ETV Bharat / bharat

ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষত জ্বলি উঠিল যাত্ৰীবাহী এখন বাছ; জীৱন্তে অগ্নিদগ্ধ বহু যাত্ৰী

কৰ্ণাটকত শোকাৱহ পথ দুৰ্ঘটনা । যাত্ৰীবাহী বাছৰ সৈতে ট্ৰাকৰ সংঘৰ্ষ ৷ ৩০ ৰো অধিক যাত্ৰী আছিল বাছখনত । মৃত্যুৰ সংখ্যা এতিয়াও নিশ্চিত নহয় ।

Bus Truck collision
কৰ্ণাটকত শোকাৱহ পথ দুৰ্ঘটনা (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : December 25, 2025 at 8:44 AM IST

|

Updated : December 25, 2025 at 8:57 AM IST

2 Min Read
Choose ETV Bharat

চিত্ৰদুৰ্গ (কৰ্ণাটক) : দেশৰ বিভিন্ন প্ৰান্তত বৰদিনক লৈ ব্যাপক উছাহ দেখা গৈছে । খ্ৰীষ্টান ধৰ্মৰ লোকসকলে বৰদিন উদযাপনৰ প্ৰস্তুতি চলাই আছে । তাৰ মাজতে কৰ্ণাটকত শোকাৱহ পথ দুৰ্ঘটনা । এখন ব্যক্তিগত বাছৰ সৈতে মুখামুখি সংঘৰ্ষ ট্ৰাকৰ । দুৰ্ঘটনাৰ পিছতে জ্বলি উঠে বাছখন । ফলত বহু যাত্ৰীৰ মৃত্যু হয় ।

জানিব পৰা মতে যাত্ৰীভৰ্তি বাছখন বেংগালুৰুৰ পৰা শিৱমোগ্গালৈ গৈ আছিল । হিৰিউৰ গোৰ্লাট্টু ক্ৰছৰ জাভানাগোন্দাহল্লীত পুৱতি নিশা সংঘটিত হয় এই মৰ্মান্তিক পথ দুৰ্ঘটনাটো ।

কৰ্ণাটকত শোকাৱহ পথ দুৰ্ঘটনা (ETV Bharat)

জানিব পৰা মতে, পুৱতি নিশা প্ৰায় ৩ বজাত এই দুৰ্ঘটনাটো সংঘটিত হয় । প্ৰশাসনৰ বিষয়াসকলে জনোৱা মতে এই দুৰ্ঘটনাত ট্ৰাকখনৰ চালককে ধৰি ১০ জনতকৈও অধিক যাত্ৰীৰ মৃত্যু হৈছে । দুৰ্ঘটনাৰ খবৰ পোৱাৰ লগে লগে অগ্নিনিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে । জানিব পৰা মতে দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত বাছখনত ৩০ গৰাকী যাত্ৰী আছিল ।

দুৰ্ঘটনাটো সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত অতিৰিক্ত জিলা দণ্ডাধীশ কুমাৰস্বামী বি.টিয়ে কয়, "বেংগালুৰুৰ পৰা গোকৰ্ণা অভিমুখে গৈ থকা এখন বাছ নিশা দুৰ্ঘটনাত পতিতি হয় । বিপৰীত দিশৰ পৰা অহা এখন ট্ৰাকে বাছখনত খুন্দা মৰাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয় । ট্ৰাকখনৰ চালক নিহত হৈছে । মৃতদেহটো চিকিৎসালয়ৰ মৰ্গলৈ প্ৰেৰণ কৰা হৈছে । ইফালে বৃদ্ধকে ধৰি ১২ গৰাকী আহত যাত্ৰীক চৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰা হৈছে ।

৯ গৰাকী যাত্ৰীক টুমকুৰু চৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । খবৰ অনুসৰি বাছখনত ৩০ জনতকৈ অধিক যাত্ৰী আছিল । ট্ৰাক চালকৰ গাফিলতিৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হয় । মৃতদেহবোৰ চিনাক্তকৰণৰ কাম চলি আছে । কিমান গৰাকী লোকৰ মৃত্যু হৈছে চিনাক্ত হোৱাৰ পিছতহে জানিব পৰা যাব ।"

লগতে পঢ়ক :আৰক্ষী-বিজেপি সমৰ্থকৰ মাজত হতাহতি, হিন্দু বাংলাদেশী যুৱকৰ হত্যাক লৈ অস্থিৰ পশ্চিমবংগ

Last Updated : December 25, 2025 at 8:57 AM IST