AI সন্মিলনত কংগ্ৰেছৰ অৰ্ধ-উলংগ প্ৰতিবাদ : যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতিক চাৰিদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ
ৰাষ্ট্ৰীয় সভাপতিক গ্ৰেপ্তাৰ কৰা কাৰ্যক তীব্ৰ গৰিহণা দি ই স্বেচ্ছাচাৰী আৰু দমনমূলক কাৰ্য বুলি অভিহিত কৰিছে ভাৰতীয় যুৱ কংগ্ৰেছে ।

Published : February 24, 2026 at 5:52 PM IST
নতুন দিল্লী: দিল্লীত ভাৰত মণ্ডপমত অনুষ্ঠিত এ আই ইমপেক্ট সন্মিলনৰ সময়ত হোৱা কংগ্ৰেছৰ প্ৰতিবাদৰ বিৰুদ্ধে ক্ষিপ্ৰতাৰে তদন্ত আৰম্ভ কৰিছে দিল্লী আৰক্ষীয়ে ৷ এই গোচৰত নাম সাঙোৰ খোৱা ভাৰতীয় যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি উদয় ভানু চিবক আৰক্ষীয়ে গ্ৰেপ্তাৰৰ পিছত পাটিয়ালা হাউছ কোৰ্টত হাজিৰ কৰোৱায় । আদালতে চিবক চাৰিদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে ।
সোমবাৰে চিবক জেৰাৰ বাবে তিলক মাৰ্গ থানালৈ মাতি অনা হৈছিল । জেৰাৰ পিছত আৰক্ষীৰ হাতত পৰা প্ৰমাণৰ ভিত্তিত তেওঁক গ্ৰেপ্তাৰৰ সম্ভাৱনা আছে । চিবৰ সৈতে এই গোচৰত গ্ৰেপ্তাৰ হোৱা লোকৰ সংখ্যা ৮ জনলৈ বৃদ্ধি পাইছে ।
ইয়াৰ পূৰ্বে গোৱালিয়ৰৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল জিতেন্দ্ৰ যাদৱক । সম্প্ৰতি আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত । আৰক্ষী বিষয়াসকলে জনোৱা মতে, প্ৰতিবাদৰ পৰিকল্পনা, ইয়াৰ লগত জড়িত লোকসকলৰ ভূমিকা আৰু সাংগঠনিক পৰ্যায়ত কৰা প্ৰস্তুতিৰ তদন্ত অব্যাহত আছে । আৰক্ষীয়ে দাবী কৰিছে যে উপলব্ধ তথ্য আৰু ভিডিঅ’ ফুটেজৰ প্ৰমাণৰ ভিত্তিত এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে ।
আদালতত দিল্লী আৰক্ষীৰ বিবৃতি
দিল্লী আৰক্ষীয়ে জনোৱা মতে, ভাৰতীয় যুৱ কংগ্ৰেছৰ সভাপতি চিবে এই ষড়যন্ত্ৰৰ পৰিকল্পনা কৰিছিল আৰু প্ৰতিবাদকাৰীসকলক উচটনি দিছিল ৷ গোচৰটোৰ তদন্তৰ বাবে শিবক সাতদিনৰ জিম্মাত ৰখাৰ প্ৰয়োজন বুলি আৰক্ষীয়ে সদৰী কৰে । এই সন্দৰ্ভত আদালতে নিজৰ ৰায় সংৰক্ষণ কৰি ৰাখিছে । আদালতৰ বাহিৰত মঙলবাৰে দেখা যায় যুৱ কংগ্ৰেছ কৰ্মীৰ বৃহৎ উপস্থিতি ।
ইফালে, ভাৰতীয় যুৱ কংগ্ৰেছে নিজৰ ৰাষ্ট্ৰীয় সভাপতিক গ্ৰেপ্তাৰ কৰা কাৰ্যক তীব্ৰ গৰিহণা দি ই স্বেচ্ছাচাৰী আৰু দমনমূলক কাৰ্য বুলি অভিহিত কৰিছে । দলটোৱে এক বিবৃতি জাৰি কৰি এক্সত প্ৰকাশিত এটা পোষ্টত এনেদৰে উল্লেখ কৰে, ‘‘উদয় ভানু চিবে ইতিমধ্যে তদন্তত সম্পূৰ্ণ সহযোগিতা আগবঢ়াইছে ৷ তেওঁ পলাতক নহয়, তদন্তৰ পৰাও পলাই ফুৰা নাই । ইয়াৰ পিছতো তেওঁক গ্ৰেপ্তাৰ কৰাৰ পৰা বুজা যায় যে এই পদক্ষেপ তদন্তৰ বাবে প্ৰয়োজনতকৈ অধিক চাপ সৃষ্টি কৰা কৌশলৰ অংশ ।’’
#WATCH | दिल्ली: कांग्रेस नेता पवन खेड़ा ने दिल्ली पुलिस द्वारा भारतीय युवा कांग्रेस के राष्ट्रीय अध्यक्ष उदय भानु चिब को भारत AI प्रभाव शिखर सम्मेलन में युवा कांग्रेस के विरोध प्रदर्शन पर गिरफ्तार किए जाने पर कहा," बहुत शर्म की बात है कि शांतिपूर्ण आंदोलन करने में भी आपको दिक्कत… pic.twitter.com/idwguPOKt3
— ANI_HindiNews (@AHindinews) February 24, 2026
যুৱ কংগ্ৰেছে অভিযোগ কৰে যে গ্ৰেপ্তাৰৰ পিছত ৪১ নং ধাৰা অনুসৰি এ চি আৰ পি চিৰ জাননী প্ৰদান কৰা হৈছে, যিয়ে আইনী সুৰক্ষা ব্যৱস্থা উলংঘা কৰিছে । লগতে উল্লেখ কৰা হৈছে যে দলীয় কেইবাজনো বিষয়াৰ পৰিয়ালক মাজনিশা শোৱাপাটীৰ পৰা উঠাই আনি থানাত ৰখা হৈছিল । আটকাধীন লোকসকলৰ তথ্য প্ৰদানতো পলম হৈছিল । দলটোৱে হিমাচল সদনত ৱাৰেণ্ট অবিহনে বিধানসভাৰ বৈঠকত আৰক্ষীৰ প্ৰৱেশক গুৰুতৰ পদ্ধতিগত উলংঘা বুলি দাবী কৰে ।
আই ৱাই চিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক শেষ নাৰায়ণ ওজাই কয় যে তেওঁলোকৰ সভাপতিয়ে তদন্তত পূৰ্ণ সহযোগিতা আগবঢ়াইছে । গণতান্ত্ৰিক অধিকাৰৰ অধীনত প্ৰতিবাদ কৰাটো অপৰাধ হ’ব নোৱাৰে । ইফালে, আই ৱাই চিৰ আইনী কোষৰ মুৰব্বী অধিবক্তা ৰূপেশ সিং ভদোৰিয়াই অভিযোগ কৰে যে তদন্ত প্ৰক্ৰিয়াৰ অপব্যৱহাৰ কৰি আতংকৰ পৰিৱেশ সৃষ্টি কৰিছে । যিকোনো অবৈধ ব্যৱস্থাৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব । যুৱ কংগ্ৰেছে নিজৰ সভাপতিক শীঘ্ৰে মুকলি কৰি দিয়া, গ্ৰেপ্তাৰৰ নিয়ম মানি চলা, হিমাচল সদন কাণ্ডৰ স্বতন্ত্ৰ তদন্ত আৰু হাৰাশাস্তিৰ অন্ত পেলোৱাৰ দাবী জনাইছে । আনহাতে, আৰক্ষীয়ে নিৰপেক্ষভাৱে তদন্ত অব্যাহত ৰখাৰ লগতে প্ৰমাণৰ ভিত্তিত অধিক ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি জানিবলৈ দিয়ে ।
दिल्ली पुलिस द्वारा IYC के राष्ट्रीय अध्यक्ष भाई उदय भानु चिब जी एवं अन्य युवा साथियों की ग़ैरक़ानूनी गिरफ्तारी की मैं कड़ी निंदा करता हूं.
" ताना-शाह" सरकार यह भूल रही है कि लोकतंत्र में युवाओं का आवाज उठाना, सवाल पूछना और विरोध करना अपराध नहीं, बल्कि लोकतंत्र का सबसे मजबूत…<="" p>— bhupesh baghel (@bhupeshbaghel) February 24, 2026
ছত্তীশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ গৰিহণা
আৰক্ষীৰ এই কার্যক লৈ ছত্তীশগড়ৰ প্রাক্তন মুখ্যমন্ত্রীয়ে এক্সত এনেদৰে লিখিছে, ‘‘দিল্লী আৰক্ষীয়ে আই ৱাই চিৰ ৰাষ্ট্রীয় সভাপতি ভাই উদয় ভানু শিব জী আৰু অন্যান্য যুৱ সহকৰ্মীক নীতি বহিৰ্ভুতভাৱে গ্ৰেপ্তাৰ কৰাৰ ঘটনাক কঠোৰ ভাষাৰে গৰিহণা দিছোঁ ৷ একনায়কত্ববাদী চৰকাৰখনে পাহৰি গৈছে যে গণতন্ত্ৰত মাত মতা, প্ৰশ্ন কৰা আৰু যুৱক-যুৱতীসকলৰ প্ৰতিবাদ কৰাটো অপৰাধ নহয়, বৰং ই গণতন্ত্ৰৰ আটাইতকৈ শক্তিশালী অস্ত্ৰ ।’’
লগতে পঢ়ক: গোৰখপুৰত নাগালেণ্ডৰ মহিলা চিকিৎসকক নিৰ্যাতন : মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া

