ETV Bharat / bharat

‘মহিলা সংৰক্ষণ নহয় মোদী সংৰক্ষণ বিধেয়ক’... প্ৰধানমন্ত্ৰীক কটাক্ষ জয়ৰাম ৰমেশৰ

সীমা নিৰ্ধাৰণৰ সৈতে জড়িত সংবিধান সংশোধনী বিধেয়কখন বৰ্ষাকালীন অধিৱেশনতো আনিব পৰা নগ’ল বুলিও ৰমেশে কয় ।

JAIRAM RAMESH SLAMS PM MODI
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (X @narendramodi)
author img

By PTI

Published : August 16, 2026 at 4:32 PM IST

|

Updated : August 16, 2026 at 6:27 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহিলা সংৰক্ষণ কাৰ্যকৰী কৰাৰ বাবে সীমা নিৰ্ধাৰণ সম্পৰ্কীয় বিধেয়কখনক সমৰ্থন কৰিবলৈ বিৰোধী দলসমূহক কৰা আহ্বানক কংগ্ৰেছে ‘নাটক’ বুলি অভিহিত কৰে ৷ বিৰোধী দলটোৱে অভিযোগ কৰে যে তেওঁৰ একমাত্ৰ এজেণ্ডা ‘‘মহিলা সংৰক্ষণ নহয়, মোদী সংৰক্ষণ’’ ৷

কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে প্ৰধানমন্ত্ৰী মোদীৰ এই আহ্বানৰ আঁৰৰ উদ্দেশ্যক লৈ প্ৰশ্ন উত্থাপন কৰি কয় যে লালকিল্লাৰ পৰা ‘ধৰ্ম প্ৰচাৰ’ কৰাৰ পৰিৱৰ্তে ২০২৯ চনৰ নিৰ্বাচনৰ বাবে লোকসভাৰ বৰ্তমানৰ শক্তিৰ ওপৰত কোটা কাৰ্যকৰী কৰিব লাগিব ।

স্বাধীনতা দিৱসৰ ভাষণত বিৰোধী দলসমূহক প্ৰধানমন্ত্ৰীয়ে কৰা আবেদনৰ বিষয়ে সোধাত ৰমেশে কয় যে কালক্ৰম বুজাটো গুৰুত্বপূৰ্ণ, কিয়নো ১৯৯৩ চনত ৭৩ আৰু ৭৪ সংখ্যক সাংবিধানিক সংশোধনী বিধেয়ক গৃহীত হৈছিল ৷ য’ত পঞ্চায়ত, জিলা পৰিষদ, ব্লক পঞ্চায়ত আৰু পৌৰসভাত মহিলাৰ বাবে এক তৃতীয়াংশ সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছিল । তাৰ বাবে ৰাজীৱ গান্ধীয়েই সকলো কাম কৰিছিল আৰু এই ব্যৱস্থা সংবিধানলৈ অনাত তেওঁৰ ভূমিকা আছিল গুৰুত্বপূৰ্ণ বুলি ৰমেশে পিটিআইক জনায় ।

‘‘২০২৩ চনৰ ছেপ্টেম্বৰ মাহত নাৰী শক্তি বন্দন অধিনিয়ম, ২০২৩ সৰ্বসন্মতিক্ৰমে গৃহীত হৈছিল । কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেজীয়েই দৃঢ়তাৰে কৈছিল যে লোকসভা আৰু ৰাজ্যিক বিধানসভাত মহিলাৰ সংৰক্ষণ অনতিপলমে কাৰ্যকৰী কৰিব লাগে ।’’ ৰমেশে কয় ৷ তেওঁ লগতে কয় যে কংগ্ৰেছ আৰু অন্যান্য বিৰোধী দলসমূহে লোকসভাৰ ৫৪৩ জনীয়া শক্তিৰ ওপৰত মহিলা সংৰক্ষণ কাৰ্যকৰী কৰাৰ বাবে বাৰে বাৰে আহ্বান জনাইছে যাৰ অৰ্থ হৈছে মহিলাৰ বাবে ১৮২ খন আসন সংৰক্ষিত কৰা হওক ।

তেওঁ কয় যে চৰকাৰে কেৱল মহিলা সংৰক্ষণক সীমা নিৰ্ধাৰণৰ সৈতে সংযোগ কৰিবলৈ আগ্ৰহী । চৰকাৰে ‘দুই তৃতীয়াংশ সংখ্যাগৰিষ্ঠতা’ লাভৰ চেষ্টা চলাই আহিছে যদিও সফল হোৱা নাই আৰু সীমা নিৰ্ধাৰণৰ সৈতে জড়িত সংবিধান সংশোধনী বিধেয়কখন বৰ্ষাকালীন অধিবেশনতো আনিব পৰা নগ’ল বুলিও ৰমেশে কয় ।

‘‘লালকিল্লাৰ পৰা বাৰে বাৰে প্ৰচাৰৰ দ্বাৰা এই নাটক কৰাৰ পৰিৱৰ্তে প্ৰধানমন্ত্ৰীয়ে ২০২৯ চনৰ সাধাৰণ নিৰ্বাচনৰ পৰা লোকসভাৰ বৰ্তমানৰ শক্তিৰ ওপৰত নাৰী সংৰক্ষণ কাৰ্যকৰী কৰিব লাগিব ।’’ ৰমেশে কয় ৷

বিগত ৪০ বছৰ ধৰি এই বিষয়টো ৰাজনৈতিক ‘আখৰা’ (বিতৰ্ক)ত আবদ্ধ হৈ আছে বুলি মোদীয়ে সীমা নিৰ্ধাৰণ সম্পৰ্কীয় মহিলা সংৰক্ষণ বিধেয়কক সমৰ্থন কৰিবলৈ বিৰোধী দলসমূহক আহ্বান জনোৱাৰ এদিন পিছতে ৰমেশে এই মন্তব্য কৰে ।

বৰ্ধিত বাজেট অধিৱেশনৰ সময়ত অনা সংবিধান সংশোধনী বিধেয়কখনে ২০২৯ চনত বিধায়িনী দলত মহিলাৰ বাবে ৩৩ শতাংশ সংৰক্ষণ কাৰ্যকৰী কৰাৰ লগতে লোকসভাৰ আসনৰ সংখ্যা ৫৪৩ খনৰ পৰা ৮১৬ খনলৈ বৃদ্ধি কৰাৰ কথা কোৱা হৈছিল । এই প্ৰস্তাৱিত আইনখন নিম্ন সদনত গৃহীত কৰিবলৈ দুই তৃতীয়াংশ সংখ্যাগৰিষ্ঠতাৰ প্ৰয়োজন আছিল । অৱশ্যে ইয়াক বিৰোধী দলসমূহে সমৰ্থন নজনালে ।

স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ পৰা দেশবাসীক সম্বোধন কৰি মোদীয়ে লগতে কয় যে প্ৰস্তাৱিত আইনখন গৃহীত কৰাৰ কৃতিত্ব ৰাজনৈতিক দলসমূহে ল’ব পাৰে ।

"ৰাষ্ট্ৰীয় পতাকাৰ তলৰ পৰা মই সকলো ৰাজনৈতিক দললৈ আহ্বান জনাইছো: আহক আমি সেই মহিলাসকলৰ সন্মানত একত্ৰিত হওঁ আৰু বিধানসভা আৰু লোকসভাত আমাৰ মাতৃ-কন্যাসকলক ৩৩ শতাংশ সংৰক্ষণ প্ৰদান কৰোঁ আৰু তেওঁলোকৰ প্ৰতিনিধিত্ব নিশ্চিত কৰোঁ, যাতে তেওঁলোকে ভাৰতৰ নীতিসমূহ বিকশিত কৰাত অৰিহণা যোগায় । এয়া সময়ৰ প্ৰয়োজনীয়তা বুলি দাবী কৰি মোদীয়ে কয় ।

লগতে পঢ়ক: সামাজিক মাধ্য়মত বিভ্ৰান্তিকৰ-ভুৱা বিষয় পৰীক্ষা কৰিবলৈ গঠন হ’ব তৎকালীন সঁহাৰি দল

Last Updated : August 16, 2026 at 6:27 PM IST