এয়াৰ ইণ্ডিয়াৰ পাইলটৰ বাবে নিচাজাতীয় সামগ্ৰীৰ পৰীক্ষা বাধ্যতামূলক
যোৱা ৪ আগষ্টত ফুকেট-দিল্লী অভিমুখী এখন বিমান আকাশমাৰ্গৰ পৰা ৩০০ ফুট তললৈ নামি আহিছিল ৷ এই ঘটনাৰ তদন্তৰ পিছতে এয়াৰ ইণ্ডিয়াৰ এনে সিদ্ধান্ত গ্ৰহণ ৷

Published : August 13, 2026 at 8:03 PM IST
নতুন দিল্লী: পাইলটৰ ক্ষেত্ৰত এয়াৰ ইণ্ডিয়াৰ কঠোৰ সিদ্ধান্ত ৷ এতিয়াৰে পৰা এয়াৰ ইণ্ডিয়াৰ প্ৰতিগৰাকী পাইলটৰ বাবে নিচাজাতীয় সামগ্ৰীৰ পৰীক্ষা বাধ্যতামূলক হ’ব ৷
বিমান উৰুওৱাৰ পূৰ্বে এয়াৰ ইণ্ডিয়া আৰু এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ সকলো পাইলটৰে শৰীৰত নিচাজাতীয় সামগ্ৰীৰ অৱস্থিতি পৰীক্ষা কৰা হ’ব । শেহতীয়াকৈ এয়াৰ ইণ্ডিয়াৰ এখন বিমানত ঘটা এক অনাকাংক্ষিত ঘটনাৰ পিছত বিমান পৰিবাহী সংস্থাটোৱে এই সিদ্ধান্ত গ্ৰহণ কৰে ৷
উল্লেখ্য যে, বিগত চাৰি আগষ্টত সংস্থাটোৰ ফুকেট-দিল্লী অভিমুখে উৰা মৰা এখন বিমান আকস্মিকভাৱে আকাশমাৰ্গৰ পৰা ৩০০ ফুট তললৈ নামি আহিছিল ৷ প্ৰথমাৱস্থাত এনে ঘটনাৰ আঁৰৰ কাৰণ পোহৰলৈ অহা নাছিল ৷
পৰৱৰ্তী সময়ত কৰা অনুসন্ধানৰ ভিত্তিত বিমানখনত থকা পাইলটে নিচাজাতীয় সামগ্ৰী সেৱন কৰাৰ কথা পোহৰলৈ আহে ৷ এই ঘটনাত বহু যাত্ৰী আহত হৈছিল যদিও কথমপি প্ৰাণৰক্ষা পৰে ৷ সেই সময়ত বিমানখনত ১৩৭ জন যাত্ৰী আৰু ৮ জন ক্ৰুকে ধৰি ১৪৫ জন লোক আছিল ।
টাটা গ্ৰুপৰ মালিকানাধীন এই বিমান সংস্থা দুটাত ৫ হাজাৰৰো অধিক পাইলট আছে । পাইলটসকললৈ প্ৰেৰণ কৰা আভ্যন্তৰীণ বাৰ্তাৰ উদ্ধৃতি দি পিটিআইয়ে জনোৱা মতে, দুয়োটা বিমান সংস্থাই প্ৰচলিত নিয়মৰ অধীনত অনুমোদিত নোহোৱা যিকোনো পদাৰ্থ বা ঔষধৰ সম্পূৰ্ণ পৰীক্ষা কৰাৰ সিদ্ধান্ত লৈছে ৷
বিমান সংস্থাটোৰ এক সূত্ৰই জনোৱা মতে, এই পৰীক্ষা বৃহস্পতিবাৰৰ পৰা আৰম্ভ কৰা হৈছে আৰু এয়া বাধ্যতামূলক ৷ এই পৰীক্ষা নিৰ্দিষ্ট স্থান যেনে - গুৰুগ্ৰাম একাডেমী(প্ৰশিক্ষণৰ সমান্তৰালভাৱে), বিমানৰ পিছৰ ব্রিফিং চেণ্টাৰ, বিমান সংস্থাৰ কাৰ্যালয় বা নিজ নিজ ঘাটিত কৰা হ’ব ।
সূত্ৰ অনুসৰি, এই পদক্ষেপ অতি তৎপৰতাৰে গ্ৰহণ কৰা হৈছে যাতে সুৰক্ষাৰ শীৰ্ষ মানদণ্ড নিশ্চিত কৰা হয় আৰু যাত্ৰী, অংশীদাৰ আৰু সাধাৰণ জনতাৰ মাজত সংস্থাটোৰ প্ৰতি থকা আস্থা পুনৰ জগাই তোলা হয় ।
বিগত চাৰি আগষ্টৰ অনাকাংক্ষিত ঘটনাটোৰ পিছতে পাইলট দুজনক শাৰিৰীক অৱস্থাৰ পৰীক্ষা কৰা হৈছিল ৷ এই পৰীক্ষাত পাইলটে গাঞ্জা সেৱন কৰাটো ধৰা পৰে ৷
আনহাতে, এয়াৰ ইণ্ডিয়াৰ এআই ২৩৭৯ নং বিমানৰ নিৰাপত্তাজনিত প্ৰতিবেদনত প্ৰকাশ পাইছে যে ফুকেটৰ পৰা দিল্লীলৈ উৰা মৰা বিমানখনৰ হাইড্ৰ’লিক ব্যৱস্থা, উৰণ নিয়ন্ত্ৰণ আৰু অট’পাইলটৰ সৈতে জড়িত কেইবাটাও কাৰিকৰী সতৰ্কবাণী প্ৰকাশ পাইছিল । অসামৰিক বিমান পৰিবহণ সঞ্চালকালয় আৰু বিমান দুৰ্ঘটনা তদন্ত ব্যুৰো(এএআইবি)য়ে এই সমস্ত ঘটনাৰ তদন্ত কৰে ৷
তদন্তকাৰী বিষয়াসকলে পৰিঘটনাৰ ক্ৰম, ব্যৱস্থাৰ তথ্য আৰু ক্ৰুৰ কাৰ্য পৰীক্ষা কৰি আছে । এয়াৰ ইণ্ডিয়াই যাত্ৰী আৰু ক্ৰুৰ সুৰক্ষা আৰু কল্যাণ তেওঁলোকৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ বুলি ইতিমধ্যে উল্লেখ কৰিছে আৰু কৰ্তৃপক্ষৰ সৈতে তদন্তত সহযোগিতা আগবঢ়াইছে । অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে শীৰ্ষ বিষয়াসকলৰ সৈতে আলোচনা কৰি পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে ।
লগতে পঢ়ক: দেশৰ এক লক্ষাধিক স্কুলত এজন শিক্ষক, ৫ হাজাৰ বিদ্যালয় শিক্ষাৰ্থীশূন্য়, ১০ লক্ষাধিক শিক্ষক পদ খালী

