমানৰ জৰুৰী অৱতৰণ

আকৌ এয়াৰ ইণ্ডিয়াৰ বিমানত অঘটন ৷ এইবাৰ AI2802 নম্বৰৰ বিমানৰ ইঞ্জিনত লাগিল জুই ৷ কথমপি প্ৰাণৰক্ষা বিমান যাত্ৰী আৰু ক্ৰুৰ ৷

Air India Flight Lands In Delhi Amid 'Full Emergency' After Engine Fire Indication
এয়াৰ ইণ্ডিয়াৰ বিমান (ANI)
author img

By ETV Bharat Assamese Team

Published : May 22, 2026 at 11:00 AM IST

2 Min Read
Choose ETV Bharat

নতুন দিল্লী : জুই-জুই, সকলোৰে মাজত এক হাহাকাৰময় পৰিস্থিতি ! কিয়নো এইবাৰ এয়াৰ ইণ্ডিয়াৰ এখন বিমানৰ ইঞ্জিনত লাগে এই জুই ৷ অৱশ্যে পাইলটৰ বিচক্ষনতাৰ বলতে সুৰক্ষিতভাৱে বিমানখন লেণ্ডিং কৰাৰ লগতে বিমানখনৰ পৰা সকলো যাত্ৰী বাহিৰলৈ উলিয়াই আহিবলৈ সক্ষম হয় ৷

জানিব পৰা মতে, বৃহস্পতিবাৰে নিশা বেংগালুৰুৰ পৰা দিল্লী অভিমুখে আহি থকা বিমানখনত এই দুৰ্ঘটনা সংঘটিত হয় ৷ বিমানখন অৱতৰণ কৰাৰ কিছু সময়ৰ পূৰ্বে ক্ৰুৱে ইয়াৰে এটা ইণ্ডিয়াত জুই লগাৰ সংকেত লাভ কৰে ৷ লগে লগে ক্ৰুৱে বিমান কৰ্তৃপক্ষক অৱগত কৰে ৷ যাৰ পৰিপ্ৰেক্ষিতত বিমান কৰ্তৃপক্ষই বিমানবন্দৰত ‘সম্পূৰ্ণ জৰুৰীকালীন’ ঘোষণা কৰে ।

বিমান সংস্থাটোৱে জনোৱা মতে, বিমান AI2802 দিল্লীৰ কাষ চাপি অহাৰ সময়তে ক্ৰুৱে ইঞ্জিনত জুই লগা বুলি জানিব পাৰে ৷ তাৰ পাছতে প্রচলিত কার্যপদ্ধতি (standard operating procedures) অনুসৰণ কৰি পাইলটসকলে বিমানখন নিৰাপদে অৱতৰণ কৰে ৷

বৃহস্পতিবাৰে নিশা জাৰি কৰা এক আনুষ্ঠানিক বিবৃতিত এয়াৰ ইণ্ডিয়াই কয় যে নিয়ন্ত্ৰণ কৰ্তৃপক্ষৰ সমন্বয়ত এই ঘটনাৰ সম্পূৰ্ণ তদন্ত আৰম্ভ কৰা হৈছে, একে সময়তে যাত্ৰী আৰু ক্ৰুৰ সুৰক্ষা বিমান সংস্থাটোৰ বাবে সদায় আগত বুলি আশ্বাস দিয়ে ।

বিমান সংস্থাটোৱে কয়, ‘‘২০২৬ চনৰ ২১ মে'ত এয়াৰ ইণ্ডিয়াৰ AI2802 নম্বৰৰ বিমানখন বেংগালুৰুৰ পৰা দিল্লী অভিমুখে গৈ থকা অৱস্থাতে এটা ঘটনা সংঘটিত হয় ৷ বিমানখন দিল্লীত অৱতৰণৰ অন্তিম ক্ষণত এই বিসংগতিৰ কথা ক্ৰুৱে গম পায়, তাৰ পিছত ক্ৰুৱে সাধাৰণ সকলো পদ্ধতি অনুসৰণ কৰি বিমানখন নিৰাপদে দিল্লী বিমানবন্দৰত অৱতৰণ কৰে । সকলো যাত্ৰী আৰু ক্ৰু সসুৰক্ষিত ৷’’

ইফালে বৃহস্পতিবাৰে দিল্লীৰ পৰা বেংগালুৰু অভিমুখে আহি থকা এয়াৰ ইণ্ডিয়াৰ AI2651 বিমানখনখনো অৱতৰণৰ সময়তে টেইল ষ্ট্ৰাইকৰ সন্মুখীন হয় ৷ অৱশ্যে পৰৱৰ্তী সময়ত ১৮১ জন যাত্ৰী কঢ়িয়াই অনা এয়াৰ ইণ্ডিয়াৰ বিমানখনে সুৰক্ষিতভাৱে লেণ্ডিং কৰিবলৈ সক্ষম হয় ৷

লগতে পঢ়ক : অৱতৰণৰ সময়তেই ঘটিল অঘটন, কথমপি প্ৰাণ ৰক্ষা ১৮১ বিমানযাত্ৰীৰ