ETV Bharat / bharat

মুখ্যমন্ত্ৰী শৰ্মাৰ বিৰুদ্ধে দিল্লীৰ জিলা আদালতত শুনানি, আৰক্ষীক প্ৰতিবেদন দাখিলৰ নিৰ্দেশ

প্ৰৰোচনামূলক ভাষণ দিয়াৰ বাবে অসমৰ মুখ্যমন্ত্ৰী আৰু বিজেপিৰ সাংসদৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ দাবী উত্থাপন কৰি আদালতত একচ’ন টেকন ৰিপৰ্ট দাখিলৰ আবেদন ৷

Action Taken Report sought on demand to register an FIR against Assam CM
দিল্লীৰ জিলা আদালত (File Photo : ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : August 31, 2026 at 8:18 PM IST

3 Min Read
Choose ETV Bharat

নতুন দিল্লী : অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ সাংসদ নিশিকান্ত ডুবেই ইছলামধৰ্মী লোক আৰু প্রাক্তন মুখ্য নির্বাচন আয়ুক্ত এছ ৱাই কুৰেশ্বীৰ বিৰুদ্ধে কৰা আপত্তিজনক মন্তব্য় সন্দৰ্ভত এজাহাৰ দাখিলৰ দাবীৰে হৰ্ষ মন্দৰে দাখিল কৰা আবেদনৰ এক শুনানি সোমবাৰে দিল্লীৰ এখন আদালতত হৈ যায় ৷

এই আবেদনৰ শুনানি গ্ৰহণ কৰি দিল্লীৰ ৰাউছ এভিনিউ আদালতে দিল্লী আৰক্ষীৰ পৰা এক একচ’ন টেকন ৰিপৰ্টৰ (ব্য়ৱস্থা গ্ৰহণৰ প্ৰতিবেদন) দাবী কৰে । অতিৰিক্ত মুখ্য ন্যায়িক দণ্ডাধীশ পাৰশ দালালে ১৮ ছেপ্টেম্বৰত পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰে ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে দাখিল কৰা গোচৰটোৰ সন্দৰ্ভত ভজনপুৰা আৰক্ষী থানাই সোমবাৰে কয় যে এই গোচৰটো তেওঁলোকৰ অধীনত নপৰে, ৱেলকাম আৰক্ষী থানাৰ অধীনতহে পৰে বুলি প্ৰতিবেদন দাখিল কৰা আছে ।

যোৱা ২৩ আগষ্টত এই গোচৰটো ৱেলকাম থানালৈ বদলি কৰা হৈছিল । ইয়াৰ পাছতে আদালতে ৱেলকাম থানাৰ মূল আৰক্ষী বিষয়াক (SHO চমুকৈ Station House Officer) একচ’ন টেকন ৰিপ’ৰ্ট দাখিল কৰিবলৈ নিৰ্দেশ দিয়া হয় ।

নিশিকান্ত ডুবেৰ বিৰুদ্ধে দাখিল কৰা আবেদনৰ শুনানিৰ সময়ত হউজ খাছ আৰক্ষী থানাত এই গোচৰটো মালভিয়া নগৰ থানাৰ অধীনৰ বুলি উল্লেখ কৰি প্ৰতিবেদন দাখিল কৰা হয় । ইয়াৰ পাছতে আদালতে মালভিয়া নগৰ থানাৰ মূল আৰক্ষী বিষয়াক (SHO) ৰিপ’ৰ্ট দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে ।

সমাজকৰ্মী হৰ্ষ মন্দাৰে তেওঁৰ আবেদনত উল্লেখ কৰে যে দিল্লী চৰকাৰে মৌলবীসকলক দৰমহা দিয়াৰ নিৰ্দেশ সন্দৰ্ভত বিজেপি নেতা হিমন্ত বিশ্ব শৰ্মাই দিয়া উচটনিমূলক ভাষণত এই কথা কৈছিল ৷ আবেদনখনত উল্লেখ আছে -‘‘শৰ্মাই কৈছিল- এই কেজৰিৱাল কেনেকুৱা মানুহ... কিছুদিন পূৰ্বে তেওঁ আমাৰ পুৰোহিতক ফোন কৰিছিল... ফোন কৰাৰ পাছত কি ক'লে ? এইবাৰ মই আপোনালোকক মাহেকীয়া টকা দিবলৈ আৰম্ভ কৰিম । অৰ্থাৎ ? এতিয়াৰে পৰা পুৰোহিতক দিবলৈ আৰম্ভ কৰিব আৰু দহ বছৰ আগতে কাক দিছিল ? মৌলবীক দি আছিল নেকি ? গতিকে মৌলবীৰ নম্বৰ আগবাঢ়িল... পুৰোহিত পিছ পৰি ৰ’ল ?"

সমাজকৰ্মী হৰ্ষ মন্দাৰে কয়, ‘‘ভাৰত এখন হিন্দু ৰাষ্ট্ৰ । হিন্দু এক সভ্যতা । হিন্দু কেতিয়াও দ্বিতীয় স্থানত আহিব নোৱাৰে । এই দেশখন হিন্দুসকলে নিৰ্মাণ কৰিছিল । এই দেশখন হিন্দুসকলে সজাই তুলিছিল । হিন্দুসকলেই ভাৰতক বিশ্বগুৰু কৰি তুলিব । প্ৰথমে পুৰোহিতে সকলো পাব । ইয়াৰ পাছতহে সকলো অধিকাৰীয়ে পাব। মই ঠিকেই কৈছো নে নাই ?’’

আবেদনখনত ৱাকফ আইন সন্দৰ্ভত প্ৰাক্তন নিৰ্বাচন আয়ুক্ত এছ ৱাই কুৰেশ্বীৰ বিৰুদ্ধে নিশিকান্ত ডুবেৰ বক্তব্যৰ উদ্ধৃতি দিয়া হৈছে । আবেদনখনত উল্লেখ আছে যে নিশিকান্ত ডুবেই কৈছিল, "আপুনি (কুৰেশ্বী) নিৰ্বাচন আয়ুক্ত নাছিল, আপুনি মুছলমানৰ আয়ুক্ত আছিল । আপোনাৰ কাৰ্যকালত সৰ্বাধিক বাংলাদেশী অনুপ্ৰৱেশকাৰীক ঝাৰখণ্ডৰ সন্থাল পৰগনাত ভোটাৰ কৰা হৈছিল । হজৰত মহম্মদৰ ইছলাম ৭১২ চনত ভাৰতলৈ আহিছিল । তাৰ আগতে এই ভূমি (ৱাকফ) হিন্দু বা আদিবাসী, জৈন বা বৌদ্ধৰ আছিল, যিসকল সেই ধৰ্মৰ সৈতে জড়িত ৷’’

সমাজকৰ্মী হৰ্ষ মন্দাৰৰ আবেদনত উল্লেখ কৰা হৈছে যে নিশিকান্ত ডুবেই এছ ৱাই কুৰেশ্বীক মুছলমানৰ আয়ুক্ত বুলি উল্লেখ কৰাটো প্ৰৰোচনামূলক আৰু সাম্প্ৰদায়িক ৷

লগতে পঢ়ক : দিল্লীৰ ৰাউজ এভিনিউ জিলা ক'ৰ্টত শুনানি, অসমৰ সৈতে কি সম্পৰ্ক?