ETV Bharat / bharat

বানৰ সেনাৰ বাবে ৰাজকীয় ভোজন: এইটো মন্দিৰত বান্দৰেও মানি চলে বিশেষ পৰম্পৰা

প্ৰথমে বয়োজ্যেষ্ঠ বান্দৰবোৰে খাদ্যৰ জুতি লৈ সেয়া সুৰক্ষিত হয় নে নহয় পৰীক্ষা কৰে । তাৰ পিছতহে কনিষ্ঠবোৰে খাদ্য গ্ৰহণ কৰে ।

MONKEYS GRAND ONAM SADHYA
বানৰ সেনাৰ বাবে ৰাজকীয় ভোজন (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : August 26, 2026 at 3:19 PM IST

4 Min Read
Choose ETV Bharat

কোল্লাম (কেৰালা) : বান্দৰ, বহু ঠাইত বৰ্তমান এই কপিকুল ত্ৰাসৰ কাৰণ হৈ পৰিলেও ইয়াৰ সৈতে জড়িত হৈ আছে এক আধ্যাত্মিক দৰ্শন । যাৰ বাবে বান্দৰক দেৱতাৰ অংশ হিচাপে পূজা কৰা হয় ।

বিশেষকৈ হিন্দু দৰ্শনৰ অন্যতম শ্ৰেষ্ঠ দেৱতা শ্ৰীৰামচন্দ্ৰৰ একান্ত অনুগত হনুমানৰ আছে বিশেষ গুৰুত্ব । এই হনুমানৰে বংশধৰ বান্দৰক লৈ বিভিন্ন স্থানত বিভিন্ন ৰীতি-নীতি, পৰম্পৰা পালন কৰা হয় । আনহাতে, বহু ঠাইত বান্দৰক পূজাও কৰা হয় ।

বানৰ সেনাৰ বাবে ৰাজকীয় ভোজন (ETV Bharat)

বানৰ সেনাৰ প্ৰতি ভক্তৰ এই বিশ্বাসৰ ওপৰত ভিত্তি কৰিয়ে কেৰালাৰ এটা মন্দিৰত পালন কৰা হয় এক বিশেষ পৰম্পৰা । বানৰ সেনাৰ বাবেই এটা মন্দিৰত আয়োজন কৰা হয় বিশেষ ৰাজকীয় ভোজনৰ । এই ভোজনত বান্দৰেও পালন কৰে বিশেষ পৰম্পৰা । কি এই বিশেষ পৰম্পৰা আৰু কেৰালাৰ কোনটো মন্দিৰত ইয়াক পালন কৰা হয় জানিবলৈ পঢ়ক এই প্ৰতিবেদন ।

এক অনন্য পৰম্পৰা

ওনাম উদযাপনৰ কথা আহিলেই কেৰালাৰ সকলো শ্ৰেণীৰ লোকৰ মাজত খদমদম লাগে । আনকি সাস্থমকোট্টাৰ বিখ্যাত বানৰ সেনাও ইয়াৰ পৰা বাদ পৰি নাযায় । উথ্ৰডমৰ দিনটোত কেইবা দশক পুৰণি পৰম্পৰাক জীয়াই ৰাখি অতি উৎসৱমুখৰ পৰিৱেশত ঐতিহাসিক সাস্থমকোট্টা ধৰ্ম সাস্থা মন্দিৰত বান্দৰক কলৰ পাতত আড়ম্বৰপূৰ্ণ, পৰম্পৰাগত ওনাম সাধ্যা (ৰাজকীয় আহাৰ) পৰিবেশন কৰা হয় ।

ভগৱান ধৰ্ম সাস্থাৰ পবিত্ৰ সংগী হিচাপে পূজনীয় প্ৰায় ১২৫টা বান্দৰৰ এটা দলক পুৱা প্ৰায় ১০.৩০ বজাত ৰাজকীয় ভোজনৰ বাবে নিমন্ত্ৰণ জনোৱা হয় । এই ভোজনত পৰম্পৰাগত খাদ্য তালিকাত স্বাস্থ্যকৰ মট্টা চাউলৰ লগতে কেইবা প্ৰকাৰৰো সুস্বাদু পৰম্পৰাগত ব্যঞ্জন অন্তৰ্ভুক্ত থাকে । শুনিলেই জিভাৰ পানী ওলোৱা এই খাদ্যসম্ভাৰত থাকে পৰীপ্পু (দালি), পাপ্পাড়ম, পাচাড়ি, কিচাড়ি, এভিয়াল, থোৰান, কালান আৰু ওলান আদি স্থানীয় খাদ্য ।

পৰম্পৰা প্ৰথম : বয়োজ্যেষ্ঠসকলে খাদ্য গ্ৰহণ কৰাৰ পিছতহে বাকীসকলৰ পাল

নিজৰ আকৰ্ষণীয় সামাজিক পদাংক অনুসৰি, যেতিয়া বানৰ সেনাৰ বয়োজ্যেষ্ঠসকলে প্ৰথমে খাদ্য গ্ৰহণ কৰিবলৈ আহে তেতিয়া কনিষ্ঠবোৰে ধৈৰ্যৰে অপেক্ষা কৰে । এক ঐতিহাসিক পৰম্পৰা পালন কৰি বয়োজ্যেষ্ঠ বান্দৰবোৰে প্ৰথমে খাদ্যৰ জুতি লয় । ইয়াৰ দ্বাৰা এই খাদ্য ভালদৰে ৰন্ধা হৈছেনে নাই আৰু সুৰক্ষিত হয় নে নহয় সেইটো পৰীক্ষা কৰা হয় । যদি সকলো ঠিকে থাকে তেন্তে বয়োজ্যেষ্ঠ বান্দৰবোৰে মূৰ জোকাৰে আৰু তাৰ পিছত বাকী সেনাবাহিনীয়ে এই ভোজত অংশগ্ৰহণ কৰিবলৈ দৌৰি আহে ।

আনহাতে, বিশৃংখলতা আৰু কাজিয়াৰ পৰা হাত সাৰিবলৈ সৰুবোৰৰ বাবে পৃথককৈ পাত ৰখা হয় । তথাপি বয়োজ্যেষ্ঠ বান্দৰবোৰে তেতিয়াও ধেমালিৰ চলেৰে সৰুবোৰক দূৰলৈ খেদি পঠিয়ায় যাতে শৃংখলা অটুট থাকে । এই বিশেষ অতিথিসকলৰ মাজত পায়স আৰু পকা কল অতি পছন্দৰ হোৱা পৰিলক্ষিত হয় । খাদ্য খাই, নিজৰ মাজত যুঁজ-বাগৰ কৰি আৰু খাদ্যৰ জুতি লৈ এই বানৰ সেনাই প্ৰায় দুঘণ্টা সময় নিজৰ নিমন্ত্ৰণ অতি আনন্দৰে উপভোগ কৰে ।

৫৩ বছৰীয়া প্ৰেমৰ উত্তৰাধিকাৰ

এই হৃদয়স্পৰ্শী উথ্ৰাডম ভোজৰ পৃষ্ঠপোষকতা কৰে স্থানীয় ভক্ত এম পি অৰবিন্দাক্ষন পিল্লায়ে । "প্ৰায় ৫৩ বছৰ ধৰি আমি অবিৰতভাৱে এই ভোজৰ আয়োজন কৰি আহিছোঁ । কেইবা দশক পূৰ্বে যেতিয়া বান্দৰবোৰ খাদ্যৰ ভয়াৱহ নাটনিৰ সন্মুখীন হৈছিল, তেতিয়া মই সিহঁতক খুৱাবলৈ গভীৰভাৱে অনুপ্ৰাণিত অনুভৱ কৰিছিলোঁ । তেতিয়াৰে পৰাই সিহঁতক ওনাম সাধ্যা পৰিবেশন কৰি এক অতুলনীয় আনন্দ আৰু আধ্যাত্মিক সন্তুষ্টি লাভ কৰি আহিছোঁ ।" পিল্লায়ে ইটিভি ভাৰতৰ আগত কয় ।

ৰামায়ণৰ কথাৰে জড়িত পৰম্পৰা

এই অনন্য অনুষ্ঠানটোৱে প্ৰতি বছৰে উথ্ৰাডম আৰু তিৰুভোনামৰ দিনত হাজাৰ হাজাৰ ভক্তক মন্দিৰটোলৈ আকৰ্ষণ কৰে । কেৰালাত এই পৰম্পৰা ৰামায়ণৰ কথাৰ সৈতে গভীৰভাৱে জড়িত হৈ আছে । কিয়নো এইটো বিশ্বাস কৰা হয় যে ভগৱান ৰামৰ বানৰ সেনাই দেৱী সীতাক বিচাৰি এই অঞ্চলটোৰ মাজেৰেই পাৰ হৈছিল ।

উৎসৱৰ বতৰত কেৰালাৰ আন আন জিলাসমূহতো একেধৰণৰ হৃদয়স্পৰ্শী দৃশ্য দেখা যায় । কন্নীৰ (পাথানমাতিট্টা) শ্ৰী কল্লেলি ওৰালি আপুপ্পন কাভু আৰু এড়ায়িলাক্কাড়ৰ (কাছাৰগোড়) পবিত্ৰ বাগিচাতো বান্দৰৰ বাবে বিশেষ ভোজ অনুষ্ঠিত হয় । ই প্ৰমাণ কৰে যে ওনামৰ আত্মাই প্ৰকৃতিৰ সকলো সৃষ্টিকে সামৰি লৈছে ।

লগতে পঢ়ক :অৱসৰৰ পিছতো ব্লেকব'ৰ্ড-শিক্ষাৰ্থীৰ মাজত ব্য়স্ত এগৰাকী শিক্ষয়িত্ৰী
লগতে পঢ়ক :ভিক্ষা কৰি ৮.৪০ লাখ টকা জমা ! মৃত্যুৰ পিছত পোহৰলৈ আহিল নুৰৰ গোপন সঞ্চয়