ETV Bharat / bharat

ৰে’ল চলি থাকোতেই হঠাৎ অসুস্থ চালক আৰু তাৰ পিছত...

ৰে’লখনত থকা যাত্ৰীসকল যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিল ৷ প্ৰায় ৪৫ মিনিট সময়ৰ পিছতহে তেওঁলোক গন্তব্যস্থানত উপস্থিত হয় ৷

CHEST PAIN TO LOCO PILOT
অৱদী ষ্টেচনত সংঘটিত হৈছিল এই আকস্মিক ঘটনা (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : July 7, 2026 at 5:40 PM IST

2 Min Read
Choose ETV Bharat

চেন্নাই(তামিলনাডু): আনদিনাৰ দৰেই সময়মতে চলিছিল ৰে’লখন ৷ কিন্তু আদবাটতে সংঘটিত হ’ল এনে এক ঘটনা, যাৰ বাবে যাত্ৰীসকলে নিৰ্দিষ্ট স্থান গৈ পাওতে বাৰুকৈয়ে পলম হ’ল ৷

এই ঘটনা সংঘটিত হৈছে জোলাৰপেট্টাই এক্সপ্ৰেছত ৷ ৰে’লগাড়ীখনৰ লোকো পাইলটে হঠাতে বুকুৰ বিষ অনুভৱ কৰাত এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয় আৰু ৰে’লখন অৱদী ষ্টেচনত ৰখাবলৈ বাধ্য হয় ৷ ফলস্বৰূপে যাত্ৰীসকলে নতুন লোকো পাইলট অহালৈ অপেক্ষা কৰিবলগীয়া হোৱাত প্ৰায় ৪৫ মিনিট ধৰি অসুবিধাৰ সন্মুখীন হয় ।

উল্লেখ্য যে, চেন্নাই আৰু জোলাৰপেট্টাইৰ মাজত দৈনিক ভিত্তিত চলাচল কৰে জোলাৰপেট্টাই এক্সপ্ৰেছ(১৬০৮৯ নং ৰে’ল) ৷ একেদৰে ১৬০৯০নং ৰে’লখন নিতৌ জোলাৰপেট্টাইৰ পৰা চেন্নাইলৈ উভতি আহে ৷ নিয়মীয়া সময়সূচী অনুসৰি সোমবাৰে সন্ধিয়া চেন্নাই কেন্দ্ৰীয় ৰে’ল ষ্টেচনৰ পৰা জোলাৰপেট্টাই অভিমুখে ৰাওনা হৈছিল এক্সপ্ৰেছ ৰে’লগাড়ীখন ৷

কিন্তু ৰে’লখন অৱদী ষ্টেচন পোৱাৰ লগে লগে ৰে’লখন চলাই থকা লোকো পাইলটজনে হঠাতে বুকুৰ বিষ অনুভৱ কৰি অসুস্থ হৈ পৰে । ৰে’লখনত থকা যাত্ৰীসকলৰ সুৰক্ষা আৰু নিজৰ স্বাস্থ্যৰ কথা ভাবি ষ্টেচনটোত ৰে’লখন ৰখাই দিয়ে । মুহূৰ্ততে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় আৰু বিষয়টো ৰে’ল বিভাগৰ কণ্ট্ৰ’ল ৰূমত অৱগত কৰা হয় ।

ঘটনাস্থলীত উপস্থিত হোৱা ৰে’ল কৰ্মচাৰীয়ে লগে লগে পাইলটগৰাকীক প্ৰাথমিক চিকিৎসা প্ৰদান কৰে ৷ পৰৱৰ্তী সময়ত তেওঁক ষ্টেচনটোৰ সমীপতে থকা ব্যক্তিগত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ।

আনহাতে, দৈনন্দিন ভিত্তিত চলাচল কৰা ৰে’ল এখন হঠাতে অৱদী ৰে’ল ষ্টেচনত দীৰ্ঘসময় ধৰি ৰৈ যোৱাত যাত্ৰীসকল বিমোৰত পৰে । প্ৰথমাৱস্থাত ইঞ্জিনত কোনো বিসংগতি হোৱা বুলি তেওঁলোকে অনুমান কৰে যদিও পৰৱৰ্তী সময়ত পাইলটগৰাকী অসুস্থ হোৱাৰ কথাটো জানিব পাৰে ৷

অৱশ্যে ততাতৈয়াকৈ ৰে’ল প্ৰশাসনে আন এগৰাকী লোকো পাইলটৰ ব্যৱস্থা কৰে । কিন্তু তেওঁক আহিবলৈ প্ৰায় ৪৫ মিনিটতকৈও অধিক সময়ৰ প্ৰয়োজন হয় ৷ আনগৰাকী লোকো পাইলটে অৱদী ৰে’ল ষ্টেচন পোৱাৰ পিছত জোলাৰপেট্টাই এক্সপ্ৰেছখনে জোলাৰপেট্টাই অভিমুখে ৰাওনা হয় । কিন্তু ইয়াৰ দ্বাৰা বহু যাত্ৰী যথেষ্ট অসুবিধাৰ সন্মুখীন হয় ৷

ৰে’ল বিভাগৰ শীৰ্ষ বিষয়াসকলে এই অভাৱনীয় ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে ৷ তেওঁলোকে লোকো পাইলটগৰাকীৰ বৰ্তমানৰ স্বাস্থ্যৰ অৱস্থাৰ খবৰ লয় ৷ তদুপৰি বিকল্প ব্যৱস্থা গ্ৰহণ কৰাত বিভাগটোৰ কিয় পলম হ’ল, তাৰ কাৰণসমূহ বিবেচনা কৰি চায় ৷

লগতে পঢ়ক: ২০০ বছৰীয়া এক পৰম্পৰা মাথোঁ দুঃস্বপ্নহে নেকি ? দুৰ্ভাগ্যৰ আশংকাত বীজ সিঁচাৰ পৰা বিৰত কৃষক সমাজ