এঞ্জেল চাকমাৰ হত্যাকাণ্ড; আন এক পলাতক অভিযুক্তৰ নেপালত সন্ধান লাভ
ডেৰাডুনত ত্ৰিপুৰাৰ ছাত্ৰ এঞ্জেল চাকমাৰ হত্যাকাণ্ডৰ সৈতে জড়িত আৰু এজন পলাতক অভিযুক্তৰ নেপালত উপস্থিতিৰ তথ্য লাভ কৰা হৈছে ।

Published : January 16, 2026 at 10:28 PM IST
ডেৰাডুন: ডেৰাডুনত হত্যাৰ বলি হোৱা ত্ৰিপুৰাৰ ছাত্ৰ এঞ্জেল চাকমাৰ হত্যাকাণ্ডৰ আন এক অভিযুক্ত এতিয়াও পলাতক হৈ আছে । তেওঁক গ্ৰেপ্তাৰৰ বাবে এছ টি এফে তীব্ৰ অনুসন্ধান অভিযান চলাই আছে যদিও অভিযুক্তক এতিয়াও ধৰিব পৰা নাই ।
তাৰ মাজতে এই অভিযুক্তজনৰ উপস্থিতিৰ তথ্য লাভ কৰা হৈছে । অভিযুক্তৰ উপস্থিতিৰ তথ্য নেপালৰ এখন জিলাত লাভ কৰা হৈছে । কিন্তু বিদেশী ৰাষ্ট্ৰ হোৱা বাবে তেওঁক গ্ৰেপ্তাৰ কৰাটো সম্ভৱ হোৱা নাই । বৰ্তমান এছ টি এফে এই সন্দৰ্ভত নেপাল আৰক্ষীৰ সৈতে যোগাযোগ কৰিবলৈ চেষ্টা কৰি আছে, যাতে তেওঁক গ্ৰেপ্তাৰ কৰিব পৰা যায় ।
এঞ্জেল চাকমাৰ হত্যাকাণ্ডৰ সৈতে জড়িত পলাতক ষষ্ঠজন অভিযুক্ত হৈছে নেপাল নিবাসী যক্ষৰাজ অৱস্থী । তেওঁক গ্ৰেপ্তাৰৰ বাবে এতিয়া স্পেচিয়েল টাস্ক ফ'ৰ্চক দায়িত্ব অৰ্পণ কৰা হৈছে । অভিযুক্তক গ্ৰেপ্তাৰৰ বাবে এছ টি এফৰ দুটা দল নেপাল সীমান্তত উপস্থিত হৈছে আৰু তেওঁৰ অৱস্থিতি ট্ৰেচিং কৰি আছে ।
ট্ৰেচিঙৰ সময়ত পলাতক অভিযুক্তৰ অৱস্থান নেপালৰ ধনগড়ী জিলাত লাভ কৰা হৈছে । ইফালে এছ টি এফে দাবী কৰিছে যে সোনকালেই অভিযুক্ত যক্ষৰাজ অৱস্থিক গ্ৰেপ্তাৰ কৰিব পৰা যাব ।
‘‘এঞ্জেল হত্যাকাণ্ডৰ পলাতক অভিযুক্ত যজ্ঞৰাজক গ্ৰেপ্তাৰ কৰিবলৈ এছ টি এফৰ দুটা দল নেপাল সীমান্তলৈ প্ৰেৰণ কৰা হৈছে । নেপালৰ ধনগড়ী জিলাত অভিযুক্তৰ অৱস্থিতি লাভ কৰা হৈছে যদিও নেপালত থকাৰ বাবে অভিযুক্তক গ্ৰেপ্তাৰ কৰিব পৰা নগ’ল । শীঘ্ৰে নেপাল আৰক্ষীৰ সৈতে এছ টি এফৰ আলোচনা আৰু পলাতক অভিযুক্তক গ্ৰেপ্তাৰ কৰা হ’ব’’ - বিষয়টো সন্দৰ্ভত এনেদৰে কয় এছ এছ পি এছ টি এফ উত্তৰাখণ্ডৰ নৱনীত ভুল্লাৰে ৷
লগতে পঢ়ক: লোহাৰ ৰডেৰে মৰিয়াই ভাঙি পেলোৱা হৈছিল এঞ্জেলৰ মেৰুদণ্ড, পেটত ঘপিয়াইছিল দাৰে

