ETV Bharat / bharat

সংবিধান গ্ৰহণৰ ৭৬ বছৰ সম্পূৰ্ণ; নাগৰিকক কৰ্তব্য পালন কৰিবলৈ আহ্বান জনাই প্ৰধানমন্ত্ৰীয়ে লিখিলে পত্ৰ

১৯৪৯ চনৰ ২৬ নৱেম্বৰত সংবিধান সভাই ভাৰতীয় সংবিধান গৃহীত কৰে ৷ যিখন সংবিধান ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পৰা বলৱৎ হয় ।

SAMVIDHAN DIVAS
চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত নতুন দিল্লীৰ বিশ্ব গ্ৰন্থমেলাত প্ৰদৰ্শিত ভাৰতৰ সংবিধানৰ প্ৰতিলিপি (ANI)
author img

By ETV Bharat Assamese Team

Published : November 26, 2025 at 5:09 PM IST

5 Min Read
Choose ETV Bharat

নতুন দিল্লী: আজি সংবিধান দিৱস ৷ দেশৰ সংবিধান গৃহীত হোৱাৰ ৭৬ বছৰ সম্পূৰ্ণ হোৱাৰ এই ক্ষণত ৰাষ্ট্ৰই পালন কৰিছে সংবিধান দিৱস ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ নাগৰিকসকললৈ পত্ৰযোগে সাংবিধানিক কৰ্তব্য পালন কৰিবলৈ আহ্বান জনাই কয় যে এই কৰ্তব্যসমূহেই হৈছে এক শক্তিশালী গণতন্ত্ৰৰ ভেটি ।

প্ৰধানমন্ত্ৰীয়ে ১৯৪৯ চনত গৃহীত হোৱা সংবিধানৰ ঐতিহাসিক মুহূৰ্তৰ কথা সুঁৱৰি জাতিটোৰ প্ৰগতিৰ ক্ষেত্ৰত ইয়াৰ চিৰস্থায়ী ভূমিকাক আলোকপাত কৰে । সংবিধানে অগণন নাগৰিকক সপোন দেখাৰ ক্ষমতা আৰু সেই সপোন বাস্তৱায়িত কৰাৰ শক্তি প্ৰদান কৰা বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে দৃঢ়ভাৱে কয় ।

চমু ইতিহাস

সংবিধান গৃহীত হোৱা দিনটোৰ সৈতে সংগতি ৰাখি প্ৰতিবছৰে ২৬ নৱেম্বৰৰ দিনটো সমগ্ৰ ভাৰতবৰ্ষতে সংবিধান দিৱস হিচাপে পালন কৰা হয় । ১৯৪৯ চনৰ ২৬ নৱেম্বৰত সংবিধান সভাই ভাৰতীয় সংবিধান গৃহীত কৰে ৷ যিখন সংবিধান ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পৰা বলৱৎ হয় ।

নাগৰিকৰ মাজত সাংবিধানিক মূল্যবোধৰ প্ৰসাৰৰ বাবে ভাৰত চৰকাৰে প্ৰতি বছৰে ২৬ নৱেম্বৰ দিনটো ‘সংবিধান দিৱস’ হিচাপে উদযাপন কৰাৰ সিদ্ধান্তক ২০১৫ চনৰ ১৯ ​​নৱেম্বৰত সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়ে অৱগত কৰে ।

কৰ্তব্য পালনৰ পৰাই অধিকাৰৰ সৃষ্টি হয়

প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ পত্ৰত মহাত্মা গান্ধীৰ বিশ্বাসৰ কথা সোঁৱৰাই দি লিখে যে কৰ্তব্য পালনৰ জৰিয়তে অধিকাৰ লাভ কৰিব পাৰি । কৰ্তব্য পালন সামাজিক আৰু অৰ্থনৈতিক প্ৰগতিৰ ভিত্তি বুলিও তেওঁ কয় ৷

আজি গ্ৰহণ কৰা নীতি আৰু সিদ্ধান্তই আগন্তুক প্ৰজন্মৰ জীৱন গঢ় দিব বুলি দাবী কৰি ভাৰতে বিকশিত ভাৰতৰ দৃষ্টিভংগীৰ দিশে আগবঢ়াৰ সময়তে নাগৰিকসকলক নিজৰ কৰ্তব্যক অগ্ৰাধিকাৰ দিবলৈ আহ্বান জনায় ৷

এক্সত এক পোষ্টত প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘‘আমাৰ সংবিধানে মানৱ মৰ্যাদা, সমতা আৰু স্বাধীনতাক সৰ্বোচ্চ গুৰুত্ব দিয়ে । ই আমাক অধিকাৰৰ সৈতে শক্তিশালী কৰে, লগতে নাগৰিক হিচাপে আমাৰ কৰ্তব্যৰ কথাও সোঁৱৰাই দিয়ে, যিটো আমি পালন কৰিবলৈ সদায় চেষ্টা কৰিব লাগিব । এই কৰ্তব্যসমূহেই হৈছে এক শক্তিশালী গণতন্ত্ৰৰ ভেটি । সংবিধান প্ৰণয়নকাৰীসকলকো তেওঁ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।’’

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে তেওঁলোকৰ দৃষ্টিভংগী আৰু দূৰদৰ্শিতাই আমাক এখন বিকশিত ভাৰত গঢ়ি তোলাৰ বাবে অনুপ্ৰাণিত কৰি আহিছে । প্ৰধানমন্ত্ৰীগৰাকীয়ে নিজৰ পত্ৰত সংবিধান ২০১৮ ৰ ৬০ বছৰীয়া জয়ন্তীৰ সময়ত গুজৰাটত আয়োজন কৰা সংবিধান গৌৰৱ যাত্ৰাৰ কথা উল্লেখ কৰে । সংসদৰ বিশেষ অধিৱেশন আৰু ৭৫ বছৰীয়া জয়ন্তী উপলক্ষে অনুষ্ঠিত হোৱা দেশজোৰা কাৰ্যসূচীৰ দৰে গুৰুত্বপূৰ্ণ অনুষ্ঠানৰ কথাও প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে, য’ত অভিলেখ সৃষ্টিকাৰী জনসাধাৰণৰ অংশগ্ৰহণ আছিল ।

চৰ্দাৰ বল্লভভাই পেটেল আৰু ভগৱান বীৰছা মুণ্ডাৰ ১৫০ বছৰীয়া জন্মজয়ন্তী, বন্দে মাতৰমৰ ১৫০ বছৰীয়া জয়ন্তী আৰু শ্ৰীগুৰু টেগ বাহাদুৰজীৰ ৩৫০ সংখ্যক মৃত্যু বাৰ্ষিকীৰ লগত সংগতি ৰাখি প্ৰধানমন্ত্ৰীয়ে এইবাৰৰ সংবিধান দিৱস পালনৰ ওপৰত গুৰুত্ব আৰোপ কৰে । প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এই ব্যক্তিত্ব আৰু মাইলৰ খুঁটিবোৰে সংবিধানৰ ৫১(ক) অনুচ্ছেদত সন্নিৱিষ্ট আমাৰ কৰ্তব্যৰ প্ৰাধান্যৰ কথা আমাক সোঁৱৰাই দিয়ে ।

ভোটাধিকাৰ সাব্যস্ত কৰি গণতন্ত্ৰক শক্তিশালী কৰাৰ দায়িত্বৰ ওপৰতো গুৰুত্ব আৰোপ কৰি বিদ্যালয়-মহাবিদ্যালয়সমূহে ১৮ বছৰ বয়স সম্পূৰ্ণ কৰা প্ৰথমবাৰৰ বাবে ভোটদান কৰাসকলক সম্বৰ্ধনা জনাই সংবিধান দিৱস উদযাপন কৰিবলৈ পৰামৰ্শ আগবঢ়ায় ।

পত্ৰৰ সামৰণিত প্ৰধানমন্ত্ৰী মোদীয়ে নাগৰিকসকলক এই মহান জাতিটোৰ নাগৰিক হিচাপে নিজৰ কৰ্তব্য পালন কৰাৰ প্ৰতিশ্ৰুতি পুনৰ দৃঢ় কৰিবলৈ আহ্বান জনায়, যিয়ে এখন উন্নত আৰু শক্তিশালী ভাৰত গঢ়াত অৰ্থপূৰ্ণ অৰিহণা যোগাব ।

সংবিধান সদনত মূল অনুষ্ঠান

নতুন দিল্লীৰ সংবিধান ভৱনৰ কেন্দ্ৰীয় প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’বলগীয়া ‘সংবিধান দিৱস’ৰ মূল অনুষ্ঠানত অংশগ্ৰহণ কৰিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু, উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন, প্ৰধানমন্ত্ৰী মোদী আৰু লোকসভাৰ অধ্যক্ষ ওম বিৰলা আদিয়ে ৷ পুৰণি সংসদ ভৱনৰ ঐতিহাসিক কেন্দ্ৰীয় প্ৰেক্ষাগৃহত সংবিধান দিৱস উদযাপনৰ নেতৃত্ব দিব ৰাষ্ট্ৰপতি মুৰ্মুৱে ।

সংবিধান ৰক্ষা কৰাটো মোৰ কৰ্তব্য: ৰাহুল গান্ধী

লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে আজিৰ দিনটোত দিয়া বাৰ্তাত কয় যে সংবিধান যেতিয়ালৈকে সুৰক্ষিত, তেতিয়ালৈকে প্ৰতিজন ভাৰতীয়ৰ অধিকাৰ সুৰক্ষিত ।

গান্ধীয়ে এক্সত প্ৰকাশিত এটা পোষ্টত কয়, ‘‘ভাৰতৰ সংবিধান কেৱল এখন কিতাপ নহয়; ই দেশৰ প্ৰতিজন নাগৰিকক দিয়া এক পবিত্ৰ প্ৰতিশ্ৰুতি ৷’’

তেওঁ কয়, ‘‘যি ধৰ্ম বা জাতিৰেই নহওক কিয়, যি অঞ্চলৰ পৰাই নহওক কিয়, যি ভাষাত নকওক কিয়, দুখীয়া হওক বা ধনী হওক, সমতা, সন্মান আৰু ন্যায় লাভ কৰিব বুলি প্ৰতিশ্ৰুতি দিয়া হৈছে । সংবিধান হৈছে দুখীয়া আৰু বঞ্চিতসকলৰ সুৰক্ষা কবচ, তেওঁলোকৰ শক্তি আৰু প্ৰতিজন নাগৰিকৰ কণ্ঠ । সংবিধান সুৰক্ষিত হৈ থকালৈকে প্ৰতিজন ভাৰতীয়ৰ অধিকাৰ সুৰক্ষিত ।’’

গান্ধীয়ে লগতে কয়, ‘‘আমি সংবিধানৰ ওপৰত কোনো ধৰণৰ আক্ৰমণৰ অনুমতি নিদিওঁ বুলি সংকল্প লওঁ আহক । ইয়াক সুৰক্ষা দিয়াটো মোৰ কৰ্তব্য আৰু ইয়াৰ ওপৰত যিকোনো আক্ৰমণৰ বিৰুদ্ধে মই প্ৰথমে থিয় দিম । সংবিধান দিৱসত আপোনালোক সকলোলৈকে আন্তৰিক শুভেচ্ছা । জয় হিন্দ, জয় সংবিধান ।’’

লগতে পঢ়ক: মুম্বাইৰ 26/11 ৰ বিভীষিকা: ৰাষ্ট্ৰপতিৰ শ্ৰদ্ধাঞ্জলি, ভাৰতৰ সন্ত্ৰাসবাদ বিৰোধী অভিযানত বিশ্বই নজৰ ৰখাৰ দাবী গৃহমন্ত্ৰীৰ