ETV Bharat / bharat

আত্মনিৰ্ভৰ জাহাজ পৰিবহণ: ২০২৬-২৭ বিত্তীয় বৰ্ষত ৬২ জাহাজ সংযোজনৰ পৰিকল্পনা চৰকাৰৰ

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত ভাৰতৰ জাহাজ পৰিবহণকে ধৰি বিভিন্ন দিশত গুৰুত্বপূৰ্ণ আলোচনা ।

Ministry of Ports, Shipping and Waterways inter-ministerial review meeting
সামুদ্ৰিক খণ্ডৰ উন্নয়ন সম্পৰ্কে বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ গুৰুত্বপূৰ্ণ বৈঠক (ANI)
author img

By ANI

Published : April 30, 2026 at 7:34 AM IST

3 Min Read
Choose ETV Bharat

নতুন দিল্লী: মধ্যপ্ৰাচ্যৰ সংকটকে ধৰি বিশ্ব পৰিস্থিতি আৰু ভাৰতৰ জাহাজ পৰিবহণ ক্ষমতা ত্বৰান্বিত কৰাৰ লক্ষ্যৰে বুধবাৰে বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰণালয়ৰ এক গুৰুত্বপূৰ্ণ বৈঠকত অনুষ্ঠিত হয় । মন্ত্ৰণালয়ে প্ৰকাশ কৰা এক বিবৃতি মতে সামুদ্ৰিক খণ্ডত ভাৰতৰ আত্মনিৰ্ভৰশীলতাৰ দিশতো আন্তঃমন্ত্ৰালয় পৰ্যায়ৰ এই বৈঠকত আলোচনা কৰা হয় ।

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সভাপতিত্বত অনুষ্ঠিত এই বৈঠকত পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰণালয় (এমঅ'পিএনজি), তেল পিএছইউ, ৰাসায়নিক আৰু সাৰ মন্ত্ৰালয়, জাহাজ পৰিবহণ সঞ্চালকালয়, ৰাষ্ট্ৰীয় জাহাজ পৰিবহণ ব'ৰ্ড আৰু বৈদেশিক বাণিজ্য সঞ্চালকালয় (ডিজিএফটি)ৰ উচ্চপদস্থ বিষয়াসকলে অংশগ্ৰহণ কৰে ।

এই বৈঠকত সৰ্বানন্দ সোণোৱালে ভাষণ প্ৰদান কৰি কয়, "নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত আমি ভাৰতৰ অৰ্থনৈতিক স্থিতিস্থাপকতাৰ মূলতে জাহাজ পৰিবহণে এক গুৰুত্বপূৰ্ণ স্থান লাভ কৰিছোঁ । আত্মনিৰ্ভৰ জাহাজ পৰিবহণৰ দিশত আমাৰ যাত্ৰা এক কৌশলগত প্ৰয়োজনীয়তা আৰু আমি ২০২৬-২৭ বিত্তীয় বৰ্ষত ৬২ খন জাহাজ সংযোজন কৰাৰ বাবে পৰিকল্পনা কৰিছোঁ । যাৰ সমৰ্থনত ৫১,৩৮৩ কোটি টকা ব্যয়ৰে অতিৰিক্ত ২৮.৫ মিলিয়ন জিটি (Gross Tonnage) ক্ষমতাৰ সৃষ্টি হ'ব ।"

বৰ্তমান বিশ্বজুৰি পৰিস্থিতি আৰু সামুদ্ৰিক বাণিজ্যিক পথৰ ওপৰত ইয়াৰ প্ৰভাৱ সম্পৰ্কে গুৰুত্ব আৰোপ কৰি মন্ত্ৰীগৰাকীয়ে বাহ্যিক ব্যাঘাতৰ বিৰুদ্ধে স্থিতিস্থাপকতা নিশ্চিত কৰিবলৈ কণ্টেইনাৰ জাহাজ, এলপিজি আৰু খাৰুৱা তেল বাহক আৰু সেউজ ইন্ধনত চলা জাহাজকে (গ্ৰীণ টাগ) ধৰি ভাৰতৰ জাহাজ পৰিবহণৰ ক্ষমতাৰ জৰুৰীভাৱে সম্প্ৰসাৰণৰ আহ্বান জনায় । সোণোৱালে মূল সামুদ্ৰিক খণ্ডসমূহৰ মালবাহী জাহাজৰ পৰিচালনা, জাহাজৰ গতিবিধি আৰু কাৰ্য্যকৰী প্ৰস্তুতিৰ পৰ্যালোচনাও কৰে ।

ভৱিষ্যতে যিকোনো বিশ্বজুৰি প্ৰত্যাহ্বানৰ বিৰুদ্ধে যুঁজিবলৈ আৰু দেশৰ যোগান শৃংখল বজাই ৰাখিবলৈ কণ্টেইনাৰ বহৰ, গ্ৰীণ টাগ, এলপিজি বাহক, খাৰুৱা তেল বাহক, ড্ৰেজিং জাহাজ আৰু টেংকাৰ সম্প্ৰসাৰণৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে মন্ত্ৰীগৰাকীয়ে । মন্ত্ৰী সোণোৱালে ভাৰতীয় জাহাজ নিগম (এছচিআই) আৰু অইল পিএছইউৰ মাজত ৫৯ খন জাহাজ অধিগ্ৰহণৰ বাবে যুটীয়া উদ্যোগৰ স্থিতিও পৰ্যালোচনা কৰে বুলি অৱগত কৰে । তেওঁ কয়, "আমি আমাৰ বহৰ, জাহাজ নিৰ্মাণ ক্ষমতা, বন্দৰৰ আন্তঃগাঁথনি আৰু বহল সামুদ্ৰিক পৰিৱেশ তন্ত্ৰক শক্তিশালী কৰাৰ বাবে জৰুৰীভাৱে কাম কৰিব লাগিব ।"

সোণোৱালে সংশ্লিষ্ট সকলো বিভাগকে সামুদ্ৰিক খণ্ডৰ মূল স্তম্ভসমূহৰ মাজেৰে বৰ্তমানৰ সমস্যাৰ ৰূপৰেখা আৰু সমাধান কৰি এখন সংক্ষিপ্ত আৰু কাৰ্যকৰী ৰোডমেপ প্ৰস্তুত কৰিবলৈও নিৰ্দেশ দিয়ে ।

তেওঁ কয় যে সামুদ্ৰিক যোগান শৃংখলৰ সৈতে সংযোগৰ প্ৰতি লক্ষ্য ৰাখি পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ, ৰাসায়নিক আৰু সাৰ আৰু বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ সৈতে ঘনিষ্ঠ সমন্বয়ৰে এই পদক্ষেপ গ্ৰহণ কৰিব লাগিব ।

সোণোৱালে লগতে কয়, "এই ৰোডমেপে বৃহত্তৰ আন্তঃমন্ত্ৰালয়ৰ মঞ্চত আমাৰ পৰৱৰ্তী পৰ্যালোচনাৰ ভিত্তি গঠন কৰিব । মই গুৰুত্বপূৰ্ণ, ব্যৱহাৰিক আৰু ফলাফলমুখী ইনপুটৰ আশা কৰিছোঁ । আহক আমি স্পষ্টভাৱে সমন্বয় আৰু প্ৰতিশ্ৰুতিৰে আগবাঢ়ি যাওঁ ।"

মন্ত্ৰীগৰাকীয়ে ভাৰতীয় নাৱিকসকলৰ সুৰক্ষা আৰু নিৰাপত্তাৰ ক্ষেত্ৰতো গুৰুত্ব আৰোপ কৰে । ভাৰতক বিশ্বৰ ভিতৰতে সামুদ্ৰিক ৰাষ্ট্ৰ হিচাপে স্থান দিবলৈ মন্ত্ৰালয় আৰু অংশীদাৰসকলৰ মাজত অধিক সংহতি, সমন্বয় আৰু কাৰ্যকৰীকৰণৰো আহ্বান জনোৱা হয় ।

লগতে পঢ়ক :

প্ৰধানমন্ত্ৰী মোদীয়ে বুধবাৰে উদ্বোধন কৰিলে ৫৯৪ কিঃমিঃ দৈৰ্ঘৰ গংগা এক্সপ্ৰেছৱে