কৰ্কট ৰোগীৰ মুখত হাঁহি বিৰিঙাইছে এগৰাকী মহিলাই
শৈশৱৰ পৰা সমাজ সেৱাত ব্ৰতী গৌৰীয়ে ২০১৯ চনত আৰম্ভ কৰিছিল স্বচ্ছ ভাৰত অভিযান, বৃক্ষ ৰোপণ, ৰক্তদান আৰু চিকিৎসা শিবিৰ ।

Published : November 11, 2025 at 2:27 PM IST
গুণ্টুৰ: কৰ্কট ৰোগত আক্ৰান্ত ৰোগীক তেওঁ নিচেই ওচৰৰ পৰা দেখিছে । এই ৰোগত আক্ৰান্ত ৰোগীৰ কষ্ট কিমান সেয়া তেওঁ অনুভৱ কৰিব পাৰে । কাৰণ তেওঁ এই ৰোগত আক্ৰান্ত আপোনজনক একেবাৰে ওচৰৰ পৰাই প্ৰত্য়ক্ষ কৰিছে । আপোনজনৰ বেদনা দেখি সংগোপনে উচুপি উঠে তেওঁ । এনে ৰোগীৰ জীৱন সংগ্ৰামখন দেখিয়েই সিদ্ধান্ত লৈছিল তেওঁলোকক সহায় কৰাৰ ।
মহিলাগৰাকীৰ নাম গৌৰী ছিৰিচা । অন্ধ্ৰ প্ৰদেশৰ গুণ্টুৰৰ এইগৰাকী মহিলাই কৰ্কট ৰোগত আক্ৰান্ত ৰোগীৰ মুখত হাঁহি বিৰিঙাবলৈ গ্ৰহণ কৰিলে এই পদক্ষেপ । গৌৰীয়ে এনে ৰোগীক সামান্য় পৰিমানে সকাহ দিবলৈকে আগবাঢ়ি আহি গ্ৰহণ কৰিলে এক ইতিবাচক পদক্ষেপ । নিজৰ চুলিদানৰ পদক্ষেপৰে কৰ্কট ৰোগীসকলক তেওঁলোকৰ আত্মবিশ্বাস ঘূৰাই অনাত সহায় কৰাৰ অভিযানত আগবাঢ়ি আহিছে গৌৰী ।
গৌৰীৰ এই সকলোবোৰ আৰম্ভ হৈছিল মাতৃ য়েছু কুমাৰীৰ থাইৰয়ড কেন্সাৰ ধৰা পৰাৰ পিছত । কৰ্কটৰ সৈতে যুঁজি থকা দেখি গৌৰীয়ে একেধৰণৰ সংগ্ৰামৰ সন্মুখীন হোৱা আনকো সহায় কৰাৰ উপায় বিচাৰি পালে । এগৰাকী নাৰীৰ মমতাৰ কাৰ্য হিচাপে যিটো আৰম্ভ হৈছিল, সেয়া অতি সোনকালেই তেওঁৰ দুগৰাকী ছোৱালীয়ে গৌৰৱেৰে অনুসৰণ কৰিলে । গৌৰীক এই কাৰ্যত সহায় কৰিবলৈ আগুৱাই আহিল তেওঁৰ দুই কন্য়া ।
কেনেদৰে এই অভিযান আৰম্ভ কৰিলে সেই সন্দৰ্ভত গৌৰীয়ে কয়, "আমি এটা মধ্যবিত্ত পৰিয়ালৰ । মোৰ মা য়েছু কুমাৰীৰ ৯ বছৰ পূৰ্বে থাইৰয়ড কেন্সাৰ ধৰা পৰিছিল । কেম'থেৰাপি দিয়াত চুলি সৰাৰ পিছত তেওঁক অসহায় দেখা দৃশ্য়টো আছিল হৃদয় বিদাৰক । মোৰ আইতা আৰু কিছু আত্মীয়ও কেন্সাৰত আক্ৰান্ত হৈছিল । তেওঁলোকৰ সংগ্ৰামে মোক গভীৰভাৱে আপ্লুত কৰে আৰু একে বেদনাৰ সন্মুখীন হোৱা আনকো সহায় কৰিবলৈ ইচ্ছা জাগ্ৰত হয় ।"
শৈশৱৰ পৰাই গৌৰীয়ে সমাজসেৱাত ব্ৰতী হৈ আহিছে । স্বেচ্ছাসেৱী সংগঠন সূৰ্যনাৰায়ণ কমিউনিটী ডেভেল'পমেণ্ট ছ’চাইটিত কাম কৰা পিতৃৰ পৰা অনুপ্ৰাণিত হৈ আৰ্তজনৰ বাবে ৰাস্তা, শৌচাগাৰ, ঘৰ নিৰ্মাণ কৰি গৌৰীয়েও প্ৰাথমিকভাৱে সমাজ সেৱাৰ প্ৰতি আগ্ৰহী হৈছিল । শৈশৱতে তেওঁ ক্ষেত্ৰভিত্তিক কাম-কাজৰ সময়ত পিতৃৰ লগত গৈছিলো ।
২০১৯ চনত তেওঁ প্ৰাজৱালা কমিউনিটী ডেভেল'পমেণ্ট ছ’চাইটি প্ৰতিষ্ঠা কৰে । ইয়াৰ জৰিয়তে তেওঁ স্বচ্ছ ভাৰত অভিযান, বৃক্ষ ৰোপণ, ৰক্তদান আৰু চিকিৎসা শিবিৰ, আনকি ছাত্ৰ-ছাত্ৰীৰ বাবে প্ৰেৰণাদায়ক পাঠদানৰো আয়োজন কৰে । ইয়াৰ উপৰি তেওঁ লোক আদালাতৰ পেৰালিগেল স্বেচ্ছাসেৱক হিচাপেও সেৱা আগবঢ়ায় । এই কাৰ্যৰ দ্বাৰা তেওঁৰ কেৰিয়াৰ আৰু সম্প্ৰদায় কল্যাণৰ প্ৰতি থকা আবেগকেই প্ৰতিফলিত কৰে ।
তেওঁ কৰ্কট ৰোগীক চুলিদান কৰাৰ বিষয়টো মনলৈ আহিছিল এটা ভিডিঅ' প্ৰত্য়ক্ষ কৰাৰ পিছত । গৌৰীয়ে কৰ্কট ৰোগীৰ বাবে চুলিদান কৰা এটা ভিডিঅ’ৰ চোৱাৰ পিছতেই এই ধাৰণাটো মনলৈ আহে । তেওঁ কয়, "মই লগে লগে সেইটো কৰাৰ সিদ্ধান্ত লৈছিলো । মোৰ চুলিদান কৰাৰ পিছত মোৰ ছোৱালী সূৰ্য আৰু প্ৰজৱালাইও মোৰ লগত এই পদক্ষেপত যোগদান কৰিবলৈ আগবাঢ়ি আহে ।"
গৌৰীয়ে এই পদক্ষেপ গ্ৰহণ কৰাৰ পিছত আন এঘাৰজন লোকেও চুলিদান কৰিবলৈ অনুপ্ৰাণিত হৈছে । গৌৰীয়ে হাঁহি হাঁহি কয়, "আমি শেহতীয়াকৈ পুনৰ দান দিলো । মোৰ সপোনে এই প্ৰচেষ্টাৰ জৰিয়তে অধিক লোকৰ ওচৰ চাপিব ।"

