বিবাহযাত্ৰী কঢ়িওৱা বাহন আৰু ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ, ১৩ জনৰ মৃত্য
মুম্বাই-আহমেদাবাদ ৰাষ্ট্ৰীয় ঘাইপথত ভয়কৰ পথ দুৰ্ঘটনা ৷ ১৩ জন লোক নিহত হোৱাৰ লগতে ২০ জনৰো অধিক লোক আহত ৷

By ANI
Published : May 18, 2026 at 10:40 PM IST
মুম্বাই: মহাৰাষ্ট্ৰৰ পালঘৰ জিলাৰ মুম্বাই-আহমেদাবাদ ৰাষ্ট্ৰীয় ঘাইপথত সোমবাৰে সংঘটিত হয় এক ভয়কৰ পথ দুৰ্ঘটনা ৷ এখন ট্ৰাক আৰু বিবাহযাত্ৰী কঢ়িওৱা বাহনৰ মাজত মুখামুখি সংঘৰ্ষ হয় ৷ ফলত ১৩ জন লোক নিহত হোৱাৰ লগতে ২০ জনৰো অধিক লোক আহত হৈছে ৷ ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে জনোৱা মতে,পালঘৰ জিলাৰ ধনীৱৰী গাঁৱৰ সমীপত বিবাহ যাত্ৰী কঢিওৱা বাহন আৰু গুজৰাটৰ পৰা মুম্বাই অভিমুখে গৈ থকা এখন দ্ৰুতবেগী ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ হয় ৷ যাৰ ফলত ১৩ জন লোকে প্ৰাণ হেৰুৱালে ৷
ঘটনাৰ সন্দৰ্ভত প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, কণ্টেইনাৰ ট্ৰাকৰ পৰা কণ্টেইনাৰ পৃথক হৈ পৰাত বিবাহ যাত্ৰী কঢ়িওৱা বাহনত খুন্দা মাৰে । ফলত নিয়ন্ত্ৰণ হেৰুৱাই বিবাহ যাত্ৰী কঢ়িওৱা বাহনত খুন্দা মাৰে ৷ প্ৰত্যক্ষদৰ্শীয়ে লগতে কয়, "কণ্টেইনাৰখনৰ পৰা পৃথক হোৱা অংশই বিবাহ যাত্ৰী কঢ়িওৱা বাহনখনত খুন্দা মাৰে, সেই সময়ত বাহনখনত ১০০ৰো অধিক বিবাহ যাত্ৰা আছিল ।"
मुंबई-अहमदाबाद महामार्गावर पालघरच्या धानीवरी येथे एका टेम्पोला कंटेनरने धडक दिल्यामुळे झालेल्या अपघातात 13 नागरिकांचा मृत्यू झाल्याची घटना दुर्दैवी आहे. ही घटना ऐकून अतिशय दु:ख झाले. मी त्यांना भावपूर्ण श्रद्धांजली अर्पण करतो.
— Devendra Fadnavis (@Dev_Fadnavis) May 18, 2026
या घटनेत सुमारे 20 जण जखमी झाले आहेत. त्यांना…
ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে কয়,"দুৰ্ঘটনাটোত ১৩ জন লোকৰ থিতাতে নিহত হোৱাৰ লগতে ২০-২৫ জন লোক গুৰুতৰভাৱে আহত হয় । আহতসকলৰ ভিতৰত কিছুলোকৰ অৱস্থা অতি সংকটজনক, যাৰ ফলত মৃত্যুৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ৷"
ভয়াবহ দুৰ্ঘটনাটোৰ পাছতে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নৱিছে এক্সত কয় “মুম্বাই-আহমেদাবাদ ঘাইপথত সংঘটিত দুৰ্ঘটনাটোত ১৩ জন লোকৰ প্ৰাণহানি হোৱাটো ঘটনা অতি মৰ্মান্তিক । এই ঘটনাৰ বাবে মই গভীৰ দুখী আৰু সমবেদনা প্ৰকাশ কৰিছো ৷ আহত সকলো শীঘ্ৰে সুস্থ হৈ উঠক তাৰে ভগৱানৰ ওচৰত কামনা কৰিছো ৷ মই জিলা প্ৰশাসনৰ সৈতে অহৰহ যোগাযোগত কৰি আছো, যাতে দুৰ্ঘটনাত আহত লোক উপযুক্ত চিকিৎসা ব্যৱস্থা যাতে লাভ কৰে তাৰ ব্যৱস্থা কৰা নিৰ্দেশ প্ৰদান কৰিছো ।"
লগতে পঢ়ক:হায়দৰাবাদৰ পৰা মহাৰাষ্ট্ৰলৈ এতিয়া মাথোঁ তিনিঘণ্টাৰ বাট !

