স্বামীক হত্যা কৰি বাথৰূমত পুতি ওপৰত টাইলছ লগাইছিল ৰুবীয়ে
স্বামীৰ বাবে ৰুবীয়ে খীৰ প্ৰস্তুত কৰি তাত ২০ টাতকৈও অধিক টোপনিৰ বড়ি মিহলাই দিয়ে ।

Published : July 4, 2026 at 9:07 AM IST
আগ্ৰা: এগৰাকী মহিলাই স্বামীক নিৰ্মমভাৱে হত্যা কৰি বাথৰূমত মৃতদেহ পুতি থোৱাৰ এক ঘটনাই সমগ্ৰ আগ্ৰা অঞ্চলত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ আগ্ৰাৰ ছিকন্দৰা থানাৰ অন্তৰ্গত ভাৰতপুৰৰ ৪৪ বছৰীয়া সুৰেন্দ্ৰ কুমাৰ শৰ্মাই পত্নী ৰুবী, মাতৃ কমলা আৰু দুগৰাকী কন্যাসহ ৰেনুকা ধাম কলনীত পৰিয়ালৰ সৈতে বাস কৰিছিল ।
২৬ মে’ত ৰুবীয়ে নিজৰ স্বামী সুৰেন্দ্ৰ কুমাৰ শৰ্মা নিৰুদ্দেশ হোৱাৰ খবৰ দিয়ে থানাত । প্ৰায় ৪৫ দিন ধৰি ৰুবীয়ে স্বামীৰ নিৰুদ্দেশৰ কথা পৰিয়ালক কৈ আহিছিল ।

বিষয়টোৰ গুৰুত্বলৈ লক্ষ্য ৰাখি শুকুৰবাৰে বিয়লি পৰীক্ষণৰ অজুহাতত মহিলাগৰাকীৰ ঘৰত উপস্থিত হয় ছিকন্দৰা আৰক্ষীৰ এটা দল । আৰক্ষীক দেখি আতংকিত হৈ পৰে মহিলাগৰাকী, ফলত আৰক্ষীৰো সন্দেহৰ সৃষ্টি হয় আৰু কঠোৰ জেৰাৰ পিছত মহিলাগৰাকীয়ে স্বামীক হত্যাৰ কথা স্বীকাৰ কৰে ।
মহিলাগৰাকীয়ে দিয়া স্বীকাৰোক্তি অনুসৰি আৰক্ষীয়ে ঘৰটোৰ বাথৰূমৰ পৰা টাইলছ আঁতৰাই স্বামী সুৰেন্দ্ৰ কুমাৰ শৰ্মাৰ মৃতদেহটো উদ্ধাৰ কৰে ।

ইতিমধ্যে অভিযুক্ত পত্নীক গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে । সুৰেন্দ্ৰ কুমাৰ শৰ্মাক কিয় হত্যা কৰা হ’ল, হত্যাকাণ্ডৰ লগত আৰু কোন জড়িত আছিল আদি বিভিন্ন দিশৰ ওপৰত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে । আৰক্ষীৰ মতে, প্ৰমাণৰ ভিত্তিত অধিক ব্যৱস্থা গ্ৰহণ কৰা হ’ব ।
খীৰত মিহলাই দিছিল টোপনিৰ বড়ি:
আৰক্ষীৰ জেৰাৰ সময়ত অভিযুক্ত ৰুবীয়ে প্ৰকাশ কৰে যে তেওঁৰ স্বামীয়ে প্ৰতিদিনে মদ্যপান কৰাৰ পিছত তেওঁৰ সৈতে কাজিয়া কৰে । এই কথাত বিৰক্ত হৈ তেওঁ স্বামীক হত্যা কৰাৰ পৰিকল্পনা ৰচনা কৰে ।

সেই অনুসৰি স্বামীৰ বাবে খীৰ প্ৰস্তুত কৰি তাত ২০ টাতকৈও অধিক টোপনিৰ বড়ি মিহলাই দিয়ে । সেই খীৰ খাই গভীৰ টোপনিত পৰাৰ পিছতেই ৰুবীয়ে সুৰেন্দ্ৰক হত্যা কৰে আৰু এজন ৰাজমিস্ত্ৰীক মাতি আনি বাথৰূমৰ টাইলছ আঁতৰাই মৃতদেহটো পুতি পুনৰ ওপৰত টাইলছ লগাই থয় ।
লগতে পঢ়ক: সমগ্ৰ ভাৰতত বাৰিষাৰ আগমন, বতৰ বিজ্ঞান কেন্দ্ৰৰ ধাৰাসাৰ বৃষ্টিপাতৰ সম্ভাৱনা জাৰি

