ETV Bharat / bharat

এ আই এক বৃহৎ সুযোগ ! ইয়াৰ সুফল যাতে সকলোৱে লাভ কৰে তাৰ প্ৰতি নজৰ ৰখাটো জৰুৰী: ৰাষ্ট্ৰপতি মুৰ্মু

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে নতুন শিক্ষানীতিৰ জৰিয়তে ভাৰতক জ্ঞানৰ মহাশক্তি আৰু প্ৰযুক্তি চালিত, সৰ্বাংগীন আৰু সমৃদ্ধিশালী ৰাষ্ট্ৰলৈ ৰূপান্তৰিত কৰিবলৈ নাগৰিকসকলক আহ্বান জনায় ।

PRESIDENT MURMU ON AI
ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু (PTI)
author img

By PTI

Published : January 1, 2026 at 9:17 PM IST

4 Min Read
Choose ETV Bharat

নতুন দিল্লী: কৃত্ৰিম বুদ্ধিমত্তাক ইতিবাচক পৰিৱৰ্তন আনিবলৈ এক বৃহৎ সুযোগ বুলি অভিহিত কৰিছে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ৷ বৃহস্পতিবাৰে ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ইয়াৰ সুবিধা যাতে সমাজৰ সকলো শ্ৰেণী, বিশেষকৈ অভাৱগ্ৰস্ত লোকে লাভ কৰিব পাৰে, সেয়া নিশ্চিত কৰাটো অতি প্ৰয়োজনীয় ।

দক্ষতা বিকাশ আৰু উদ্যোগীকৰণ মন্ত্ৰালয়ে আয়োজন কৰা এক অনুষ্ঠানত ভাষণ দি ৰাষ্ট্ৰপতি মুৰ্মুৱে কয় যে কৃত্ৰিম বুদ্ধিমত্তাই ভাৰতৰ অৰ্থনীতি আৰু আগন্তুক দশকত দেশৰ মুঠ ঘৰুৱা উৎপাদন(জি ডি পি), কৰ্মসংস্থাপন আৰু উৎপাদনশীলতাত ই যথেষ্ট অৰিহণা যোগাব ।

সামাজিক, অৰ্থনৈতিক আৰু প্ৰযুক্তিগত প্ৰতিবন্ধকতাসমূহ হ্ৰাস কৰিবলৈ কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰ কৰিব লাগে বুলিও ৰাষ্ট্ৰপতিগৰাকীয়ে কয় ।

তেওঁ কয় যে ডাটা বিজ্ঞান, এ আই ইঞ্জিনিয়াৰিং আৰু ডাটা এনালাইটিক্সকে ধৰি দক্ষতাই দেশৰ এ আই টেলেণ্ট পুল গঢ়ি তোলাত মূল ভূমিকা পালন কৰিব ।

তেওঁ কয়, ‘‘কৃত্ৰিম বুদ্ধিমত্তা ভাৰতৰ অৰ্থনীতিৰ বাবে বৃদ্ধিৰ এক মূল চালক হিচাপে আত্মপ্ৰকাশ কৰিছে । ভাৰতে বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতি হোৱাৰ দিশত দ্ৰুতগতিত আগবাঢ়িছে ।’’

ৰাষ্ট্ৰপতি মুৰ্মুৱে পুনৰ কয় যে অনাগত দশকবোৰত দেশৰ জি ডি পি, চাকৰি সৃষ্টি আৰু সামগ্ৰিক উৎপাদনশীলতাত অৰিহণা যোগোৱাৰ ক্ষেত্ৰত এ আইয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ।

তেওঁ কয় যে চৰকাৰে উদ্যোগৰ অংশীদাৰ আৰু শিক্ষানুষ্ঠানৰ সহযোগত ভাৰতে কেৱল প্ৰযুক্তিক আঁকোৱালি লোৱাই নহয়, বৰং ইয়াৰ জৰিয়তে এক দায়িত্বশীল ভৱিষ্যত গঢ়ি তোলাটো নিশ্চিত কৰিছে ।

চৰকাৰে উদ্যোগৰ অংশীদাৰ আৰু শিক্ষানুষ্ঠানৰ সহযোগত ভাৰতে কেৱল প্ৰযুক্তিক আকোঁৱালি লোৱাই নহয়, ইয়াৰ জৰিয়তে এক দায়িত্বশীল ভৱিষ্যত গঢ়ি তোলাটো নিশ্চিত কৰিছে বুলি ৰাষ্ট্ৰপতিগৰাকীয়ে কয় ।

ৰাষ্ট্ৰপতিগৰাকীয়ে দেশবাসীক এখন উন্নত ভাৰতৰ লক্ষ্যৰ দিশত কাম কৰাৰ লগতে নতুন শিক্ষানীতিৰ জৰিয়তে ভাৰতক জ্ঞানৰ মহাশক্তি আৰু প্ৰযুক্তি-চালিত, সৰ্বাংগীন আৰু সমৃদ্ধিশালী জাতিলৈ ৰূপান্তৰিত কৰাৰ প্ৰতিশ্ৰুতি দিবলৈ আহ্বান জনায় ।

তেওঁ দৃঢ়ভাৱে কয় যে চৰকাৰে বিদ্যালয়ত কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰক প্ৰসাৰিত কৰাৰ লগতে শিশুসকলক প্ৰযুক্তিগত নেতৃত্বৰ বাবে প্ৰস্তুত কৰি তুলিছে ৷

ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে এ আই লেব আৰু এ আই মডেলৰ জৰিয়তে শিশুসকলৰ মাজত উদ্ভাৱনী চিন্তা আৰু ভৱিষ্যতৰ বাবে সাজু দক্ষতা বিকাশ কৰা হৈছে ।

এই উপলক্ষে আৰম্ভ কৰা স্কিল দ্য নেশ্যন চেলেঞ্জৰ লক্ষ্য হৈছে এ আই শিক্ষণ আৰু উদ্ভাৱনক বৃহৎ পৰিসৰত প্ৰসাৰিত কৰা ।

ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে এই পদক্ষেপসমূহে ভাৰতত লাখ লাখ শিক্ষাৰ্থীক উন্নীত কৰা, তেওঁলোকৰ সামৰ্থ উন্নত কৰা আৰু ভৱিষ্যতৰ বাবে সাজু কৰ্মশক্তি সৃষ্টিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ বুলি প্ৰমাণিত হ’ব ।

এ আইয়ে সমগ্ৰ বিশ্বৰ অৰ্থনীতি আৰু সমাজলৈ এক নতুন দিশ আগবঢ়াইছে বুলি ৰাষ্ট্ৰপতিগৰাকীয়ে মতপোষণ কৰে । তেওঁ কয় যে যুৱ ভাৰতৰ বাবে এ আই কেৱল প্ৰযুক্তি নহয়, বৰঞ্চ ইতিবাচক পৰিৱৰ্তন অনাৰ এক বৃহৎ সুযোগ ।

ৰাষ্ট্ৰপতিগৰাকীয়ে সামাজিক, অৰ্থনৈতিক আৰু প্ৰযুক্তিগত প্ৰতিবন্ধকতাসমূহ হ্ৰাস কৰিবলৈ কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰ কৰা উচিত বুলি দাবী কৰে ৷ নিজ ভাষণত ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ইয়াৰ সুবিধা যাতে সমাজৰ সকলো শ্ৰেণী, বিশেষকৈ অভাৱগ্ৰস্ত লোকসকলে লাভ কৰিব পাৰে ৷

ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে গুৰুত্ব আৰোপ কৰি কয় যে চৰকাৰে ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি শক্তিশালী কৰিছে আৰু দেশক বিশ্ব এ আই নেতা হিচাপে প্ৰতিষ্ঠা কৰিবলৈ ভাৰত এ আই মিছন ৰূপায়ণ কৰিছে ।

স্কিল ইণ্ডিয়া মিছনৰ উদ্যোগ SOAR (Skilling for AI Readiness)ৰ অধীনত এক বিশেষ অনুষ্ঠানত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ।

তেওঁ ছাত্ৰ-ছাত্ৰী আৰু সংসদৰ সদস্যকে ধৰি শিক্ষাৰ্থীসকলক কৃত্ৰিম বুদ্ধিমত্তাৰ (এ আই) প্ৰমাণপত্ৰ প্ৰদান কৰে আৰু ভৱিষ্যতৰ বাবে সাজু দক্ষতা কাৰ্যসূচীত অধিক যুৱক-যুৱতীসকলক অংশগ্ৰহণক উৎসাহিত কৰাৰ লক্ষ্যৰে ৰাষ্ট্ৰীয় সজাগতা অভিযান #SkillTheNation Challenge আৰম্ভ কৰে ।

ৰাষ্ট্ৰপতিয়ে ৰাইৰাংপুৰত ইগনৌ আঞ্চলিক কেন্দ্ৰটোও ভাৰ্চুৱেলী উদ্বোধন কৰে, যিয়ে দক্ষতামুখী কাৰ্যসূচী আৰু প্ৰশিক্ষণ সহায়ৰ জৰিয়তে নিয়োগযোগ্যতা শক্তিশালী কৰাৰ বাবে উত্তৰ ওড়িশাৰ বাবে এক মূলকেন্দ্ৰ হিচাপে কাম কৰে ।

কৃত্ৰিম বুদ্ধিমত্তাই বিভিন্ন খণ্ডত কামৰ প্ৰকৃতি আৰু দক্ষতাৰ প্ৰয়োজনীয়তা সলনি কৰি আছে ।

লগতে পঢ়ক: শুভ নৱবৰ্ষ ২০২৬ : ৰাষ্ট্ৰপতি মুৰ্মু, প্ৰধানমন্ত্ৰী মোদীৰ লগতে আন আন ৰাজনীতিবিদসকলৰ দেশবাসীলৈ শুভেচ্ছা