ETV Bharat / bharat

ৰাম মন্দিৰৰ পিছত বগলামুখী শক্তিপীঠত কোটি টকাৰ অনুদান আত্মসাৎ !

অযোধ্যাৰ ৰাম মন্দিৰৰ পিছত বগলামুখী শক্তিপীঠ মন্দিৰত কোটি কোটি টকাৰ অনুদান আত্মসাৎ ৷ এটা ব্যক্তিগত কোম্পানীয়ে মন্দিৰটোৰ নগদ ধন, সোণ-ৰূপ চুৰি কৰাৰ অভিযোগ উত্থাপন ৷

BAGLAMUKHI SHAKTIPEETH
আগৰ মালৱাস্থিত মা বগলামুখী শক্তিপীঠ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : July 8, 2026 at 6:53 PM IST

3 Min Read
Choose ETV Bharat

আগৰ মালৱা(মধ্যপ্ৰদেশ): অযোধ্যাৰ ৰাম মন্দিৰৰ অনুদান চুৰি বিতৰ্কৰ অন্ত নপৰোতেই আন এক নতুন বিতৰ্ক পোহৰলৈ আহিছে ৷ এইবাৰ চোৰৰ কবলত পৰিছে মা বগলামুখী শক্তিপীঠ ৷ মধ্যপ্ৰদেশৰ এই শক্তিপীঠখনৰো কোটি কোটি টকাৰ অনুদান আত্মসাৎ হোৱাৰ কথা পোহৰলৈ আহিছে ৷ মধ্যপ্ৰদেশৰ আগৰ মালৱাৰ বগলামুখী শক্তিপীঠ মন্দিৰৰ নাম সম্প্ৰতি দেশবাসীৰ চৰ্চাৰ বিষয় হৈ পৰিছে ৷

অভিযোগ অনুসৰি মন্দিৰভাগলৈ ভক্তসকলে বৰঙণি হিচাপে দিয়া কোটি কোটি মূল্যৰ ধন আৰু গহনা নোহোৱা হৈছে ৷ জিলা উপায়ুক্তই বিষয়টোৰ তদন্তৰ নিৰ্দেশ দিয়াৰ লগতে তিনিজনীয়া তদন্তকাৰী দল গঠন কৰি দিছে ।

Agar Malwa Nalkheda Baglamukhi Shaktipeeth Donation Theft
জিলা আয়ুক্তৰ ওচৰত এজাহাৰ দাখিল (ETV Bharat)

জানিব পৰা মতে, এটা বেচৰকাৰী সংস্থাই চৰকাৰী অনুমোদন অবিহনে বগলামুখী মন্দিৰ চৌহদৰ ভিতৰত যজ্ঞ, হৱনৰ দৰে অনুষ্ঠানৰ বাবদ অনুদান সংগ্ৰহৰ বাবে আগভাগ লৈছিল ৷ যাৰ বাবে ভক্তসকলক ইয়াৰ বিনিময়ত ৰচিদ দিয়াৰ যি ব্যৱস্থা, সেয়াও সংস্থাটোৱে পালন কৰিছিল ৷ কিন্তু অনুদান সংগ্ৰহৰ বাবে সংস্থাটোৱে ব্যক্তিগত বেংক একাউণ্ট ব্যৱহাৰ কৰি অনুদানৰ ধন আত্মসাৎ কৰাৰ ব্যৱস্থা কৰি লৈছিল ৷

বিষয়টো সন্দৰ্ভত আগৰ মালৱাৰ জিলা আয়ুক্ত প্ৰীতি যাদৱৰ ওচৰত এজাহাৰ দাখিল কৰা হৈছে । জিলা আয়ুক্ত যাদৱে মঙলবাৰে সমগ্ৰ বিষয়টোৰ সম্পূৰ্ণ তদন্তৰ নিৰ্দেশ দি তিনিজনীয়া তদন্ত সমিতি গঠন কৰে ।

Agar Malwa Nalkheda Baglamukhi Shaktipeeth Donation Theft
আগৰ মালৱাৰ জিলা আয়ুক্ত প্ৰীতি যাদৱ (ETV Bharat)

২০২৪ চনৰ পৰা মন্দিৰৰ ভিতৰচ’ৰাত এখন ব্যক্তিগত সমিতিয়ে কাম কৰি আহিছে বুলি অভিযোগ উত্থাপন হৈছে ৷ এই সমিতিখনে কোনো আইনী কৰ্তৃত্ব অবিহনে নিজাববীয়াকৈ ৰচিদ জাৰি কৰি অনুদান সংগ্ৰহ কৰি অহাৰো ইতিমধ্যে অভিযোগ পোৱা গৈছে ৷

জিলা আয়ুক্ত প্ৰীতি যাদৱে এই সংক্ৰান্তত কয়, ‘‘২০২৪ চনৰ পৰা মন্দিৰত সক্ৰিয় ভূমিকা গ্ৰহণ কৰি অহা এই সংস্থাটোৱে ৰচিদ বহী ছপা কৰি অনুদান সংগ্ৰহ কৰিছিল ৷ আনকি সেইবোৰ ব্যৱহাৰ কৰি মন্দিৰ চৌহদৰ ভিতৰত ভক্তসকলৰ পৰা সোণ আৰু ৰূপৰ গহণাও সংগ্ৰহ কৰিছিল । এই ৰচিদত বেংকৰ ব্যক্তিগত একাউণ্ট নম্বৰৰ লগতে আন কেইবাটাও ম’বাইল নম্বৰ উল্লেখ আছে ।’’

আগৰ মালৱা জিলা প্ৰশাসনৰ অধীনত এখন চৰকাৰী পৰিচালনা সমিতিৰ হাতত এই মন্দিৰৰ দায়িত্ব অৰ্পণ কৰা হৈছে । এই সমিতিখনে মন্দিৰৰ পূজা-অৰ্চনাৰ লগতে চৌহদটো পৰিচালনাৰ কাম কৰে ৷ সমিতিখনৰ নেতৃত্বত আছে নলখেডাৰ মহকুমাধিপতি ৷

Agar Malwa Nalkheda Baglamukhi Shaktipeeth Donation Theft
অনুদান সংগ্ৰহৰ ৰচিদ বহী (ETV Bharat)

তদুপৰি কোনো ব্যক্তিগত সংস্থাৰ বাবে মন্দিৰত চান্দা বা গহনা সংগ্ৰহৰ কোনো অনুমতি বা ব্যৱস্থা নাই । ইয়াৰ পিছতো সংস্থাটোৱে যোৱা দুবছৰ ধৰি অকৰ্তৃত্বশীলভাৱে কোটি কোটি মূল্যৰ নগদ ধন আৰু সোণ-ৰূপৰ গহনা সংগ্ৰহ কৰি ব্যক্তিগত বেংক একাউণ্টত জমা কৰিছে ।

আচৰিত কথা এয়ে যে মন্দিৰ সমিতিখনে এই কামৰ কোনো ভূ নাপালে ৷ মন্দিৰটোৱে লাভ কৰা ধন, সোণ-ৰূপৰ কোনো অভিলেখো ৰখা নহ’ল । যাৰ বাবে সংস্থাটোৱে বৰ্তমানলৈকে কিমান কোটি টকা আত্মসাৎ কৰিছে, তাৰ লেখ-জোখ নিৰ্ণয় কৰাটো কঠিন হৈ পৰিছে ।

নলখেড়াস্থিত মা বগলামুখী মন্দিৰ মধ্যপ্ৰদেশৰ অন্যতম উল্লেখনীয় ধৰ্মীয় স্থান । নিতৌ হাজাৰ হাজাৰ ভক্তই মন্দিৰটো দৰ্শন কৰে ৷ দেশৰ বহু আগশাৰীৰ ৰাজনীতিবিদেও বিশেষকৈ নিৰ্বাচনৰ সময়ত প্ৰাৰ্থনা কৰিবলৈ আৰু প্ৰতিদ্বন্দ্বীৰ বিপক্ষে জয়লাভ কৰাৰ মানসেৰে মাৰ আশীৰ্বাদ ল’বলৈ আহে ৷

ইয়াৰোপৰি নলখেড়াৰ বগলামুখী মন্দিৰ তন্ত্ৰ অনুশীলনৰ কেন্দ্ৰ ৷ মন্দিৰ চৌহদৰ কাষৰ স্থানত তন্ত্ৰ-মন্ত্ৰ সম্পৰ্কীয় পূজাৰ বাবে দৈনিক যজ্ঞ, হৱন আৰু পূজা আদি অনুষ্ঠান কৰা হয় ।

লগতে পঢ়ক: ‘মোৰ জীৱনটো এখন খোলা কিতাপৰ দৰে’ : ৰাম মন্দিৰ বিতৰ্কৰ মাজতে মুখ খুলিলে চম্পত ৰায়ে