ETV Bharat / bharat

স্বচ্ছ নিৰ্বাচনৰ ভেটি শুদ্ধ আৰু ভুলমুক্ত ভোটাৰ তালিকা: SIR সন্দৰ্ভত তাৎপৰ্যপূৰ্ণ মন্তব্য মুখ্য নিৰ্বাচন আয়ুক্তৰ

আগ্ৰা ভ্ৰমণ কৰি মন্দিৰ দৰ্শন কৰাৰ সময়তে SIR সন্দৰ্ভত তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে ৷

CEC Gyanesh Kumar
মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : June 2, 2026 at 5:19 PM IST

2 Min Read
Choose ETV Bharat

আগ্ৰা: ভাৰতীয় নিৰ্বাচন আয়োগৰ বিশেষ নিবিড় পুনৰীক্ষণ (SIR) প্ৰক্ৰিয়াক বিৰোধী দলসমূহে সমালোচনা কৰাৰ মাজতে মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে কয় যে ‘শুদ্ধ আৰু ক্ৰুটিমুক্ত ভোটাৰ তালিকা’ স্বচ্ছ নিৰ্বাচনৰ ভেটি ।

তেওঁ কয়, "শুদ্ধ আৰু ভুলমুক্ত ভোটাৰ তালিকা স্বচ্ছ নিৰ্বাচনৰ ভেটি । সকলোকে অনুৰোধ জনাইছো যে তেওঁলোকে ভোটাৰ আইডি কাৰ্ড লৈ নিৰ্বাচনত ভোটাধিকাৰ সাব্যস্ত কৰক ।" উল্লেখ্য যে শেহতীয়াকৈ উচ্চতম ন্যায়ালয়েও SIR প্ৰক্ৰিয়াৰ সমৰ্থনত এক ৰায় প্ৰদান কৰিছিল ৷

সম্পূৰ্ণ পাৰিবাৰিক কাৰণত আগ্ৰা ভ্ৰমণ কৰি মন্দিৰ দৰ্শন কৰাৰ সময়তেই সংবাদ মাধ্যমৰ আগত এইদৰে মন্তব্য কৰিছে দেশৰ মুখ্য নিৰ্বাচন আয়ুক্তগৰাকীয়ে ৷

CEC Gyanesh Kumar
জ্ঞানেশ কুমাৰৰ মন্দিৰ দৰ্শন (ETV Bharat)

জ্ঞানেশ কুমাৰে মঙলবাৰে পুৱা পৰিয়ালসহ ছিকন্দ্ৰাত যমুনা নদীৰ পাৰত থকা পুৰণি কৈলাশ মহাদেৱ মন্দিৰ দৰ্শন কৰি শিৱ লিংগত ‘দুগ্ধাভিষেক’ কৰে । ইয়াৰ পিছতে মুখ্য নিৰ্বাচন আয়ুক্তগৰাকীয়ে পৰিয়ালৰ সৈতে ‘আৰতি’ কৰা দেখা যায় ।

মুখ্য নিৰ্বাচন আয়ুক্তগৰাকীয়ে কয় যে পাঁচখন ৰাজ্যৰ নিৰ্বাচন সফলভাৱে অনুষ্ঠিত হোৱাৰ পিছত তেওঁ আৰু তেওঁৰ পত্নী অনুৰাধা আগ্ৰালৈ আহিছে পিতৃ-মাতৃৰ আশীৰ্বাদ বিচাৰি । আগন্তুক নিৰ্বাচনো স্বচ্ছতাৰে অনুষ্ঠিত হ’ব বুলি আশা প্ৰকাশ কৰে জ্ঞানেশ কুমাৰে ।

সোমবাৰে আগ্ৰাত উপস্থিত হোৱা কুমাৰে প্ৰায় ৪৫ মিনিট সময় কটালে কৈলাশ মহাদেৱ মন্দিৰত । ইয়াৰ পিছতে পুৱা প্ৰায় ৯:৩০ বজাত মুখ্য নিৰ্বাচন আয়ুক্তগৰাকীয়ে পৰিয়ালসহ শ্ৰী মানকামেশ্বৰ মহাদেৱ মন্দিৰ পৰিদৰ্শন কৰে ৷ নতুন দিল্লীলৈ উভতি যোৱাৰ পূৰ্বে তেওঁলোকে এই মন্দিৰত প্ৰাৰ্থনা কৰে ।

মুখ্য নিৰ্বাচন আয়ুক্তগৰাকীয়ে বিজয় নগৰ কলনীত থকা পূৰ্বপুৰুষৰ ঘৰত উপস্থিত হৈ মাতৃ সত্যৱতী আৰু পিতৃ ড৹ সুবোধ কুমাৰৰ পৰা আশীৰ্বাদ লয় । লগতে জিলা দণ্ডাধীশৰ বাসগৃহত উপস্থিত হৈ আগ্ৰাৰ জিলা দণ্ডাধীশ তথা তেওঁৰ জোঁৱায়েক মনীষ বাঞ্চালক সাক্ষাৎ কৰে ।

শেহতীয়াকৈ বিহাৰ আৰু পশ্চিম বংগত বিজেপি তথা এনডিএৰ জয়ৰ পাছত সমালোচনা মুখৰ হৈ পৰিছে বিৰোধী দলসমূহ । বিৰোধীয়ে অভিযোগ কৰে যে SIRৰ লক্ষ্য হৈছে প্ৰকৃত ভোটাৰক নিৰ্মূল কৰি শাসকীয় বিজেপিক লাভান্বিত কৰা ।

লগতে পঢ়ক: নিকা নিৰ্বাচনৰ বাবে এছ আই আৰ প্ৰক্ৰিয়াক গুৰুত্বপূৰ্ণ আখ্যা সৰ্বোচ্চ ন্য়ায়ালয়ৰ