১০ জুলাইৰ পৰা দিল্লীত মেঘালয় মাটিকঠাল মহোৎসৱ
তিনিদিনীয়া কাৰ্যসূচীৰে দিল্লীত অনুষ্ঠিত হ’ব মেঘালয় মাটিকঠাল মহোৎসৱ ৷

Published : July 9, 2026 at 2:33 PM IST
গুৱাহাটী : দেশৰ ৰাজধানী দিল্লীত অহা ১০ পৰা ১২ জুলাইলৈ তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব চতুৰ্থ সংখ্যক মেঘালয় মাটিকঠাল মহোৎসৱ । নতুন দিল্লীৰ বিখ্যাত ‘দিল্লী হাট’ত (Dilli Haat) মেঘালয় চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ বিভাগৰ উদ্যোগত এই বিশেষ মহোৎসৱৰ আয়োজন কৰা হৈছে ।
মেঘালয়ৰ আনাৰস ব্যতিক্ৰমী মিঠা সোৱাদ, কম আঁহযুক্ত ৰসাল অংশ আৰু উৎকৃষ্ট গুণগত মানৰ বাবে সমগ্ৰ বিশ্বতে বিখ্যাত । এই উৎসৱৰ মূল লক্ষ্য হৈছে ৰাজ্যখনৰ আনাৰস খেতিয়কসকলক পোনপটীয়াকৈ ৰাষ্ট্ৰীয় বজাৰ, ক্ৰেতা আৰু ব্যৱসায়ীসকলৰ সৈতে সংযোগ কৰি দিয়া । মেঘালয়ৰ এই উচ্চ গুণগতমানৰ আনাৰস বৰ্তমান ডুবাই আৰু ইউ এ ইলৈ ৰপ্তানি কৰা হয় ।

১০ জুলাইৰ মহোৎসৱৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে কেন্দ্ৰীয় ড’নাৰ (DoNER) আৰু যোগাযোগ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া আৰু সন্মানীয় অতিথি হিচাপে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমা উপস্থিত থাকিব ।

কৃষকৰ বজাৰ সহজ কৰাৰ উদ্দেশ্যে এই অনুষ্ঠানতে ‘ফ্লিপকাৰ্ট’ (Flipkart) আৰু ‘নেশ্বনেল ই-মাৰ্কেটছ লিমিটেড’ (NeML)ৰ সৈতে গুৰুত্বপূৰ্ণ চুক্তি স্বাক্ষৰ কৰা হ’ব । তিনিদিনীয়া এই উৎসৱত দিল্লীবাসীয়ে পোনপটীয়াকৈ কৃষকৰ পৰা সতেজ আনাৰস ক্ৰয় কৰাৰ লগতে ইয়াৰ সোৱাদ ল’ব পাৰিব ।
ইয়াৰ উপৰিও, মেঘালয়ৰ চহকী লোক-সংস্কৃতি আৰু সংগীতৰ সোৱাদ দিবলৈ ‘মেঘালয় গ্ৰাছৰুট মিউজিক প্ৰগ্ৰেম’ৰ শিল্পীসকলে ইয়াত বিশেষ সাংস্কৃতিক কাৰ্যসূচীও পৰিৱেশন কৰিব ।

উল্লেখ্য যে উৎসৱটোৰ জনপ্ৰিয়তাৰ সৈতে সংগতি ৰাখি মাটিকঠালৰ বিক্ৰীও দ্ৰুতগতিত বৃদ্ধি পাইছে । ২০২৩ চনত ৭.৭ মেট্ৰিক টন মাটিকঠাল বিক্ৰী হোৱাৰ বিপৰীতে ২০২৫ ত ইয়াৰ বিক্ৰীৰ হাৰ ১৫.৪ মেট্ৰিক টনলৈ বৃদ্ধি পায় ।

মুখ্যমন্ত্ৰী কনৰাড কে চাংমাৰ নেতৃত্বত ৰাজ্যখনৰ কৃষিখণ্ডক অৰ্থনৈতিক বিকাশৰ শক্তিশালী চালিকা শক্তি হিচাপে গঢ়ি তোলাৰ যি দৃষ্টিভংগী, এই উৎসৱ সেই লক্ষ্যৰেই অংশ । Vision@2032-ৰ অধীনত ৰাজ্য চৰকাৰে কৃষিখণ্ডত বজাৰ সম্প্ৰসাৰণ, মূল্য সংযোজন আৰু কৃষকৰ আয়বৃদ্ধিৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে ।

ইয়াৰ লগতে ২৯৫ কোটি টকাৰ 'মেঘালয় ষ্টেট অৰ্গেনিক মিছন'-ৰ জৰিয়তে ২০২৮ চনৰ ভিতৰত এক লাখ হেক্টৰ ভূমি জৈৱিক কৃষিৰ আওতালৈ অনাৰ লক্ষ্য স্থিৰ কৰা হৈছে । এই আঁচনিৰ জৰিয়তে ৯০ হাজাৰতকৈ অধিক কৃষক আৰু ৬০০ৰো অধিক সমবায় আৰু উৎপাদক গোট লাভান্বিত হ'ব । মাটিকঠাল এই মিছনৰ অন্যতম অগ্ৰাধিকাৰপ্ৰাপ্ত উদ্যানশস্য ।

