ETV Bharat / bharat

এয়াৰ ইণ্ডিয়াৰ এআই-১৭১ বিমান দুৰ্ঘটনাৰ এবছৰ সম্পূৰ্ণ, কিমান ভয়াৱহ আছিল সেই দুৰ্ঘটনা ?

ভাৰতৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ বিমান দুৰ্ঘটনাটো সংঘটিত হৈছিল ২০২৫ চনৰ ১২ জুনত আহমেদাবাদত ৷ সেই শোকাৱহ ঘটনাই সম্পূৰ্ণ কৰিলে এবছৰ ৷

AIR INDIA AI 171 CRASH
এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনা (ফাইল ফটো) (ETV BHARAT)
author img

By ETV Bharat Assamese Team

Published : June 12, 2026 at 9:18 AM IST

6 Min Read
Choose ETV Bharat

আহমেদাবাদ: ২০২৫ চনৰ ১২ জুন, আন দিনবোৰৰ দৰে এই দিনটোও আছিল এটি সাধাৰণ দিন ৷ কিন্তু দুপৰীয়াৰ পাছত এই দিনটো পৰিণত হ’ল ভাৰতৰ ইতিহাসৰ এটা ক’লা দিনত ৷ ২৬০ জন লোকে মুহূৰ্ততে প্ৰাণ হেৰুৱাইছিল ১২ জুনত । স্থান আছিল, গুজৰাটৰ আহমেদাবাদ বিমান বন্দৰৰ সমীপৰ মেঘনীনগৰ । আহমেদাবাদৰ চৰ্দাৰ বল্লভভাই পেটেল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা লণ্ডন অভিমুখে উৰা মাৰিছিল ‘এয়াৰ ইণ্ডিয়া ড্ৰিমলাইনাৰ এআই-১৭১’ বিমানখনে ৷ সেই বিমানত ২৩০ গৰাকী যাত্ৰী আৰু দুগৰাকী পাইলটকে ধৰি ১২ গৰাকী বিমান সদস্যই যাত্ৰা কৰিছিল ।

কিন্তু নিয়তিৰ নিষ্ঠুৰ পৰিহাস জানো কোনোবাই মচিব পাৰে ! চৰ্দাৰ বল্লভভাই পেটেল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা উৰা মৰাৰ কেইছেকেণ্ডমান পিছতেই উক্ত বিমানখন পতিত হৈছিল দুৰ্ঘটনাত । হঠাৎ বিমানখন নিজৰ নিৰ্ধাৰিত গতিপথৰ পৰা তললৈ নামি আহে আৰু খুন্দা মাৰে মেঘনীনগৰত থকা এখন মেডিকেল কলেজৰ হোষ্টেলত৷ লগে লগে জুই আৰু ক’লা ধোঁৱাই ছানি ধৰে আহমেদাবাদৰ আকাশ ৷ বতাহত ভাহি আহি শংকিত মানুহ চিঞৰ আৰু কান্দোনৰ ৰোল ৷ এই দুৰ্ঘটনাত বিমানখনত থকা মুঠ ২৪২ গৰাকী যাত্ৰী আৰু বিমানকৰ্মীৰ ২৪১ জনেই প্ৰাণ হেৰুৱায় । কথমপি প্ৰাণ ৰক্ষা পৰে মাত্ৰ এজন যাত্ৰীৰ ।

Air India AI-171 Crash
দুৰ্ঘটনাত পতিত বিমানখন (PTI)

ইফালে যিখন মেডিকেল কলেজৰ হোষ্টেলত এই বিমানখনে খুন্দা মাৰিছিল, সেই সময়ত তাত আহাৰ গ্ৰহণ কৰি আছিল একাংশ ছাত্ৰই ৷ হঠাৎ বিমানখনে খুন্দা মৰাত তেওঁলোকে একো তৎ ধৰিব নোৱাৰিলে আৰু ১৯ গৰাকী শিক্ষাৰ্থীয়ে মৃত্যুক সাৱটিবলগীয়া হয় । লগতে আহত হয় ৬৭ গৰাকী ব্যক্তি । এই দুৰ্ঘটনাৰ এবছৰ হ’ল, কিন্তু আজিও সেই ভয়াৱহতা বুকুত কঢ়িয়াই লৈ ফুৰিছে বহুজনে ৷

সাংবাদিক পৰেশ ডাবে তেওঁলোকৰ মাজৰে এজন, যি আজিও এই ভয়াৱহতাৰ কথা মনত পেলায় ৷ এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাৰ কথা সুঁৱৰি তেওঁ লিখিছে- ‘‘আহমেদাবাদৰ এটা গ্ৰীষ্মকালীন বিয়লিৰ কথা, মানুহে লক্ষ্য কৰিছিল যে ২০২৫ চনৰ ১২ জুনত চহৰখনৰ আকাশ ক’লা ধোঁৱাই ছানি ধৰিছে ৷ ই আছিল ভাৰতে এতিয়ালৈকে দেখা আটাইতকৈ মাৰাত্মক বিমান দুৰ্ঘটনা । সাংবাদিক হিচাপে মই নিজৰ চাকৰিত আছিলো আৰু চহৰৰ ঐতিহাসিক ৰথ যাত্ৰাৰ বাতৰি পৰিৱেশন কৰিছিলোঁ । কাৰোবাৰ সাক্ষাৎকাৰ লৈ থাকোঁতে ফোন আহিল, এয়াৰ ইণ্ডিয়া ড্ৰিমলাইনাৰ এআই-১৭১ এখন মেডিকেল কলেজৰ হোষ্টেলত খুন্দা মাৰিছে ।’’

‘‘মই জানিছিলোঁ যে মোৰ সেই ঠাইত উপনীত হোৱাৰ সময় আহি পৰিছে ৷ মুহূৰ্ততে মই গৈ সেই স্থানত উপস্থিত হ’ল আৰু দেখিলোঁ যে কেউফালে পৰি আছে ধাতুৰ টুকুৰা, ছিন্নভিন্ন শৰীৰ, জুই আৰু ধোঁৱাই অঞ্চলটো ছানি ধৰিছে ৷ ছবিবোৰ চিৰদিনৰ বাবে স্মৃতিত খোদিত হৈ থাকিব ।’’ পৰেশে কয় ৷

Air India AI-171 Crash
দুৰ্ঘটনাত পতিত বিমানখনৰ ভগ্নাৱশেষ (PTI)

‘‘প্ৰথম অৱস্থাত টেলিভিছন চেনেলবোৰে এই কাণ্ডটোক ভয়ংকৰ অগ্নিকাণ্ড বুলি বাতৰি কৰিছিল ৷ কিন্তু মই জানিছিলোঁ যে ই কেৱল জুইৰ দৰে ঘটনা নহয় । আচলতে মই ভাবিছিলো যে অপাৰেচন সেন্দূৰৰ সময়ত ভাৰত-পাকিস্তানৰ উত্তেজনাৰ পৰিপ্ৰেক্ষিতত ই ক্ষেপণাস্ত্ৰ আক্ৰমণ হ’ব পাৰে । কিছু মুহূৰ্তৰ পিছতে বিমানবন্দৰ কৰ্তৃপক্ষৰ পৰা প্ৰথম আনুষ্ঠানিক নিশ্চিতকৰণ আহিল । এয়াৰ ইণ্ডিয়াৰ বিমান এআই-১৭১ বিমানখন দুৰ্ঘটনাগ্ৰস্ত হৈছে । বিমানখনত ২৪২ লোক আছিল । অসামৰিক চিকিৎসালয়ৰ ওচৰত দুৰ্ঘটনাগ্ৰস্ত হৈছে বিমানখন ।’’ ডাবেই লিখে ৷

‘‘চৰ্দাৰ বল্লভভাই পেটেল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা বিমানখনে উৰা মাৰিছিল আৰু কেইছেকেণ্ডমান পিছতে বি জে মেডিকেল কলেজৰ হোষ্টেল বিল্ডিঙত দুৰ্ঘটনাগ্ৰস্ত হৈছিল । সাংবাদিক প্ৰেৰণ কৰি মই নিজেও সেই স্থানৰ ফালে আগবাঢ়িলোঁ । মহানগৰীৰ মাজেৰে দ্ৰুতবেগেৰে জৰুৰীকালীন বাহনসমূহে গতি কৰিলে । হুলস্থুলৰ মাজতো অস্বাভাৱিক নিস্তব্ধতা দেখা গ’ল । শ শ মিটাৰ দূৰলৈ বিমান ইন্ধনৰ গোন্ধ বিয়পি পৰিছিল । এম্বুলেন্সৰ চাইৰেন, অগ্নিনিৰ্বাপক বাহিনীৰ ৰেডিঅ’ কল আৰু আপোনজনক বিচাৰি আত্মীয়ৰ চিঞৰ । এক শোকাকুল মুহূৰ্ত আছিল সেয়া ৷’’ -ডাবেই লিখিছে ৷

Air India AI-171 Crash
অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপনৰ চেষ্টা চলোৱা ছবি (PTI)

তেওঁ লগতে উল্লেখ কৰে, ‘‘দুৰ্ঘটনাৰ ধ্বংসলীলা সহ্য কৰিব নোৱাৰা হৈ পৰিছিল । উদ্ধাৰকাৰী দলে মৃতদেহ উদ্ধাৰৰ চেষ্টা কৰিছিল, অগ্নিনিৰ্বাপক বাহিনীয়ে জুইৰ শিখা নিয়ন্ত্ৰণ কৰিবলৈ যুঁজিছিল । ধ্বংসাৱশেষৰ পৰা মৃতদেহ উদ্ধাৰ কৰি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় । বিমানখনৰ কিছু অংশ দুৰ্ঘটনাৰ বহুদিনৰ পিছলৈকে জ্বলি আছিল । বেছিভাগ ভুক্তভোগী চিনাক্ত কৰিব নোৱাৰাকৈ জ্বলি গৈছিল । মৃতদেহবোৰৰ অৱস্থানলৈ চাই দেখা গ’ল যে তেওঁলোকে শেষ মুহূৰ্তলৈকে জীয়াই থাকিবলৈ যুঁজিছিল ।’’

‘‘উদ্ধাৰকাৰীয়ে গভীৰ নিশালৈকে জীৱিত লোকৰ সন্ধানত অভিযান অব্যাহত ৰাখিছিল । মোক আটাইতকৈ বেছি প্ৰভাৱিত কৰা কথাটো হ’ল হোষ্টেলৰ ডাইনিং টেবুলত যেতিয়া ছাত্ৰ-ছাত্ৰীসকলে দুপৰীয়াৰ আহাৰ খাই আছিল যেতিয়া বিমানখনে খুন্দা মাৰে । হোষ্টেলত অগ্নিকাণ্ডৰ ফলত বিমানখনৰ এখন পাংখা অট্টালিকাটোত আবদ্ধ হৈ পৰে । দেখিলোঁ খাদ্যৰ প্লেট, পানীয়ৰ কাপ তেতিয়াও মজিয়াত পৰি আছে ।’’ -গভীৰ শোকেৰে পৰেশে লিখে ৷

Air India AI-171 Crash
দুৰ্ঘটনাত পতিত বিমানখনৰ ভগ্নাৱশেষ (PTI)

‘‘এই শোকাকূল অৱস্থাৰ লগতে কাৰ্যকৰী প্ৰত্যাহ্বানসমূহেও দুৰ্যোগৰ প্ৰতি সঁহাৰি জনোৱাটো কঠিন কৰি তুলিছিল । ভিৰ নিয়ন্ত্ৰণ আছিল অন্যতম ডাঙৰ প্ৰত্যাহ্বান । বহু লোকে কেৱল ভিডিঅ’ ৰেকৰ্ডিং আৰু ফটো তুলিবলৈ অঞ্চলটোত প্ৰৱেশ কৰিছিল, যাৰ ফলত উদ্ধাৰৰ প্ৰচেষ্টা আৰু অধিক জটিল হৈ পৰিছিল । গোটেই দিনটো কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলকে ধৰি কেইবাজনো জ্যেষ্ঠ নেতাই এই স্থান পৰিদৰ্শন কৰে । সন্ধিয়ালৈকে কৰ্তৃপক্ষই নিহতসকলৰ মৃতদেহ মৰ্গলৈ স্থানান্তৰিত কৰাৰ বিপৰীতে কেইবা ডজনো আহত ব্যক্তিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় । সূৰ্যাস্তৰ লগে লগে উদ্ধাৰ অভিযান শেষ হয় আৰু দুৰ্ঘটনাস্থলীত এক নিস্তব্ধতাই বিৰাজ কৰে ।’’ পৰেশ ডাবেই শেষত লিখে ৷

লগতে পঢ়ক: প্ৰথমবাৰ বিমানত উঠা পিতৃ-মাতৃ দুয়োকে হেৰুৱালে বিক্ৰমে, এতিয়া অপেক্ষা মাথোঁ বিমান দুৰ্ঘটনাৰ সত্য উদ্ঘাটনলৈ