ETV Bharat / bharat

১১০ বছৰৰ পিছত অৰুণাচলত পুনৰ দেখা গ’ল দুৰ্লভ প্ৰজাতিৰ জিঞা

অৰুণাচল প্ৰদেশৰ নামদফা ৰাষ্ট্ৰীয় উদ্যানত দুৰ্লভ প্ৰজাতিৰ জিঞাৰ সন্ধান ৷

ARUNACHAL PRADESH
১১০ বছৰৰ পিছত অৰুণাচলত পুনৰ দেখা গ’ল দুৰ্লভ প্ৰজাতিৰ জিঞা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 27, 2026 at 5:55 PM IST

2 Min Read
Choose ETV Bharat

তেজপুৰ: ১১০ বছৰৰ পিছত পুনৰ সন্ধান লাভ দুৰ্লভ প্ৰজাতিৰ এবিধ জিঞা ৷ অৰুণাচল প্ৰদেশৰ নামদফা ৰাষ্ট্ৰীয় উদ্যানত সন্ধান পোৱা গ'ল 'লং-টেইলড ডাস্কহকাৰ' নামে জনাজাত জিঞাবিধৰ ৷ ইয়াৰ বৈজ্ঞানিক নাম হৈছে 'গাইনাকন্থা খাচিয়াকা'(Gynacantha khasiaca)

উল্লেখ্য যে, সেই জিঞা প্ৰজাতিটো শেষবাৰৰ বাবে ১৯১৪ চনত অৰুণাচলৰ এবৰ হিলছ অঞ্চলত নথিভুক্ত হৈছিল । ১১০ বছৰৰ পিছত অৰুণাচল প্ৰদেশত পুনৰ দেখা গ'ল দুৰ্লভ প্ৰজাতিৰ জিঞাবিধ ৷ পুনৰ আৱিষ্কাৰে পূব হিমালয় অঞ্চলৰ জীৱবৈচিত্ৰ্য গৱেষণাত নতুন আশাৰ সঞ্চাৰ কৰিছে ।

গৱেষক ৰোচন উপাধ্যায় (ETV Bharat Assam)

অৰুণাচল প্ৰদেশৰ নামদফা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্র সংৰক্ষণ প্রকল্পত ২০২৪ চনৰ অক্টোবৰ মাহত চলোৱা এক ক্ষেত্ৰ সমীক্ষাৰ সময়ত দেখা পোৱা গৈছিল সেই বিশেষ প্ৰজাতিৰ জিঞাবিধ । মিয়াও–বিজয়নগৰ পথৰ ডেবান অঞ্চলত বন বিভাগৰ বিষয়াসকলৰ উপস্থিতিত তোলা আলোকচিত্ৰৰ ভিত্তিত গৱেষকসকলে প্ৰজাতিটোৰ চিনাক্তকৰণ কৰিছে । এই গুৰুত্বপূৰ্ণ গৱেষণা ইতিমধ্যে Journal of Threatened Taxaত প্ৰকাশ পাইছে ।

ARUNACHAL PRADESH
১১০ বছৰৰ পিছত অৰুণাচলত পুনৰ দেখা গ’ল দুৰ্লভ প্ৰজাতিৰ জিঞা (ETV Bharat Assam)

গৱেষণাপত্ৰখনৰ লেখক হৈছে মহেশ আৰ, ৰাজেশ গোপীনাথ, গৌৰৱ যোশী আৰু ৰোচন উপাধ্যায় ৷ সহ-গৱেষক ৰোচন উপাধ্যায় অৰুণাচল প্ৰদেশ চৰকাৰৰ এজন আৰক্ষী বিষয়া হোৱাৰ লগতে জীৱবৈচিত্ৰ্য সংৰক্ষণ ক্ষেত্ৰত 'পখিলা মানৱ' হিচাপে পৰিচিত । গৱেষণাপত্ৰ অনুসৰি, এই জিঞা প্ৰজাতিটো শেষবাৰৰ বাবে ১৯১৪ চনত অৰুণাচলৰ এবৰ হিলছ অঞ্চলত নথিভুক্ত হৈছিল । গৱেষকসকলে জনোৱা মতে, এই প্ৰজাতিটোক আন্তৰ্জাতিক প্ৰকৃতি সংৰক্ষণ সংঘই অতি দুৰ্লভ প্ৰজাতি হিচাপে চিহ্নিত কৰিছে ৷ কিয়নো ইয়াৰ বাসস্থান আৰু সংখ্যা সম্পৰ্কে যথেষ্ট তথ্য উপলব্ধ নহয় ।

ARUNACHAL PRADESH
গৱেষক দলৰ সদস্য (ETV Bharat Assam)

এই সন্দৰ্ভত ৰোচন উপাধ্যায়ে কয়, "২০১২ চনত নামদাফা ৰাষ্ট্ৰীয় উদ্যানত চলোৱা নথিভুক্তকৰণ কাৰ্যসূচীত বিশ্বজুৰি পোৱা প্ৰায় ৮ হাজাৰ প্ৰজাতিৰ জিঞাৰ ভিতৰত ৯৬টা প্ৰজাতি নথিভুক্ত কৰা হৈছিল । সেই সময়তেই এই অতি দুৰ্লভ 'গাইনাকন্থা' প্ৰজাতিটোৰ সন্ধান পোৱা গৈছিল, যিটো ১১০ বছৰৰ পিছত পুনৰ আৱিষ্কাৰ ৷"

লগতে পঢ়ক:ধনদাবীৰ মূল পৰিকল্পনাকাৰী মানস মানৱ গগৈৰ সন্ধান দিওতাক আৰক্ষীয়ে দিব ৫০ হাজাৰ টকা