ETV Bharat / bharat

সোণালী খাতুনৰ পিছে পিছে সপৰিয়ালে ভাৰত পালেহি ছুইটী বিবি

পৰিয়ালটোৰ চাৰিওজন সদস্যই পশ্চিমবংগৰ মালদাৰ মহাদীপুৰ সীমান্তৰে ভাৰতত প্ৰৱেশ কৰে ৷

REPATRIATED FROM BANGLADESH
মালদাৰ মহাদীপুৰ সীমান্তৰে পৰিয়ালটোৰ ভাৰতত প্ৰৱেশ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : July 10, 2026 at 12:49 AM IST

2 Min Read
Choose ETV Bharat

মালদা(পশ্চিমবংগ): অনুপ্ৰৱেশকাৰীৰ সন্দেহত বাংলাদেশলৈ বিতাড়ন কৰাৰ পিছত দেশলৈ পুনৰ ঘূৰি অহাৰ সুযোগ লাভ কৰিছিল সোণালী খাতুন নামৰ এগৰাকী মহিলাই ৷ বীৰভূমৰ ২৬ বছৰীয়া সোণালীয়ে পুত্ৰ ছাবিৰৰ সৈতে দেশলৈ ঘূৰি আহে ৷ এই খবৰটো বিগত বৰ্ষৰ ডিচেম্বৰ মাহত প্ৰকাশ পাইছিল ৷

১০৩ দিন কাৰাগাৰত কটোৱা সোণালীৰ পিছত ছুইটী বিবি নামৰ আন এগৰাকী মহিলায়ো এই সুযোগ লাভ কৰিছে ৷ কেইবামাহ পূৰ্বে এটা বাংলাভাষী মুছলমান পৰিয়ালক বাংলাদেশলৈ বিতাড়ন কৰা হৈছিল ৷ অৱশেষত সেই পৰিয়ালটোক পুনৰ ভাৰতলৈ ওভোতাই পঠিওৱা হয় ৷ পৰিয়ালটোৰ চাৰিওজন সদস্যই পশ্চিমবংগৰ মালদাৰ মহাদীপুৰ সীমান্তৰে ভাৰতত প্ৰৱেশ কৰে ৷

ডানিশ শ্বেখ, ছুইটী বিবি আৰু তেওঁলোকৰ নাবালক দুটা সন্তান ভাৰতলৈ ঘূৰি অহাৰ সুবিধা লাভ কৰে ৷ বাংলাদেশলৈ বিতাড়ন কৰাৰ সময়ত সোণালী গৰ্ভৱতী আছিল আৰু আদালতৰ হস্তক্ষেপত তেওঁক বাংলাদেশলৈ বিতাড়িত কৰা হৈছিল ।

পৰিয়ালৰ লোকে জনোৱা মতে, বুধবাৰে সন্ধিয়া মহাদীপুৰ চেকপোষ্টৰ জৰিয়তে পৰিয়ালটোৱে ভাৰতত প্ৰৱেশ কৰে ৷ তাৰপিছত বৃহস্পতিবাৰে তেওঁলোকে বীৰভূম জিলাৰ নিজৰ ঘৰলৈ যোৱাৰ পূৰ্বে প্ৰয়োজনীয় আইনী আনুষ্ঠানিকতা সম্পূৰ্ণ কৰে । উল্লেখ্য যে, পশ্চিমবংগৰ বীৰভূম জিলাৰ পাইকাৰ গাঁৱৰ পৰিয়ালটোৱে তেওঁলোক দিল্লীত কৰ্মৰত অৱস্থাত থাকোতে ভুলক্ৰমে বিদেশী নাগৰিক বুলি চিনাক্ত হৈছিল । যাৰ বাবে তেওঁলোকক বাংলাদেশলৈ বিতাড়িত কৰা হৈছিল ৷

পিছত বিষয়টোৱে ভাৰতীয় আদালতৰ মজিয়া পায় ৷ তেতিয়া পৰিয়ালৰ লোকে তেওঁলোকক পুনৰায় ঘৰলৈ ঘূৰাই পঠিয়াবলৈ কলকাতা উচ্চ ন্যায়ালয়ত আবেদন জনায় ৷ আবেদনকাৰীয়ে দাখিল কৰা নথি-পত্ৰ পৰীক্ষাৰ পিছত উচ্চ ন্যায়ালয়ে ছয়গৰাকী ব্যক্তিক ঘূৰাই পঠোৱাৰ নিৰ্দেশ দিয়ে । ইয়াৰ পাছতে গোচৰটো উচ্চতম ন্যায়ালয়ৰ কাষ পায় ৷ উচ্চতম ন্যায়ালয়ে পূৰ্বে উচ্চ ন্যায়ালয়ে দিয়া ৰায়ৰ সৈতে সহমত পোষণ কৰে আৰু পৰিয়ালটোৰ ভাৰতলৈ ঘূৰি অহাৰ পথ প্ৰশস্ত হয় ৷

লগতে পঢ়ক: ভাৰতত শিশুসকলে ব্যৱহাৰ কৰিব নোৱাৰিব সামাজিক মাধ্যম ! প্ৰধানমন্ত্ৰী মোদীয়ে দিলে তাৰেই ইংগিত