ETV Bharat / bharat

৫মহলীয়া অট্টালিকা ভাঙি দুজনৰ মৃত্যু, আহতসকলক হাস্পতালত ভৰ্তি, মৃতকৰ সংখ্যা বৃদ্ধিৰ আশংকা

ভাঙি পৰিল অট্টালিকা ৷ চাৰিওফালে লাগি গ’ল হাহাকাৰ ৷ কেবাজনো লোকৰ মৃত্যু হোৱাৰ লগতে এতিয়াও ধ্বংসস্তূপতৰ মাজত বহু লোক আবদ্ধ হৈ থকাৰ সন্দেহ ৷

A 5-storey building collapses in Delhi's Mehrauli
ভাঙি পৰিল অট্টালিকা (Etv Bharat)
author img

By ETV Bharat Assamese Team

Published : May 31, 2026 at 4:45 PM IST

3 Min Read
Choose ETV Bharat

নতুন দিল্লী : আকৌ অঘটন ৷ শনিবাৰে বিয়লি দক্ষিণ দিল্লীৰ সাকেট মেট্ৰ’ ষ্টেচনৰ সমীপত এটা পাঁচ মহলীয়া বাণিজ্যিক ভৱন ভাঙি পৰে ৷ যাৰ ফলত কেবাজনো লোকৰ মৃত্যু হয় ৷ দেওবাৰে এগৰাকী বিষয়াই উল্লেখ কৰা মতে, এই দুৰ্ঘটনাত ইতিমধ্যে চাৰিজন লোকৰ মৃত্যু হৈছে ৷ বাতৰি লিখা পৰলৈকে অব্যাহত আছে উদ্ধাৰ অভিযান ৷

শেহতীয়া তথ্য অনুসৰি, মুঠ ১০ জন লোকক AIIMS ট্ৰমা চেণ্টাৰত ভৰ্তি কৰোৱা হৈছে । ইয়াৰে দুজনৰ মৃত্যু হোৱাৰ বিপৰীতে আন দুজনৰ অৱস্থা সংকটজনক অৱস্থাত আছে । বাকী ৬ জনৰ অৱস্থা সম্প্ৰতি সুস্থিৰ বিলি জানিব পৰা গৈছে ।

এগৰাকী আৰক্ষী বিষয়াই জনোৱা মতে, শনিবাৰে নিশা প্ৰায় ৭.৪৪ বজাত সাকেট মেট্ৰ’ ষ্টেচনৰ সমীপৰ চাইদুলাজাব অঞ্চলৰ পশ্চিম মাৰ্গত থকা এটা অট্টালিকা ভাঙি পৰে ৷ এটা কোচিং ইনষ্টিটিউট, কেফে আৰু কাৰ্যালয় থকা এই অট্টালিকাটো উক্ত সময়ত তৃতীয় মহলাত নিৰ্মাণৰ কাম চলি আছিল ৷

এগৰাকী আৰক্ষী বিষয়াৰ উদ্ধৃতি দি সংবাদ সংস্থা PTI-এ উল্লেখ কৰে যে দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই ঘটনাস্থলী পৰিদৰ্শন কৰে ৷ লগতে তেওঁ চলি থকা সাহায্য আৰু উদ্ধাৰ অভিযানৰ পৰ্যালোচনা কৰে । দিল্লীৰ মুখ্যমন্ত্ৰী কাৰ্যালয়য়ে ছ’চিয়েল মিডিয়া এটা পোষ্ট কৰি কয়, অট্টালিকা ভাঙি পৰা ঘটনা সন্দৰ্ভত অপৰাধমূলক গোচৰ পঞ্জীয়ন কৰাৰ লগতে দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিয়া হৈছে ।

উক্ত ঘটনা সন্দৰ্ভত দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই এটা টুইটত কয়, "সাকেট মেট্ৰ' ষ্টেচনৰ সমীপত অট্টালিকা ভাঙি পৰাত ঘটনাক লৈ মই গভীৰ চিন্তাত পৰিছো ৷ NDRF, দিল্লী অগ্নিনিৰ্বাপক সেৱা, দিল্লী আৰক্ষী, DDMA, MCD, CATS আৰু অসামৰিক প্ৰতিৰক্ষাৰ দলে যুদ্ধকালিনভাৱে উদ্ধাৰ অভিযান চলাই আছে । ধ্বংসস্তূপতৰ মাজত আবদ্ধ হৈ থকা সকলক নিৰাপদে উলিয়াই আনিবলৈ পাৰ্যমানে চেষ্টা চলাই থকা হৈছে ৷’’

ইফালে এজন প্ৰত্যক্ষদৰ্শীয়ে কয়, "হয়তো এতিয়াও বহু লোক ইয়াত আবদ্ধ হৈ আছে । সম্ভৱত এই অট্টাল্লিকাটোত ৫ টা মহলা আছিল ৷ জানিব পৰা মতে, তিনিজন লোকক জীৱন্তে উদ্ধাৰ কৰা হৈছে ৷ মোৰ মাহী এতিয়াও ইয়াত আৱদ্ধ হৈ আছে ৷’’

খবৰ অনুসৰি, অগ্নিনিৰ্বাপক বাহিনীয়ে নিশা ৭:৪৫ বজাত এই দুৰ্ঘটনাটোৰ বিষয়ে তথ্য লাভ কৰে ৷ ইয়াৰ পাছতে অগ্নিনিৰ্বাপক বাহিনী আৰু উদ্ধাৰকাৰী দল ঘটনাস্থলীত উপস্থিত হৈ ক্ষীপ্ৰতাৰে উদ্ধাৰ অভিযান আৰম্ভ কৰে । এই দুৰ্ঘটনাটোৰ ফলত সমগ্ৰ অঞ্চলটোতে এক বিশৃংখলতাৰ সৃষ্টি হয় ।অট্টালিকাটো ভাঙি পৰাৰ লগে লগে ধূলিৰে গোটেই অঞ্চলটো আবৰি ধৰে ।

প্ৰত্যক্ষদৰ্শীৰ মতে, এই ঘটনাৰ খবৰ পোৱাৰ লগে লগে অগ্নিনিৰ্বাপক বাহিনী, আৰক্ষী আৰু অন্যান্য উদ্ধাৰকাৰী দল উক্ত স্থানত উপস্থিত হয় । উদ্ধাৰ অভিযানৰ কাম চলি আছে । অট্টালিকাটো কি কাৰণত ভাঙি পৰিল সেয়া এতিয়াও স্পষ্ট হোৱা নাই ।

লগতে পঢ়ক : দ খাৱৈত বাহন পৰি পৰ্যটকসহ নিহত ৮