প্ৰথমবাৰ বিমানত উঠা পিতৃ-মাতৃ দুয়োকে হেৰুৱালে বিক্ৰমে, এতিয়া অপেক্ষা মাথোঁ বিমান দুৰ্ঘটনাৰ সত্য উদ্ঘাটনলৈ
এই শোকাৱহ দুৰ্ঘটনাত পিতৃ-মাতৃ দুয়োকে হেওৰুৱা বিক্ৰম পেটেলৰ চকুত আজিও সেই যন্ত্ৰণা দেখা যায় ।

Published : June 11, 2026 at 11:08 AM IST
আহমেদাবাদ: বিগত বৰ্ষত গুজৰাটৰ আহমেদাবাদত সংঘটিত হোৱা ভয়ংকৰ বিমান দুৰ্ঘটনাটো আপোনাৰ নিশ্চয় মনত আছে ৷ যোৱা বছৰ ১২ জুনত লণ্ডন গেটৱিকলৈ উৰাৰ কিছু সময়ৰ পিছতে আহমেদাবাদৰ মেঘানীনগৰ অঞ্চলৰ মেডিকেল হোষ্টেল কমপ্লেক্সত এয়াৰ ইণ্ডিয়াৰ এ আই-১৭১ বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয় । প্ৰায় ২৬০ জন লোকৰ মৃত্যু হৈছিল এই বিমান দুৰ্ঘটনাত৷ তাৰ ভিতৰত আছিল বিমানখনৰ ২৪১ গৰাকী যাত্ৰী আৰু বিমানৰ সদস্য আৰু বিমানখনে যিটো হোষ্টেলত খুন্দা মাৰিছিল তাত বাস কৰা একাংশ শিক্ষাৰ্থী । সেই ঘটনাৰ এবছৰ হ’ল যদিও এই ঘটনাৰ কাৰণ বিচাৰি হাবাথুৰি খাই থকা পৰিয়ালসমূহৰ বাবে বুকুৰ ঘাঁবোৰ আগৰ দৰেই কেঁচা হৈ আছে ।
এই শোকাৱহ দুৰ্ঘটনাত পিতৃ-মাতৃ দুয়োকে হেওৰুৱা বিক্ৰম পেটেলৰ চকুত আজিও সেই যন্ত্ৰণা দেখা যায় । ষাঠি বছৰীয়া দীনেশভাই পেটেল আৰু তেওঁৰ পত্নী কৃষ্ণবেন পেটেলে দুৰ্ভাগ্যজনক এ আই-১৭১ বিমানখনত প্ৰথমবাৰৰ বাবে লণ্ডনত পুত্ৰ বিক্ৰমক লগ কৰিবলৈ যাত্ৰা কৰা অৱস্থাত বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয় ।
দীনেশভাইয়ে বিসনগৰত বসতি স্থাপন কৰি বছৰ বছৰ ধৰি কঠোৰ পৰিশ্ৰম কৰিছিল যাতে তেওঁ পুত্ৰক শিক্ষিত কৰি উন্নত ভৱিষ্যতৰ ব্যৱস্থা কৰিব পাৰে । পুত্ৰই যেতিয়া দীনেশভাইৰ সপোন বাস্তৱত ৰূপায়ন কৰিছিল, সেই সময়তেই এই দুৰ্ঘটনাটোৱে পৰিয়ালটোক ছিন্নভিন্ন কৰি পেলালে । বিক্ৰমে কয়, ‘‘মোৰ পঢ়া-শুনাৰ বাবে দেউতা মোৰ পৰা সাত বছৰ আঁতৰত আছিল, কিন্তু মই কেতিয়াও তেওঁক পৃথিৱীখন দেখুৱাব নোৱাৰিলোঁ । ভিছা অনুমোদিত হৈছিল আৰু সকলো সাজু হৈ উঠিছিল । মোক লগ কৰিবলৈ প্ৰথমবাৰৰ বাবে বিমানত উঠিছিল, কিন্তু নিয়তিৰ আন পৰিকল্পনা আছিল ।"
এই শোকাৱহ ঘটনাই পৰিয়ালটোৰ জীৱন সম্পূৰ্ণ ওলোটা কৰি পেলালে । পিছত বিক্ৰম আৰু তেওঁৰ পত্নীয়ে লণ্ডন এৰি স্থায়ীভাৱে ভাৰতলৈ উভতি আহে । এই ক্ষতিৰ ফলত তেওঁৰ চাৰিগৰাকী ভগ্নী আৰু ভাতৃকে ধৰি সমগ্ৰ পৰিয়ালটো গভীৰভাৱে প্ৰভাৱিত হৈছে । "জীৱনটো অসম্পূৰ্ণ অনুভৱ হয় । পিতৃ-মাতৃক হেৰুৱাই পেলোৱাটো সকলো হেৰুৱাই পেলোৱাৰ দৰেই ।" বিক্ৰমে কয় ৷
একে সময়তে দীনেশভাইৰ পৰিয়ালে দুৰ্ঘটনাৰ পিছত কৰ্তৃপক্ষৰ পৰা সহায়ৰ অভাৱৰ অভিযোগ উত্থাপন কৰিছে । তেওঁলোকৰ মতে, এই শোকাৱহ দুৰ্ঘটনাৰ পিছত বিক্ৰমৰ আইতাক অসুস্থ হৈ পৰাত টাটা আৰু এয়াৰ ইণ্ডিয়াৰ বিষয়াসকলৰ সৈতে বাৰে বাৰে যোগাযোগ কৰাৰ চেষ্টা কৰা হৈছিল । তেওঁলোকে দাবী কৰে যে ইমেইল, মেছেজ আৰু ফোন কলৰ কোনো উত্তৰ নাপালে । ‘‘এনে কঠিন সময়তো আমি প্ৰতিষ্ঠানসমূহৰ উদাসীনতাৰ সাক্ষী হৈছিলো,’’ বিক্ৰমে অভিযোগ কৰে ।
পৰিয়ালটোৱে টাটা ট্ৰাষ্টৰ পৰা এক কোটি আৰু এয়াৰ ইণ্ডিয়াৰ পৰা ২৫ লাখ টকাৰ আৰ্থিক সাহায্য লাভ কৰাৰ বিপৰীতে বিক্ৰমে কয় যে তেওঁলোকৰ দাবী কেৱল ক্ষতিপূৰণ নহয় । "এই যুঁজখন ধনৰ বাবে নহয় । ই সত্য, জবাবদিহিতা আৰু ন্যায়ৰ বিষয় ।" তেওঁ কয় ৷
ইফালে, দুৰ্ঘটনাস্থলীত নতুন অট্টালিকা নিৰ্মাণৰ প্ৰস্তুতি চলি থকা বুলি জানিব পৰা গৈছে, যাৰ বাবে ক্ষতিগ্ৰস্ত কেইবাটাও পৰিয়ালৰ আপত্তিৰ সৃষ্টি হৈছে । বিক্ৰমে আন ভুক্তভোগীৰ পৰিয়ালৰ সৈতে দাবী জনাইছে যে সেই স্থানত কোনো নিৰ্মাণ কাম আৰম্ভ হোৱাৰ পূৰ্বে সম্পূৰ্ণ ব্লেক বক্সৰ প্ৰতিবেদন ৰাজহুৱা কৰা হওক ।
তেওঁলোকে যুক্তি দিছে যে ঠাইখন সলনি কৰাৰ আগতে দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ জানিব লাগিব । পৰিয়ালটোৱে চৰকাৰ আৰু সংশ্লিষ্ট কৰ্তৃপক্ষক জবাবদিহিতা নিশ্চিত কৰিবলৈ, দুৰ্ঘটনাৰ আঁৰৰ সত্য উদঙাই দিবলৈ আৰু দায়ীসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে । বিক্ৰমে কয় যে সত্য পোহৰলৈ আহিব লাগে, যাতে ভৱিষ্যতে এনেধৰণৰ শোকাৱহ ঘটনা সংঘটিত নহয় ।
লগতে পঢ়ক: কেদাৰনাথত ভক্তক প্ৰৱঞ্চনা, ভিআইপি দৰ্শনৰ নামত দালালে লুটিলে ধন

