দলত্যাগৰ এদিন পিছতে প্ৰাক্তন বিধায়ক আৰাবুল ইছলামৰ বাহনত আক্ৰমণ
বাহনক লক্ষ্য কৰি ইটা আৰু বোমা নিক্ষেপ । বাহনৰ কিছু ক্ষতি হৈছে যদিও নেতাগৰাকী সুৰক্ষিত ।

Published : August 23, 2026 at 3:10 PM IST
ভাংগাৰ (পশ্চিমবংগ): তৃণমূল কংগ্ৰেছৰ প্ৰাক্তন বিধায়ক তথা ইণ্ডিয়ান চেকুলাৰ ফ্ৰণ্টৰ প্ৰাক্তন নেতা আৰাবুল ইছলামৰ বাহনত শনিবাৰে নিশা দুষ্কৃতিকাৰীয়ে আক্ৰমণ কৰে । পশ্চিমবংগৰ দক্ষিণ ২৪ পৰগনাৰ ভাংগাৰত ঘৰলৈ উভতি আহি থকাৰ সময়তে নেতাগৰাকীৰ বাহনত আক্ৰমণৰ ঘটনা সংঘটিত হয় ।
শুকুৰবাৰে ইছলামে আইএছএফ দল ত্যাগ কৰিছিল । এদিন পিছত সংঘটিত এই ঘটনাৰ বাবে তেওঁ আইএছএফৰ বিধায়ক নৌছাদ ছিদ্দিকক জগৰীয়া কৰিছে । অৱশ্যে এতিয়ালৈকে আইএছএফৰ পৰা কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা হোৱা নাই ।
অভিযোগ অনুসৰি পোলেৰহাট থানাৰ অন্তৰ্গত উৰিয়াপাৰা অঞ্চলত তেওঁৰ বাহনলৈ লক্ষ্য কৰি ইটা আৰু বোমা নিক্ষেপ কৰা হয় । আৰবুলে দাবী কৰে যে প্ৰথমে তেওঁৰ বাহন ইটা নিক্ষেপ কৰা হৈছিল আৰু তাৰ পিছত দুটাকৈ বোমা নিক্ষেপ কৰা হয় । এটা বোমা বাহনখন অতিক্ৰম কৰি পথত বিস্ফোৰণ হয় ।
এই আক্ৰমণৰ ফলত বাহনখনৰ খিৰিকী ভাঙি যায় । অৱশ্যে লগে লগে চালকে তীব্ৰবেগেৰ বাহনখন চলাই আৰু কোনোমতে তেওঁৰ জীৱন ৰক্ষা পৰে বুলি আৰাবুলে দাবী কৰিছে । জানিব পৰা মতে, ঘটনাটোত আৰাবুল বা তেওঁৰ সহযোগীসকলে আঘাত পোৱা নাই । কিন্তু ঘটনাটোক লৈ অঞ্চলটোত তীব্ৰ আতংকৰ সৃষ্টি হৈছে ।
আৰাবুলে অভিযোগ কৰিছে যে আইএছএফৰ একাংশ কৰ্মীয়ে আন্ধাৰৰ সুযোগ লৈ তেওঁৰ বাহনত আক্ৰমণ কৰিছে । তেওঁ দাবী কৰিছে যে দলত্যাগৰ পিছৰে পৰা তেওঁক লক্ষ্য কৰি লোৱা হৈছে । আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে যদিও এতিয়ালৈ ঘটনাৰে জড়িত লোকৰ সন্ধান লাভ কৰা নাই । জানিব পৰা মতে আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ অনুসন্ধান আৰম্ভ কৰিছে । আৰক্ষীয়ে অঞ্চলটোৰ চিচিটিভি ফুটেজো পৰীক্ষা কৰি আছে ।
আৰক্ষীয়ে জনোৱা মতে এই আক্ৰমণৰ আঁৰত কোন আছিল আৰু ইয়াৰ আঁৰৰ উদ্দেশ্য জানিবলৈ তদন্ত অব্যাহত ৰখা হৈছে । এই ঘটনা সন্দৰ্ভত এতিয়ালৈকে কোনো লোকক আটক বা গ্ৰেপ্তাৰ কৰা হোৱা নাই বুলিও আৰক্ষীয়ে জনাইছে । উল্লেখ্য যে আইএছএফৰ নেতৃত্বক একনায়কত্ববাদী আৰু স্বৈৰাচাৰী বুলি অভিযোগ উত্থাপন শুকুৰবাৰে সামাজিক মাধ্যমৰ জৰিয়তে আৰাবুলে দলত্যাগৰ ঘোষণা কৰে । ভাংগাৰত আইএছএফৰ একাংশ কৰ্মীয়ে সাধাৰণ নাগৰিকক অত্যাচাৰ কৰাৰো তেওঁ অভিযোগ উত্থাপন কৰে । এই কাৰ্যৰ প্ৰতিবাদতে তেওঁ দল ত্যাগ কৰাৰ সিদ্ধান্ত লোৱা বুলি কয় ।
উল্লেখ্য যে বিগত বিধানসভা নিৰ্বাচনৰ পূৰ্বে আৰাবুলে টিএমচি এৰি আইএছএফত যোগদান কৰিছিল । দীৰ্ঘদিন ধৰি ভাংগাৰৰ টিএমচিৰ ৰাজনীতিত তেওঁ চৰ্চিত মুখ আছিল আৰু স্থানীয় ৰাজনীতিত যথেষ্ট প্ৰভাৱ পেলাইছিল । পিছলৈ দলৰ আভ্যন্তৰীণ সংঘাত আৰু স্থানীয় নেতৃত্বৰ সৈতে মতানৈক্যৰ বাবে তেওঁৰ টিএমচিৰে বিভাজনৰ সৃষ্টি হয় আৰু তাৰ পিছত তেওঁ আইএছএফত যোগদান কৰে ।
বিধানসভা নিৰ্বাচনত আইএছএফে তেওঁক কেনিং পশ্চিম সমষ্টিৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছিল যদিও তেওঁ পৰাজিত হয় । ইয়াৰ পিছতে তেওঁৰ আৰু আইএছএফৰ নেতৃত্বৰ মাজত ক্ৰমবৰ্ধমান দূৰত্বৰ বিষয়ে ৰাজনৈতিক মহলে আলোচনা কৰিবলৈ আৰম্ভ কৰে । দলীয় কাৰ্যসূচীতো তেওঁক সক্ৰিয় দেখা যোৱা নাছিল । অৱশেষত নেতৃত্বৰ বিৰুদ্ধে একাধিক অভিযোগ উত্থাপন কৰি তেওঁ দলৰ পৰা আঁতৰি যোৱাৰ কথা ঘোষণা কৰে ।
ইয়াৰ পূৰ্বেও নিৰ্বাচনৰ সময়ত তেওঁৰ বাহনত আক্ৰমণ হৈছিল । বিধানসভা নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰি উভতি অহাৰ সময়তে আৰাবুলৰ বাহনত আক্ৰমণ হৈছিল । সেই সময়ত ইটা নিক্ষেপ কৰাৰ লগতে দলীয় কৰ্মীৰ ওপৰতো আক্ৰমণৰ খবৰ পোহৰলৈ আহিছিল । পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষী আৰু কেন্দ্ৰীয় বাহিনীও মোতায়েন কৰিবলগীয়া হৈছিল । পুনৰ এবাৰ নেতাগৰাকীৰ বাহনত এনেদৰে আক্ৰমণ হোৱাত এতিয়া সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।
লগতে পঢ়ক :
বিজেপিত 'জেন জি' জিন্দাবাদ: নৱগঠিত 'জেন জি' সমিতিৰ সৈতে নীতিন নবীনৰ প্ৰথম বৈঠক

